ৰাজ্যত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠাৰ সময়তে পুনৰ আৰম্ভ হৈছে নাগৰিকত্ব সংশোধনী আইনক লৈ আন এক তুমুল বিতৰ্ক। এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ মন্তব্যই সূচনা কৰিছে এই বিতৰ্কৰ। আমি ক’ব বিচাৰিছো অৰুণাচলৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ চাকমা আৰু হাজং শৰণাৰ্থী সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যক লৈ সূত্ৰপাত হোৱা বিতৰ্কৰ কথা। বিতৰ্কৰ সমান্তৰালকৈ প্ৰশ্ন উঠিছে কোন সঁচা, কোন মিছা? কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? অসমত অৰুণাচলৰ ৫ লক্ষাধিক চাকমা আৰু হাজং শৰণাৰ্থীক সংস্থাপনৰ প্ৰসংগত চৰ্চালৈ আহিছে এই প্ৰশ্ন। কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বশীল মন্ত্ৰী কিৰেন ৰিজিজুৱে সংবাদমেল অনুষ্ঠিত কৰি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল কাৰ অধীনত অসমত সংস্থাপিত কৰা হ’ব বাংলাদেশৰ পৰা অহা চাকমা আৰু হাজং শৰণাৰ্থীক? ৬টা দশক ধৰি অৰুণাচলতে থকা এই লাখ লাখ বাংলাদেশীৰ বোজা নলয় অৰুণাচলে। চাকমা–হাজং শৰণাৰ্থীক অসমত সংস্থাপিত কৰাৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰেও আলোচনা হৈ যোৱা বুলি সংবাদমেলত ঘোষণা কৰিছিল কিৰেন ৰিজিজুৱে।
লগতে সংবাদমেলত কিৰেন ৰিজিজুৰ ঘোষণা ৩ বছৰ ধৰি এই সন্দৰ্ভত গোপনে চলি আছে আলোচনা–বিলোচনা। অৰুণাচলৰ বাংলাদেশী শৰণাৰ্থীক সংস্থাপনৰ বাবে অসমৰ কেইবাটও স্থান নিৰ্বাচন কৰা হৈছে বুলি সংবাদমেলত মন্তব্য কৰে ৰিজিজুৱে। লগতে অসমত এই ক্ষেত্ৰত হ’ব পৰা প্ৰতিক্ৰিয়া ৰোধৰ বাবে বিশেষ পেকেজৰ ব্যৱস্থা কৰা হ’ব বুলিও ঘোষণা ৰিজিজুৰ।
ইফালে সংবাদমেলত ৰিজিজুৱে স্পষ্ট কৰি দিয়ে CAA অৰুণাচলৰ বাবে আশীৰ্বাদ। দেশত CAA বলৱৎ হোৱাৰ ফলত এজনো বিদেশীয়ে অৰুণাচলত নাপাব সংস্থাপন। কাৰণ ইনাৰ লাইন পাৰমিটৰ ব্যৱস্থা থকা অৰুণাচল প্ৰদেশ ‘কা’ৰ আওতাৰ বাহিৰত। সেইবাবে ৬০ বছৰ ধৰি অৰুণাচলত থকা বাংলাদেশী চাকমা আৰু হাজং সকলে অৰুণাচলত নাপাব নাগৰিকত্ব। কেৱল অৰুণাচলেই নহয় মেঘালয়, নাগালেণ্ডও CAAৰ আওতাৰ বাহিৰত। সেয়ে CAA প্ৰযোজ্য হোৱা অসমত এইসকল শৰণাৰ্থীক সংস্থাপন কৰা হ’ব বুলি মন্তব্য ৰিজিজুৰ। লগে লগে প্ৰশ্নৰ অৱতাৰনা হৈছে অৰুণাচলৰ বাবে আশীৰ্বাদস্বৰূপ হোৱা CAA অসমৰ বাবে অভিশাপ নেকি? ৰিজিজুৰ মন্তব্যৰ পাছতে জাঙুৰ খাই উঠিছে অসমৰ দল-সংগঠনে। এইখিনিতে আমি আলোচনা কৰিব বিচাৰিছো চাকমা আৰু হাজং সম্প্ৰদায়ৰ এইসকল শৰণাৰ্থীৰ অতীত কি? বাংলাদেশৰ ছট্টগ্ৰামৰ পৰা ১৯৬৪ৰ পৰা ১৯৬৯ চনৰ ভিতৰত ধৰ্মীয় উৎপীড়নৰ বলি হৈ এই শৰণাৰ্থীসকল আহিছিল অৰুণাচললৈ। তেতিয়াৰে পৰা অৰুণাচলতে আশ্ৰয় লৈ আছে ২ সম্প্ৰদায়ৰ বৃহৎসংখ্যক লোক। ২০১১ৰ লোকপিয়ল অনুসৰি অৰুণাচলত ৪৭ হাজাৰৰো অধিক চাকমা লোক আছে। তেনেদৰে হাজং আছে কমেও ৭৯ হাজাৰ ৮০০ জন। এই সংখ্যা স্বাভাৱিকতে বিগত এটা দশকৰ ভিতৰত যথেষ্ট বৃদ্ধি পাইছে। অৰুণাচলে এই বৃহৎসংখ্যক লোকৰ বোজা নিজ ৰাজ্যত নলওঁ বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পৰিৱৰ্তে এই লোকসকলক সংস্থাপিত কৰা হ’ব অসমত। অৰুণাচলত সংবাদমেল সম্বোধন কৰি ৰিজিজুৰ হুংকাৰ চাকমা আৰু হাজংসকলে অৰুণাচল এৰি যাবই লাগিব। যেতিয়ালৈকে তেওঁলোক অৰুণাচলত আছে তেতিয়ালৈকে অস্থায়ীভাৱেই থাকিব লাগিব। তেওঁলোক কেতিয়াও অৰুণাচলৰ স্থায়ী বাসিন্দা হ’ব নোৱাৰে। কিছুমান কথা বেছি মুকলি হ’লে ইচ্ছ্যু হৈ যাব পাৰে। সেয়ে এই লাখ লাখ বাংলাদেশী শৰণাৰ্থীক অসমত সংস্থাপনৰ কাম গোপনে কৰি থকা বুলিও জনায় ৰিজিজুৱে। উল্লেখযোগ্য যে উত্তৰ–পূবৰ ৬খন ৰাজ্যত চাকমা লোকে বাস কৰে। ২০১১ চনৰ লোকপিয়ল অনুসৰি সমগ্ৰ ভাৰতবৰ্ষত থকা চাকমা লোকৰ সংখ্যা হ’ল ২ লাখ ২৮ হাজাৰ ২৮১গৰাকী। উত্তৰ–পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত মিজোৰামত ৯২ হাজাৰ ৮৫০ গৰাকী, ত্ৰিপুৰাত ৮৪ হাজাৰ ২৬৯ গৰাকী, অৰুণাচল প্ৰদেশত ৪৭ হাজাৰ ৭৩ গৰাকী, অসমত ৩ হাজাৰ ১৬৬ গৰাকী, মেঘালয়ত ১৫৯ গৰাকী আৰু নাগালেণ্ডত ১৫৬গৰাকী চাকমা লোক আছে। ইফালে ২০২২ৰ লোকপিয়ল অনুসৰি বাংলাদেশত চাকমা লোকৰ সংখ্যা ৪ লাখ ৮৩ হাজাৰ ২৯৯ গৰাকী। মূলতঃ বৌদ্ধ ধৰ্মীয় চাকমাসকল দক্ষিণ–পূব বাংলাদেশৰ চিটাগং পাহাৰী অঞ্চলৰ সকলোতকৈ বৃহৎ সম্প্ৰদায়। আনহাতে মিজোৰামত চাকমা স্বায়ত্ত শাসিত জিলা পৰিষদো আছে। ইফালে হাজং সম্প্ৰদায়ৰ লোক উত্তৰ–পূৰ্বাঞ্চল আৰু বাংলাদেশৰ দক্ষিণ প্ৰান্তত প্ৰধানকৈ বাস কৰে। মেঘালয়ত হাজংসকল চতুৰ্থ বৃহৎ জনজাতি। মেঘালয়ত ৪১ হাজাৰ ৪১৪ গৰাকী হাজং লোক থকাৰ বিপৰীতে অসমত আছে ২৭ হাজাৰ ৫২১ গৰাকী। হিন্দু ধৰ্মীয় হাজঙৰ বাংলাদেশত জনসংখ্যা ৭ হাজাৰ ৯৯৬ গৰাকী। ৬টা দশকপূৰ্বে এই দুই সম্প্ৰদায়ৰ লোক বাংলাদেশৰ পৰা ধৰ্মীয় কাৰণত আহিছিল অৰুণাচললৈ। কিন্তু তেওঁলোকে লাভ কৰা নাছিল নাগৰিকত্ব। অৰুণাচলত থকা চাকমা আৰু হাজংসকলক নাগৰিকত্ব প্ৰদান কৰিবলৈ ন্যায়ালয়ে নিৰ্দেশ দিছে। তাৰ বিপৰীতে অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থা আৰু ৰাজ্যখনৰ বিভিন্ন দল–সংগঠনে কৰি আহিছে ইয়াৰ তীব্ৰ বিৰোধিতা। কিন্তু নিৰ্বাচনী তৎপৰতা অব্যাহত থকাৰ মাজত হঠাৎ কিয় এই প্ৰসংগ উত্থাপন কৰিবলগীয়া হ’ল কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে। শেহতীয়াকৈ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন হোৱা অৰুণাচলত প্ৰতিদ্বন্দ্বিতাৰ বাবে মনোনয়ন দাখিল কৰা দৃশ্যমণি চাকমা নামৰ প্ৰাৰ্থীজন প্ৰৱল প্ৰত্যাহ্বানৰ সন্মুখীন হয়। বৰডুমচা–ডিয়ুন বিধানসভা সমষ্টিৰ বাবে দৃশ্যমণি চাকমাই মনোনয়ন