বিহু মঞ্চত জুবিনৰ পুনৰ নতুন বিতৰ্ক

পুনৰ বিহু মঞ্চত গীত পৰিবেশন কৰিবলৈ উঠি হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ নতুন বিতৰ্ক। এইবাৰ মাজুলীত সত্ৰাধিকাৰৰ সন্মুখতে সত্ৰাধিকাৰক ‘প্ৰভু ঈশ্বৰ’ বুলি সম্বোধন কৰাক লৈ আপত্তি দৰ্শাই প্ৰশ্ন জুবিনৰ। গড়মূৰ মিনি ষ্টেডিয়ামৰ বিহুত সোমবাৰে নিশা জুবিনে ক’লে হিন্দু সমাজত প্ৰভু ঈশ্বৰ বুলি কোনো শব্দ নাই। এনেবোৰ কাম হেনো বেয়া পায় জুবিনে। জুবিনৰ এই বিতৰ্কিত মন্তব্যক লৈ লগে লগেই আৰম্ভ হ’ল প্ৰতিক্ৰিয়াৰ। প্ৰতিক্ৰিয়াৰ কথা কাণত পৰাত মঞ্চতে ক্ষমা প্ৰাৰ্থনা জুবিন গাৰ্গৰ। জুবিনৰ ক্ষমা প্ৰাৰ্থনাৰ পিছতো ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া। আয়োজক কমিটি, মাজুলীৰ সত্ৰাধিকাৰ সকলোৱে একেমুখে ক’লে এয়া দুৰ্ভাগ্যজনক।

প্ৰভু ঈশ্বৰ
মঞ্চত জুবিনৰ গান মানেই যেন সুৰৰ মায়াজাল
কিন্তু মঞ্চত জুবিনৰ কথা মানেই যেন বিতৰ্কৰ সাগৰ

এইবাৰৰ বিহুমঞ্চও ব্যতিক্ৰম নহ’ল। মাজুলীৰ গড়মূৰ ৰঙালী বিহু সন্মিলনীৰ সোমবাৰৰ দৃশ্য এয়া। অসমৰ ৰাইজৰ হাৰ্ট থ্ৰ’ব জুবিন গাৰ্গৰ সংগীতানুষ্ঠান আছিল গড়মূৰ মিনি ষ্টেডিয়ামত। গড়মূৰ ৰঙালী বিহু সন্মিলনীতেই আনন্দ ৰাম বৰুৱাই ডঃ ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধিৰে বিভূষিত কৰিছিল। এইবেলি বিহু সন্মিলনীৰ ৬৬ বছৰ উপলক্ষে আয়োজক কমিটিয়ে জুবিন গাৰ্গক বিভূষিত কৰিলে সংগীত সিন্ধু সন্মানেৰে।

প্ৰথমে তাতেই লাগিল কেণা। সন্মান দিবলৈ অহা লোকক জুবিনে ক’লে- সোনকাল কৰক, ১২ বাজিল।

সংগীত সিন্ধুৰ সন্মান গ্ৰহণ কৰাৰ পিছতেই শিল্পীগৰাকীয়ে পাতনি মেলিলে বিতৰ্কৰ। সত্ৰাধিকাৰক প্ৰভু ঈশ্বৰ বুলি কোৱাক লৈ দুৰ্ঘোৰ আপত্তি জুবিনৰ। গড়মূৰ ৰঙালী বিহু সন্মিলনীৰ মঞ্চত মাজুলীৰ হাজাৰ হাজৰ দৰ্শক আৰু খোদ সত্ৰাধিকাৰৰ সন্মুখতে সত্ৰাধিকাৰক মুকলি অপমান জুবিন গাৰ্গৰ। মানুহ প্ৰভু ঈশ্বৰ হ’ব নোৱাৰে।

‘প্ৰভু ঈশ্বৰ’ শব্দক লৈ আপত্তিৰ ব্যাখ্যাও আগবঢ়ালে জুবিনে। গড়মূৰ মিনি ষ্টেডিয়ামৰ মঞ্চত সোমবাৰে নিশা মাজুলীবাসীক জুবিনে দিল বুদ্ধজ্ঞান। কথাৰ মাজে মাজে জুবিনৰ মুখত অশ্লীল শব্দ। এনেবোৰ কথাতে হেনো খং উঠে জুবিনৰ।

