তিব্বতৰ স্বাধীনতাইহে নিশ্চিত কৰিব নেকি ভাৰতৰ নিৰাপত্তা

0 258

✒️ অচিন্ত্য শৰ্মা

চীনা ভাইৰাছৰ স্থায়ী চিকিৎসা কেতিয়া?
চিৰদিনৰ বাবে কেনেকৈ বন্ধ হৈ যাব ভাৰতৰ ওপৰত চীনৰ আগ্ৰাসন?

শেহতীয়া টাৱাং কাণ্ডৰ পিছত এতিয়া দেশৰ প্ৰান্তে প্ৰান্তে উত্থাপিত হৈছে এই প্ৰশ্ন। বিষয়টোক লৈ গভীৰভাবে চিন্তা কৰিব লৈছে নতুন দিল্লী তথা ভাৰতৰ নিৰাপত্তা বিশেষজ্ঞসকলেও। কাৰণ ১৯৬২ চনৰ পৰা আৰম্ভ কৰি বিগত ছটা দশকত বাৰে বাৰে চীনা অনুপ্ৰৱেশ, আগ্ৰাসন আৰু আক্ৰমণৰ সন্মুখীন হৈ থাকি এতিয়া অতিষ্ঠ হৈ উঠিছে সমগ্ৰ ভাৰত। সেয়ে সকলোৱে সমস্যাটোৰ এক স্থায়ী সমাধান বিছৰাৰ মাজেৰে আহি পৰিছে তিব্বতৰ স্বাধীনতাৰ প্ৰসংগ। দৰাচলতে ভাৰতীয় উপমহাদেশৰ পৰা যথেষ্ট দূৰৈত থকা চীন কোনোদিনেই ভাৰতৰ চুবুৰীয়া নাছিল। ভাৰতৰ বাবে সেয়ে অতীতৰ নাছিল চীন সৃষ্ট কোনো সমস্যা। কাৰণ ভাৰত আৰু চীনৰ মাজত এক বৃহৎ ৰক্ষাস্তম্ভ অনবৰতে থিয় হৈ অনবৰতে হৈ আছিল সদাস্বাধীন, সাৰ্বভৌম ৰাষ্ট্ৰ, পৃথিবীৰ মূধচ তিব্বত।

