বিপদ বাঢ়িছে যোগগুৰু বাবা ৰামদেৱৰ

0 190

বিপদ বাঢ়িছে যোগগুৰু বাবা ৰামদেৱৰ। মঙলবাৰে নিজৰ কৃতকৰ্মৰ বাবে ক্ষমাপ্ৰাৰ্থনা বিচাৰি বাতৰি কাকতত দিয়া বিজ্ঞাপন নস্যাৎ কৰিলে উচ্চতম ন্যায়ালয়ে। শীঘ্ৰেই যথোচিত গুৰুত্ব সহকাৰে স্পষ্টীকৰণ প্ৰকাশ নকৰিলে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলি হুংকাৰ।

উচ্চতম ন্যায়ালয়ত ক্ষমা খুজিও ৰেহাই নাপালে ৰামদেৱে। ১০ লাখ টকাৰে ৬৭খন বাতৰি কাকতত পতঞ্জলিয়ে প্ৰকাশ কৰিছিল বিজ্ঞাপন। উৎপাদিত সামগ্ৰীৰ প্ৰকাশিত বিজ্ঞাপনত ভুৱা তথ্য দিয়াৰো অভিযোগ পতঞ্জলিৰ বিৰুদ্ধে। এল’পেথিয়ে সমাজত ভুল ধাৰণা বিয়পোৱাৰ বুলিও বিজ্ঞাপন পতঞ্জলিৰ। যোগগুৰু ৰামদেৱ, বালাকৃষ্ণৰ আবেদন নস্যাৎ কৰিছিল ন্যায়ালয়ে। এইবাৰ ক্ষমাপ্ৰাৰ্থনাৰ বিজ্ঞাপন নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে।

এল’পেথিৰ চিকিৎসা পদ্ধতিৰ বিৰুদ্ধে বিজ্ঞাপন দি আৰু পতঞ্জলিৰ সামগ্ৰীৰ গুণৰ ভুৱা প্ৰচাৰ কৰি বিপদত পৰিছে বাবা ৰামদেৱ। ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে পতঞ্জলিয়ে ভুৱা প্ৰচাৰ চলোৱা বুলি ন্যায়ালয়ত ৰামদেৱৰ বিৰুদ্ধে গোচৰ তৰিছিল। সৰ্বোচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত সকলো তথ্য চালি–জাৰি পতঞ্জলিয়ে বিজ্ঞাপনত ভুৱা প্ৰচাৰ চলাইছিল বুলি ৰায় দিছিল। ৰামদেৱ আৰু পতঞ্জলিৰ মুখ্য কাৰ্যবাহী বিষয়া বালাকৃষ্ণই আদালতত নিচৰ্ত ক্ষমাপ্ৰাৰ্থনা বিচৰাৰ পিছত আদালতে দুয়োকে পূৰ্বৰ বিজ্ঞাপনসমূহত উল্লিখিত তথ্যসমূহ ভুৱা আছিল বুলি সংবাদ মাধ্যমত নতুনকৈ বিজ্ঞাপন প্ৰকাশ কৰিবলৈ দিছিল।

মঙলবাৰে আদালতত ৰামদেৱৰ অধিবক্তা মুকুল ৰহাতগিয়ে জনাইছিল আৰ্জি। বিজ্ঞাপনৰ আকাৰ সৰু হোৱাৰ বাবে অসন্তুষ্ট উচ্চতম ন্যায়ালয়। ভুল স্বীকাৰ কৰি একে সমান জোখৰ বিজ্ঞাপন দিবলৈ নিৰ্দেশ SCৰ। ৭ দিনৰ সময়সীমা দি বৃহৎ পৰিসৰৰ বিজ্ঞাপন প্ৰকাশৰ নিৰ্দেশ। ন্যায়ালয়ৰ ওচৰত ক্ষমাপ্ৰাৰ্থনাৰ আৰ্জি নাকচ কৰে SCএ।

ন্যায়াধীশদ্বয় হিমা কোহলি আৰু আমানুল্লাই পতঞ্জলিয়ে প্ৰচাৰ কৰা বিজ্ঞাপনত আন্তৰিকতা নাছিল বুলি মত প্ৰকাশ কৰিছে। পুনৰ পতঞ্জলিক নতুনকৈ পূৰ্বৰ বিজ্ঞাপনৰ জোখত বিজ্ঞাপন দিবলৈ কঠোৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। এইবাৰ পতঞ্জলিয়ে হেমাহি দেখুৱালে বাবা ৰামদেৱ যে উচ্চতম ন্যায়ালয়ত চৰম ৰোষত পৰিব সেয়া নিশ্চিত।