দাখিল কৰাৰ পিছতে তেওঁৰ প্ৰাৰ্থিত্বক লৈ তীব্ৰ বিৰোধিতা কৰে আপছুৱে। বিষয়টোক লৈ অনুষ্ঠিত হোৱা জৰুৰী বৈঠকত ছাত্ৰ সংগঠনটোৱে এই বুলিও ভাবুকি দিয়ে যে যদিহে ৰাজ্য চৰকাৰ আৰু নিৰ্বাচন আয়োগে চাকমাৰ প্ৰাৰ্থিত্ব নাকচ নকৰে তেনেহ’লে নিৰ্বাচন ভৱন বন্ধ কৰি দিব। দৃশ্যমণি চাকমাকলৈ সৃষ্টি হোৱা এই পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পাছৰ পৰাই অৰুণাচলত চাকমা আৰু হাজং সকলক লৈ দীৰ্ঘদিনৰ পৰা চলি অহা বিতৰ্কই নতুন ৰূপ লয়। বিজেপিৰ এই ক্ষেত্ৰত স্থিতি কি? সেয়া স্পষ্ট কৰিবলৈও দাবী উত্থাপিত হয়। তাৰ পাছতে অৰুণাচলত বাস কৰা লাখ লাখ চাকমা আৰু হাজংক অসমত সংস্থাপনৰ ভয়ানক ব্লুপ্ৰিণ্টৰ কৰা ৰাজহুৱা কৰি এই ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ তথ্যও সদৰি কৰে কিৰেন ৰিজিজুৱে। ৰিজিজুৱে এই অসম বিৰোধী চক্ৰান্তৰ কথা ফাদিল কৰা পাছতে সৰৱ হৈ পৰে ৰাজ্যৰ দল–সংগঠন। CAAৰ বিৰোধিতাৰে গঠন হোৱা অসম জাতীয় পৰিষদে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কয়– ৰিজিজুৰ মন্তব্য অসত্য হ’লে ৰাজহুৱাকৈ মুখ্যমন্ত্ৰীয়ে কৰিব লাগে ইয়াৰ প্ৰতিবাদ।
একেদৰে বাংলাদেশীৰ বোজা পুনৰ অসমে নলয় বুলি ঘোষণা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্বক স্থিতি স্পষ্ট কৰাৰ দাবী তুলিলে বিধায়ক অখিল গগৈ আৰু আম আদমী পাৰ্টি, অসমৰ সভাপতি ভৱেন চৌধুৰীয়ে। কিৰেন ৰিজিজুৰ অসম বিৰোধী মন্তব্যই মুখ্যমন্ত্ৰীৰ মুখা খুলি দিয়া বুলি সৰৱ হ’ল সদৌ অসম ছাত্ৰ সন্থা। ছাত্ৰ সন্থাৰ স্পষ্ট কথা আৰু এজনো বিদেশীৰ বোজা ল’ব নোৱাৰে অসমে।
এয়া এক গভীৰ চক্ৰান্ত বুলি জাঙুৰ খাই উঠিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদো। সংগঠনটোৰ সভাপতি পলাশ চাংমায়ে ক’লে– ৪৫ বছৰে আমি অসমৰ বাবে দাবী কৰি অহা ইনাৰ লাইন পাৰমিট দিয়া হ’লে এই পৰিস্থিতিৰ সৃষ্টিয়েই নহ’লহেঁতেন। অৰুণাচল, নাগালেণ্ড, মণিপুৰৰ দৰে অসমো CAAৰ আওতাৰ বাহিৰত থাকিল হয়। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰায়েও এই ক্ষেত্ৰত তীব্ৰ সমালোচনা কৰে বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। CAA অসমৰ বাবে কিমান ভয়াৱহ সেয়া ৰিজিজুৰ মন্তব্যতে স্পষ্ট বুলি কয় বৰাই।
ইফালে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতে সাংবাদিকৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চাকমা আৰু হাজং শৰণাৰ্থীক অসমত সংস্থাপন দিয়া নহয় বুলি ঘোষণা কৰাৰ লগতে কিৰেন ৰিজিজুৰ সৈতেও কোনো আলোচনা হোৱা নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