কিন্তু চীনত কমিউনিষ্ট শাসন প্ৰতিষ্ঠা হোৱাৰ পিছতে দেশখনে আগ্ৰাসী ৰূপ লয় আৰু চীনা নেতাসকলৰ প্ৰথমেই লোলুপ দৃষ্টি পৰে সীমান্তৱৰ্তী ধুনীয়া ৰাষ্ট্ৰ তিব্বতৰ ওপৰত। তাৰ পৰিবৰ্তে প্ৰায় এটা দশকৰ ভিতৰতে চীনে তিব্বত বেদখল সম্পূৰ্ণ কৰে আৰু সেই বেদখলক স্বীকৃতি বা নায্যতা প্ৰদান কৰি সমগ্ৰ ভাৰতীয় উপমহাদেশৰ বাবেই সৰ্বনাশৰ পথ মুকলি কৰে ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে। কাৰণ তিব্বত বেদখল কৰাৰ পিছতেই চীনে ইয়াৰ পশ্বৱৰ্তী পাহাৰীয়া অঞ্চলসমূহকো লোলুপ দৃষ্টি দিব আৰম্ভ কৰে আৰু মুকলিকৈয়ে ক’বলৈ লয় চীনা নেতাসকলক। চীনৰ বাবে তিব্বতখন হাতৰ এখন তলুৱা আৰু এই তলুৱা সংলগ্ন আঙুলি পাঁচটা হৈছে লাডাখ, নেপাল, চিক্কম, ভূটান আৰু অৰুণাচল। অৰ্থাৎ তিব্বত বেদখল কৰাৰ পিছত লাডাখ, নেপাল, চিক্কিম, ভূটান আৰু অৰুণাচল বেদখল যুক্তিও চীনে উলিয়াই লয় আৰু সেয় নিজস্ব যুক্তি অনুসৰি আগবাঢ়ে আনৰ ভূমি বেদখল কৰা অভিযানত। বিগত শতিকাৰ ৫০ৰ দশকৰ শেষৰ পৰা ষাঠীৰ দশকৰ আৰম্ভণিৰ ভিতৰত চীনে ভাৰতৰ ভূমি লাডাখৰ এক বৃহৎ অংশ বেদখল কৰি লয় অক্ষয় চিহ্ন নামৰ যিটো অঞ্চল আজি পৰিচিত তথাকথিত আকচাই চীন নামেৰে। ১৯৬২ চনত চীনে চলায় অৰুণাচল বেদখলৰ ব্যৰ্থ চেষ্টা। বিগত ছটা দশকত নেপাল আৰু ভূটানৰো বিস্তৃত্ব অঞ্চল চীনে বেদখল কৰিছে। চিক্কিম বেদখলৰ বাবেও একাধিকাৰ যুঁজিছে ভাৰতৰ লগত। আৰু সমগ্ৰ ভাৰত তিব্বত সীমান্তত বাৰে বাৰে চলাই আছে অনুপ্ৰৱেশ আৰু আগ্ৰাসন। সেয়ে এতিয়া প্ৰশ্ন উঠিছেঃ-
তিব্বত স্বাধীনতাই ভাৰতৰ বাবে নিৰাপত্তা নেকি? লক্ষ্যনীয়ভাবে চীনে তিব্বত বেদখল কৰাৰ পিছতেই দেশখনৰ প্ৰধান নেতা তথা ধৰ্মগুৰুসকল ভাৰতলৈ পলাই আহে আৰু হিমাচল প্ৰদেশৰ ধৰমশালাত স্থাপন কৰে তিবেতান গৱৰ্ণমেন্ট ইন এগজাইল। সেই তেতিয়াৰ পৰাই তিবেতান গভৰ্ণমেন্ট ইন এগজাইলৰ নেতৃত্বত আৰু অন্যান্য ধৰণে নীপিড়িত তিব্বতী জনসাধাৰণে নিজৰ তথা তিব্বতৰ মুক্তি মুক্তি সংগ্ৰাম চলাই আহিছে। অথচ ভাৰতৰ বাবে ৰণকৌশলগত প্ৰয়োজনীয়তা থকা সত্বেও উক্ত মুক্তি সংগ্ৰামৰ প্ৰতি কোনো বিশেষ সহায় সমৰ্থন আগবঢ়োৱা নাই ভাৰত চৰকাৰে। দালাই লামাক আশ্ৰয় দিয়েই যেন ভাৰত চৰকাৰে। দলাই লামাক আশ্ৰয় দিয়েই যেন নতুন দিল্লীয়ে সামৰিছে নিজৰ দায়িত্ব। সেয়ে নিৰবচ্ছিন্ন চীনা আগ্ৰাসনৰ মুখত অতিষ্ঠ ভাৰতবাসীৰ এতিয়া দাবী মোদী চৰকাৰে তিব্বতৰ মুক্তি সংগ্ৰামখনৰ প্ৰতি পৰ্যাপ্ত তথা সক্ৰিয় সহায় সহযোগিতা আগবঢ়াওক। তিব্বত মুক্ত কৰক আৰু সীমান্তৰ কাষৰ পৰা তথা চুবুৰীয়াৰ স্থানৰ পৰা চীনক খেদি পঠিয়াওক সূদূৰ উত্তৰৰ পূৰ্বৰ জনতাৰ এনে আবেগিক দাবী সমান্তৰালভাবে দিল্লীৰ নিৰাপত্তা বিশেষজ্ঞসকলৰ চিন্তাও এতিয়া আগবাঢ়িছে একেই দিশে। যদিহে সেই দিশেৰেই চৰকাৰৰ কৰ্মআঁচনিও আগবাঢ়ে, তেনেহ’লে অদূৰ ভবিষ্যতে হয়তো তিব্বতৰ স্বাধীনতা সংগ্ৰামেও নতুন এক গতিশীলতা লাভ কৰিব আৰু দুৰ্বত্ত ৰাষ্ট্ৰ চীনে ভাৰতৰ আক্ৰমণৰ জৰিয়তে খন্দাৰ নিচিনা হ’ব নিজৰ কবৰ।

লক্ষণীয়ভাবে তিব্বত বেদখল কৰি চীনে অকল যে ভাৰতীয় উপমহাদেশৰ ৰাষ্ট্ৰসমূহৰ ওপৰত আক্ৰমণ চলোৱাৰ পথেই সুগম কৰিছে এনে নহয়। সমগ্ৰ তিব্বতেই সামৰিক ঘাটি গঢ়ি তুলি অধিক বিপদ মাতিছে ভাৰতৰ বাবে। তদুপৰি মালভূমিখনৰ প্ৰকৃতি-পাৰিপাৰ্শ্বিকতা বিনষ্ট কৰি অসন্তুলিত কৰি তুলিছে সমগ্ৰ বিশ্বৰেই জলবায়ু। সেয়ে গোটেই পৃথিবী মানৱ জাতি আৰু মানৱ সভ্যতাৰ হিতৰ বাবেই এতিয়া তিব্বতৰ পৰা সম্প্ৰসাৰণবাদী চীনৰ বিতাড়ণ হৈ উঠিছে অতি জৰুৰী।

Leave A Reply

Your email address will not be published.