বিকাশৰ পথত দ্রুতগতিত আগবাঢ়িছে অসম: মুখ্যমন্ত্রী

0 80

এক লাখ চৰকাৰী পদত নিযুক্তি প্রদানৰ প্রতিশ্রুতি বাস্তবায়িতকৰণৰ দিশত আন এক সবল পদক্ষেপ

লোকনির্মাণ বিভাগত ২৪০ গৰাকী সহকাৰী অভিযন্তা আৰু অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অধীনত ৫৯৯ গৰাকী প্রার্থীলৈ নিয়োগপত্র প্রদান মুখ্যমন্ত্ৰীৰ

বিকাশৰ পথত দ্রুতগতিত আগবাঢ়িছে অসম: মুখ্যমন্ত্রী

আত্ম-সহায়ক গোটৰ আন্দোলনে সমগ্র অসমৰে সামাজিক প্রেক্ষাপতলৈ উল্লেখনীয় পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে: মুখ্যমন্ত্রী

নেহৰু ষ্টেডিয়ামৰ পুনৰ নিৰ্মাণ, লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয় পর্যন্ত পথচোৱা ছয় লেনযুক্তকৰণ আৰু কামাখ্যা মন্দিৰ কৰিডৰ নিৰ্মাণৰ দৰে বৃহৎ তথা দৃষ্টিনন্দন প্রকল্প ৰূপায়ণ কৰিব ৰাজ্য চৰকাৰে

ৰাজ্যৰ এক লাখ যুৱক-যুৱতীক চৰকাৰী পদত নিযুক্তি প্রদানৰ প্রতিশ্রুতি বাস্তৱায়িতকৰণৰ দিশত আন এক সবল পদক্ষেপ হিচাপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত লোকনির্মাণ বিভাগৰ অধীনত ২৪০ গৰাকী প্রার্থীক সহকাৰী অভিযন্তা হিচাপে নিযুক্তিপত্র প্রদান কৰাৰ উপৰি অসম ৰাজ্যিক গ্রামীণ জীবিকা অভিযানৰ অধীনত ৫৯৯ গৰাকী প্রার্থীলৈও নিয়োগপত্র প্রদান কৰে। আজি লোকনিৰ্মাণ বিভাগৰ অধীনত ২৪০ গৰাকী প্রার্থীয়ে আনুষ্ঠানিকভাবে নিযুক্তিপত্র লাভ কৰাৰ ফলত বৰ্তমানৰ ৰাজ্য চৰকাৰখনে নিয়মীয়া চৰকাৰী পদত যুবক-যুৱতীসকলক প্ৰদান কৰা নিযুক্তিৰ সংখ্যা ৮৮ হাজাৰ ৮০ টালৈ বৃদ্ধি পালে।

এই উপলক্ষে প্রদান কৰা ভাষণত মুখ্যমন্ত্রী শর্মাই নিযুক্তিপত্র লাভ কৰা যুৱক-যুৱতীসকলৰ বাবে আজিৰ দিনটো জীবনৰ এক গুৰুত্বপূর্ণ দিন বুলি অভিহিত কৰি কয় যে বর্তমানৰ ৰাজ্য চৰকাৰখনে ২০২১ চনৰ মে’ মাহৰ পৰা নিযুক্তি প্রক্রিয়াসমূহ তৰান্বিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে আৰু ইয়াৰে ফলস্বৰূপে আজি পর্যন্ত ৮৮ হাজাৰ ৮০ টা নিয়মীয়া পদত যুৱক-যুৱতীসকলে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। তদুপৰি ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, সর্বশিক্ষা অভিযান, ৰাজ্যিক গ্রামীণ জীবিকা অভিযান আদিৰ বিভিন্ন পদটো যুৱক-যুৱতীসকলে নিযুক্তি লাভ কৰিছে। মুখ্যমন্ত্রীয়ে মন্তব্য কবে যে ৰাজ্য চৰকাৰে লোকনির্মাণ বিভাগকে ধৰি আন আন কাৰিকৰী বিভাগসমূহত অভিযন্তাৰ নিযুক্তি প্রক্রিয়া বছৰি চলাই যাবলৈ সক্ষম হৈছে আৰু ইয়াৰ ফলত অভিযন্তাসকলৰ নিয়োগৰ পথো মুকলি হৈছে। সম্প্রতি ৰাজ্যখন বিকাশৰ পথত দ্রুতগতিত আগবঢ়িছে বুলি মন্তব্য কৰি শৰ্মাই কয় যে, ২০১৬ চনত ৰাজ্যত ৰাজহুৱা খণ্ডত হোৱা ব্যয়ৰ পৰিমাণ আছিল ৪২ হাজাৰ কোটি টকা। সম্প্রতি এই ব্যয় ১ লাখ ৩০ হাজাৰ কোটি টকালৈ বৃদ্ধি পাইছে। ৰাজ্যখনৰ বিকাশৰ গতি বৃদ্ধি পোৱাৰ আঁৰত মূলধনী বিনিয়োগ বৃদ্ধিয়ে ক্রিয়া কৰিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে এসময়ত ৰাজ্যত মূলধনী বিনিয়োগ সীমিত আছিল। ৰাজ্য চৰকাৰে কৰ্মচাৰীক দৰমহা আদায় দিয়াৰ পাছত আন কাম কৰাৰ অৱকাশ নাছিল। কিন্তু বিগত প্রায় তিনি বছৰত বৰ্তমানৰ চৰকাৰখনে মূলধনী বিনিয়োগ বৃদ্ধি কৰি আহিছে। তেওঁ মন্তব্য কৰে যে এইদৰে ৰাজ্যত মূলধনী বিনিয়োগ বৃদ্ধি হোৱাৰ ফলত লোকনির্মাণ বিভাগৰ দায়িত্বও বহুগুণে বৃদ্ধি পাইছে। এসময়ত ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত দলং নির্মাণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সহায় ল’ব লগা হৈছিল। এতিয়া ৰাজ্যৰ লোকনির্মাণ বিভাগে এনে কেইবাখনো নতুন দলং নিৰ্মাণৰ পদক্ষেপ হাতত লৈছে।