আনহাতে পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনক লৈ কেন্দ্ৰীয় চৰকাৰৰ পৰাও প্ৰত্যুত্তৰ বিচাৰিছে উচ্চতম ন্যায়ালয়ে। এই বিভ্ৰান্তিকৰ বিজ্ঞাপন সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰে পতঞ্জলিৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ প্ৰত্যুত্তৰ কেন্দ্ৰীয় চকাৰৰ পৰা বিচাৰিছে খণ্ড বিচাৰপীঠে। শুনানিৰ সময়ত পতঞ্জলি আয়ুৰ্বেদে প্ৰকাশ কৰা বিজ্ঞাপনৰ বিৰোধিতাৰে ভাৰতীয় চিকিৎসা সংস্থাই জনোৱা আপত্তিৰ প্ৰসংগও উত্থাপিত হয়। পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপন দীৰ্ঘদিন ধৰি চলাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে কিয় কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল তাৰো কৈফিয়ৎ বিচাৰে উচ্চতম ন্যয়ালয়ে। ড্ৰাগছ আৰু মেজিক ৰিমেডিজ (আপত্তিজনক বিজ্ঞাপন) আইন ১৯৫৪ৰ অধীনত উচ্চতম ন্যায়ালয়ে এনে বিভ্ৰান্তকৰ বিজ্ঞাপন প্ৰকাশৰ পৰা ৰামদেৱৰ পতঞ্জলি বাৰণ কৰে। এই আইনৰ ১৭০ নম্বৰ ধাৰা অনুসৰি এনে বিজ্ঞাপন প্ৰকাশ কৰা প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণৰ ব্যৱস্থা আছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰে কোনো কাৰণ অবিহনে পৰৱৰ্তী সময়ত এই আইনৰ উল্লেখিত ধাৰা প্ৰত্যাহাৰ কৰে। ফলত ৰামদেৱৰ পতঞ্জলিৰ দৰে একাংশ প্ৰতিষ্ঠানে বিভ্ৰান্তিমূলক বিজ্ঞাপন প্ৰচাৰ কৰি অহাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। শেহতীয়াকৈ ৰামদেৱৰ পতঞ্জলিৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ লগতে এনে বিজ্ঞাপন প্ৰকাশ কৰাটো বন্ধ কৰে। শুনানিৰ সময়ত শপতনামা দাখিল কৰি ৰামদেৱ আৰু পতঞ্জলিৰ কাৰ্যবাহী আচাৰ্য বালাকৃষ্ণই ৰাজহুৱাভাৱে ক্ষমা বিচাৰে যদিও ইয়াকো নাকচ কৰে সৰ্বোচ্চ ন্যায়ালয়ে। উল্লেখ্য যে যোগগুৰু বাবা ৰামদেৱে পতঞ্জলি যোগপীঠৰ জৰিয়তে দেশৰ বিভিন্ন ৰাজ্যত যোগশিবিৰ অনুষ্ঠিত কৰি আহিছে। ইয়াৰ বিনিময়ত ৰামদেৱে আয়োজক সংস্থাৰ পৰা বৃহৎ পৰিমাণৰ ধন লৈ আহিছে যদিও আজিলৈকে এই সম্পৰ্কত কোনো সেৱা কৰ আদায় দিয়া নাই ৰামদেৱৰ প্ৰতিষ্ঠানটোৱে। সেৱা কৰ প্ৰাধিকৰণত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত ন্যায়ালয়ে ৰামদেৱৰ পতঞ্জলিক সেৱা কৰ আদায় দিয়াৰ নিৰ্দেশ দিয়ে যদিও কৰ আদায়ৰ পৰিৱৰ্তে প্ৰধিকৰণৰ এই ৰায়ক পতঞ্জলিয়ে প্ৰত্যাহ্বান জনায় উচ্চতম ন্যায়ালয়ে। ৰামদেৱৰ এই আবেদন সম্পৰ্কত উচ্চতম ন্যায়ালয়ৰ শুনানি অনুষ্ঠিত হোৱাৰ পিছতে সৰ্বোচ্চ ন্যায়ালয়ৰ ৰোষত পৰিবলগীয়া হয় বাবা ৰামদেৱ, আচাৰ্য বালাকৃষ্ণ আৰু পতঞ্জলি যোগপীঠ। এই গোচৰৰ সমান্তৰালভাৱে ৰামদেৱৰ পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপন বন্ধ কৰাৰো নিৰ্দেশ দিয়ে। শুনানিৰ সময়তে শপতনামা দাখিল কৰি ৰামদেৱে ৰাজহুৱাভাৱে ক্ষমা বিচাৰে যদিও ৰামদেৱৰ ক্ষমা বিচৰা কাৰ্য গ্ৰহণযোগ্য নহয় বুলি প্ৰকাশ কৰে।

Leave A Reply

Your email address will not be published.