এক শিহৰণকাৰী হত্যাৰ অভিযুক্ত শম্ভূ কাহাৰ

0 533

কোকৰাঝাৰৰ বিধানপলীৰ শিহৰণকাৰী হত্যাকাণ্ডৰ অভিযুক্তক বৃহস্পতিবাৰে পুৱাই গুলীয়ালে আৰক্ষীয়ে। অভিযুক্ত শম্ভূ কাহাৰে আৰক্ষী জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই গৰজি উঠিল আৰক্ষীৰ পিষ্টল। ভৰিত গুলীবিদ্ধ শম্ভূ সম্প্ৰতি কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন। ২৯ নৱেম্বৰৰ পুৱা কোকৰাঝাৰ চহৰৰ বিধানপলীত অকলশৰীয়াকৈ থকা এটা দম্পতীক দা-ৰে উপৰ্যুপুৰি ঘপিয়াইছিল শম্ভূ কাহাৰে। এই ঘটনাত মৃত্যু হৈছিল অৱসৰপ্ৰাপ্ত অভিযন্তা তপন চক্ৰৱৰ্তী। গুৰুতৰভাবে আহত পত্নী মধুমিতা চক্ৰৱৰ্তী এতিয়াও চিকিৎসাধীন।

এজন বৃদ্ধক ঘপিয়াই হত্যা কৰিছিল শম্ভূ কাহাৰে
বৃহস্পতিবাৰে শম্ভূ কাহাৰক গুলীয়ালে আৰক্ষীয়ে

এইটো শম্ভূ কাহাৰ। মঙলবাৰে পশ্চিমবংগৰ কোচবিহাৰৰ পৰা গ্ৰেপ্তাৰ হৈছিল শম্ভূ কাহাৰ নামৰ এই পলাতক অভিযুক্তটো। আৰক্ষীয়ে ৫ দিনৰ জিন্মাত লৈছিল শম্ভূক। আৰক্ষী জিন্মাত থকা অৱস্থাতে পলায়নৰ চেষ্টা কৰিছিল শম্ভূ কাহাৰে। তেতিয়াই গৰজি উঠে আৰক্ষীৰ পিষ্টল। ভৰিত গুলীবিদ্ধ শম্ভূ সম্প্ৰতি কোকৰাঝাৰৰ ৰূপনাত ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন। চিকিৎসাধীন হৈ আছে ঘটনাত আহত এজন আৰক্ষীও।

এক শিহৰণকাৰী হত্যাৰ অভিযুক্ত শম্ভূ কাহাৰ। কোকৰাঝাৰ চহৰৰ বিধানপলীত ২৯ নৱেম্বৰত সংঘটিত হৈছিল এই শিহৰণকাৰী হত্যাকাণ্ডৰ ঘটনা। এই অট্টালিকাটোত অকলশৰে থাকিছিল বৃদ্ধ দম্পতী তপন চক্ৰৱৰ্তী আৰু মধুমিতা চক্ৰৱৰ্তী। অৱসৰপ্ৰাপ্ত অভিযন্তা তপন চক্ৰৱৰ্তীৰ পুত্ৰ থাকে বাংগালুৰুত, কন্যা থাকে আমেৰিকাত। ঘটনা সংঘটিত হোৱাৰ কিছুদিন আগলৈ বৃদ্ধ দম্পতীটোৰ ঘৰত ৰাজমিস্ত্ৰী হিচাপে কাম কৰিছিল শম্ভূ কাহাৰে। তেতিয়াই ঘৰটোত থকা নগদ ধন আৰু আ-অলংকাৰৰ সম্ভেদ পাইছিল ৰাজমিস্ত্ৰী শম্ভূ কাহাৰে। কেইবাদিনৰ কাম শেষ কৰি পাবলগীয়া ধন লৈ আঁতৰি গৈছিল শম্ভূ। ২৯ নৱেম্বৰৰ পুৱা প্ৰায় ৫.৩০ বজাত ঘৰটোত ঘাতকৰ ৰূপত প্ৰৱেশ কৰিছিল শম্ভূ কাহাৰে। বৃদ্ধ তপন চক্ৰৱৰ্তীক দা-ৰে উপৰ্যুপুৰি আঘাত কৰিছিল শম্ভূৱে। শোৱা পাটিতে মধুমিতা চক্ৰৱৰ্তীকো দা-ৰে ঘপিয়াইছিল শম্ভূৱে। মৃত্যুৰ ক্ষন্তেক পূৰ্বে তপন চক্ৰৱৰ্তীয়ে দি গৈছিল বিস্ফোৰক ভাষ্য। সংকটজনক অৱস্থাত মধুমিতা চক্ৰৱৰ্তীক ভৰ্তি কৰা হৈছিল হাস্পতালত।

হত্যাকাণ্ডত ব্যৱহৃত এখন দা সিদিনাই উদ্ধাৰ কৰিছিল আৰক্ষীয়ে। আন এখন দা বিচাৰি বুধবাৰে নিশা চলিছিল অভিযান। অভিযুক্তটোক লগত লৈ আৰক্ষীয়ে চলোৱা এই অভিযানৰ সময়তে পলায়নৰ চেষ্টা কৰে শম্ভূ কাহাৰে। তেতিয়াই শম্ভূক লক্ষ্য কৰি গৰজি উঠে কোকৰাঝাৰ আৰক্ষীৰ পিষ্টল। গুলীচালনাৰ এই ঘটনাত এজন আৰক্ষীও আহত হয়।

Leave A Reply

Your email address will not be published.