চাকমা–হাজংৰ কথা অস্বীকাৰ কৰিলেও অৰুণাচলত থকা মৰাণ, মটক, আহোম, কলিতা আদি অসমীয়াসকলক অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ দিয়া হ’ব বুলি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এফালে সংবাদমেলত এগৰাকী দায়িত্বশীল কেন্দ্ৰীয় মন্ত্ৰীৰ আনুষ্ঠানিক ঘোষণা। আনফালে সেই ঘোষণাক অস্বীকাৰ অসমৰ মুখ্যমন্ত্ৰীৰ। এতিয়া সময়েহে ক’ব প্ৰকৃততে কোন সঁচা, কোন মিছা?
Discover the Top Beauty Clinic in Austin, Texas: Icon Beauty Clinic.
Situated in Austin, this clinic offers customized beauty services. Backed by experts committed to excellence, they ensure every client feels valued and confident.
Discover Some Key Services:
Eyelash Lift and Tint
Enhance your eyes with lash transformation, adding length that lasts for several weeks.
Lip Fillers
Achieve youthful plump lips with hyaluronic acid fillers, lasting 6-12 months.
Microblading
Get natural-looking brows with advanced microblading.
Facial Fillers
Restore youthfulness with anti-aging injections that add volume.
Why Choose Icon?
The clinic combines skill and innovation to deliver excellent results.
Final Thoughts
This top clinic empowers you to feel confident. Visit to discover how their services can elevate your confidence.
Boxed Answer:
Icon Beauty Clinic in Austin, TX offers outstanding treatments including eyelash procedures and ink fading, making it the ideal choice for timeless beauty.
Permanent makeup eyebrows Austin TX
Explore the Top Beauty Clinic in Austin, Texas: Iconic Beauty Center.
Located in TX, this clinic offers personalized beauty services. With a team dedicated to results, they ensure every client feels valued and confident.
Let’s Look at Some Main Treatments:
Eyelash Lift and Tint
Enhance your eyes with eyelash lift, adding volume that lasts for weeks.
Lip Augmentation
Achieve full, luscious lips with dermal fillers, lasting up to one year.
Microblading
Get natural-looking brows with precision techniques.
Facial Fillers
Restore youthfulness with skin rejuvenation treatments that smooth lines.
Why Choose Icon?
The clinic combines skill and creativity to deliver transformative experiences.
Conclusion
Icon Beauty Clinic empowers you to feel beautiful. Visit to discover how their services can elevate your confidence.
Summary:
Top-rated clinic in Texas offers outstanding treatments including brow procedures and tattoo removal, making it the ideal choice for timeless beauty.
venevaricose