প্রসংগক্রমে মুখ্যমন্ত্রীয়ে সদবি কৰে যে ৰাজ্য চৰকাৰে কেইবাটাও বৃহৎ আৰু দৃষ্টিনন্দন প্রকল্প ৰূপায়ণৰ দিশত আগবাঢ়িছে আৰু ইয়াৰে ভিতৰত নেহৰু ষ্টেডিয়ামৰ পুনৰ নিৰ্মাণ, লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয় পর্যন্ত পথচোৱা ছয় লেনযুক্তকৰণ আৰু কামাখ্যা মন্দিৰ কৰিডৰ অন্যতম। তেওঁ লগতে কয় যে সাম্প্রতিক সময়ত এগৰাকী চিকিৎসকৰ দৰে এখন আধুনিক তথা বিকশিত অসমৰ বাবে অভিযন্তা এজনৰো গুৰুত্ব বৃদ্ধি পাইছে। ইয়াৰ পৰিপ্ৰেক্ষিততে তেওঁ লোকনির্মাণ বিভাগৰ অধীনত আজি সহকাৰী অভিযন্তা হিচাপে নিযুক্তিপ্রাপ্তসকলক নিজ কর্তব্য দায়িত্বপূর্ণভারে সম্পাদন কৰিবলৈ আহ্বান জনায়। সকলোরে মিলি বিকশিত অসমৰ এখন নতুন প্রতিচ্ছরি দাঙি ধৰিব লাগিব বুলিও মুখ্যমন্ত্রীয়ে কয়।

ভাষণ প্রসংগত শর্মাই কয় যে অসমত বিগত দহ-পোন্ধৰ বছৰৰ ভিতৰত মহিলা সমাজৰ মাজলৈ এটা ডাঙৰ পৰিৱৰ্তন আহি পৰিছে আৰু এই পৰিৱৰ্তন সম্ভৱ হৈছে আত্মসহায়ক গোটৰ জৰিয়তে। আত্ম-সহায়ক গোটৰ আন্দোলনে সমগ্র অসমৰে সামাজিক প্রেক্ষাপতলৈ উল্লেখনীয় পৰিৱৰ্তন আনিবলৈ সমর্থ হৈছে আৰু সমাজত মহিলাসকলে নেতৃত্ব ল’বলৈ আৰম্ভ কৰিছে। তেওঁ মন্তব্য কৰে যে সমগ্র অসমতে নাৰী শক্তিৰ ব্যাপক অভ্যুত্থান হৈছে আৰু এই অভ্যুত্থানৰ নেতৃত্ব লৈছে আত্ম-সহায়ক গোটৰ আন্দোলনে। সম্প্রতি ৰাজ্যত প্রায় ৪০ লাখ মহিলা আত্মসহায়ক গোটসমূহৰ সৈতে জড়িত হৈ আছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই গোটসমূহৰ ৯৯ শতাংশই বেংকৰ পৰা গ্ৰহণ কৰা ঋণ ওভতাই দি এক নিদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। আত্মসহায়ক গোটৰ সৈতে জড়িত এই মহিলাসকলে উদ্যোগী হোৱাৰ বাবে প্রয়োজনীয়তাখিনি আহৰণ কৰিছে বুলি মন্তব্য কৰি তেওঁ কয় যে ইয়াৰ পৰিপ্ৰেক্ষিততে বাজ্য চৰকাৰে এনে প্ৰতিগৰাকী মহিলালৈ ১০ হাজাৰ টকাকৈ আগবঢ়াই তেওঁলোকক একোগৰাকী উদ্যোগী হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা গ্রহণ কৰিছে। আজি ৫৯৯ গৰাকী প্রার্থীয়ে নিয়োগপত্র লাভ কৰাৰ পিছত ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ কাম-কাজ অধিক ত্বৰান্বিত হৈ পৰিব আৰু সমৃদ্ধি তথা বিকাশৰ পথত ৰাজ্যখন দ্রুততাৰে অগ্ৰসৰ হ’ব বুলিও তেওঁ আশা প্রকাশ কৰে। আজিৰ এই অনুষ্ঠানতে মুখ্যমন্ত্রীয়ে ৰাজ্যিক গ্রামীণ জীৱিক অভিযানৰ অধীনত সম্পাদিত হোৱা উল্লেখনীয় কাম-কাজসমূহৰ তথ্য সম্বলিত এখন সংকলনো উন্মোচন কৰে।

আজিৰ এই অনুষ্ঠানত পঞ্চায়ত আৰু গ্রামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ আয়ুক্ত সচিব ড০ জে বি এক্কা, লোকনির্মাণ বিভাগৰ বিশেষ আয়ুক্ত আৰু বিশেষ সচিব ৰাজ চক্রবর্তী, চন্দন শর্মাকে ধৰি কেইবাগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.