মুঠৰ ওপৰত অসমৰ সত্ৰাধিকাৰক প্ৰভু ঈশ্বৰ বুলি কোৱাক লৈ নাৰাজ জুবিন। হিন্দু ধৰ্মতো প্ৰভু ঈশ্বৰ বুলি কোনো শব্দই নাই। স্পষ্টবাদী শিল্পীগৰাকীৰ স্পষ্ট কথা- কাৰোবাক সন্মান দিব খুজিছে দিয়ক, কিন্তু তাৰ বাবেই কোনো লোকক ভগৱানৰ শাৰীত থোৱাৰ প্ৰয়োজন নাই।

জুবিন গাৰ্গৰ এই বিতৰ্কিত মন্তব্যক লৈ অৱধাৰিতভাৱে সোমবাৰে নিশাই সৃষ্টি হ’ল প্ৰতিক্ৰিয়াৰ। মঞ্চত জুবিনে গীত পৰিবেশন থকাৰ সময়তে সত্ৰাধিকাৰক কৰা মুকলি অপমানক লৈ মঞ্চৰ আশে পাশে গুজৰি গুমৰি থাকিল বহুজন। আয়োজক কমিটিয়ে সিদ্ধান্ত ল’লে- ক্ষমা খুজিব লাগিব জুবিনে। অনিচ্ছাস্বত্বেও ক্ষমা খুজিলে জুবিনে।

মঞ্চৰ বাহিৰত আয়োজক কমিটীয়ে সাংবাদিকক ক’লে জুবিনৰ মন্তব্য দুৰ্ভাগ্যজনক। এগৰাকী শিল্পীৰ মুখত এনে কথা শোভা নাপায়। অৱশ্যে একাংশৰ মতে জুবিনৰ এনে শিশুসুলভ আচৰণ অসমৰ ৰাইজৰ পৰিচিত। বিতৰ্ক অধিক আগনবঢ়াবলৈ আহ্বান আয়োজক কমিটীৰ।

ইপিনে বিতৰ্কিত মন্তব্য কৰি ক্ষমা খোজাৰ পিছত মঞ্চত গুজৰি গুমৰি থাকিল জুবিন। জুবিনে ক’লে- ডেৰকোটিৰ গাড়ী চলাও মই। মোক আদৰ্শ হিচাপে লোৱা উচিত।

জুবিনৰ এই আচৰণক লৈ মঙলবাৰে দিনটো ৰাজ্যজুৰি অব্যাহত থাকিল প্ৰতিক্ৰিয়া। জুবিনক স্থান, কাল, পাত্ৰ চাই কথা ক’বলৈ সাৱধানবাণী সত্ৰাধিকাৰৰ। ভৱিষ্যতে সত্ৰাধিকাৰক এনে অপমানজনক কথা নক’বলৈও সকীয়ালে জুবিন গাৰ্গক।

অৱশ্যে মাজুলীৰ গড়মূৰৰ বিহু মঞ্চত বিতৰ্কিত মন্তব্য খিনিৰ বাহিৰে জুবিনৰ গানে আপ্লুত কৰিলে হাজাৰ হাজাৰ বিহুবলীয়া ৰাইজক। জুবিনৰ কথাক লৈ কাৰোবাৰ দ্বিমত থাকিব পাৰে, কিন্তু গানক লৈ… নাই অসম্ভৱ। জুবিন জুবিনেই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

Seven Rescued Golden Langurs Released Back into the Wild at Sikhna Jwhwlao National Park, says Assam Forest Jayanta Mallabaruah

Assam Forest Minister Jayanta Mallabaruah has announced the successful...

ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদ-বদল

IAS এছ আব্বাছিক জলসিঞ্চন বিভাগৰ বিশেষ মুখ্য সচিবৰ দায়িত্বগৃহ...

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বাবে সুখবৰ; Quality Council of Indiaৰ পৰা লাভ কৰিলে বিশেষ স্বীকৃতি

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH)ৰ বাবে আহিল এটা অত্যন্ত গুৰুত্বপূৰ্ণ...