ফুটবলাৰ মহাতাৰকা মেছিৰ শিৰত আৰু এটা তাজ

ফুটবলাৰ মহাতাৰকা মেছিৰ শিৰত আৰু এটা তাজ
টাইমছ আলোচনীৰ বৰ্ষশ্ৰেষ্ঠ এথলীট লিঅ’নেল মেছি

দুভৰিৰ ছন্দৰে মোহাছন্ন কৰা আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰ মেছিয়ে দখল কৰিলে আৰু এটা খিতাপ। বেলন ডি’অৰৰ পিছত নিজৰ নামত কৰিলে বৰ্ষশ্ৰেষ্ঠ এথলীটৰ খিতাপ। বিশ্ববিখ্যাত টাইমছ আলোচনীয়ে বৰ্তমান ইণ্টাৰ মায়ামিৰ হৈ ক্লাব ফুটবল খেলা মেছিক ঘোষিত কৰিলে এই বছৰৰ বৰ্ষশ্ৰেষ্ঠ এথলীট হিচাপে। এই সন্মানে মেছিক সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ হিচাপে তেওঁৰ মৰ্যাদাক আৰু অধিক দৃঢ় কৰিছে। উল্লেখযোগ্য যে, ফ্ৰান্সৰ তাৰকা ফুটবল ক্লাব PSG এৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইণ্টাৰ মায়ামিৰ ক্নাবৰ হৈ খেলি আমেৰিকাত ফুটবলক এক নতুন মাত্ৰা দিয়াৰ বাবে এই খিতাপ মেছিক দিয়া হৈছে বুলি জনায় টাইমছ আলোচনীয়ে। আলোচনীখনৰ মতে, মেছিৰ আগমনে আমেৰিকাৰ মেজৰ লীগ স্কোৰাত বঢ়াইছে দৰ্শকৰ উপস্থিতি।

বঢ়াইছে টিকটৰ মূল্য
বঢ়াইছে MLSৰ বিভিন্ন Merchandiseৰ বিক্ৰী
মেছিৰ আগমনে বৃদ্ধি কৰিছে টিভি, ডিজিটেলৰ দৰ্শকৰ সংখ্যা

অকল MLS বুলিয়ে নহয়। ২০২২ত আৰ্জেণ্টিনাক ফিফা বিশ্বকাপ জয়লাভ কৰোৱাত মুখ্য ভূমিকা আছিল মেছিৰ। লিঅ’নেল মেছি আছিল আৰ্জেণ্টিনা দলৰ অধিনায়কো। ইয়াৰ পূৰ্বেই মেছিয়ে অষ্টমবাৰলৈ জয়লাভ কৰিছিল বেলন ডি’অৰৰ খিতাপ। এই বৰ্ষৰ বেলন ডি’অৰ লাভ কৰিছিল ফুটবলৰ মহাতাৰকাজনে।

মেছিৰ সফলতাই আনন্দিত কৰি তুলিছে তেওঁৰ কোটি কোটি অনুৰাগীক। ফুটবলৰ যাদুকৰজনে এনেধৰে অব্যাহত ৰাখক নিজস্ব ধাৰা। এই আশা অনুৰাগীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...