শিক্ষা সেতু এপ্লিকেশ্যন সংস্থাপনৰ বিৰুদ্ধে সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিবাদ

ৰাজ্যৰ শিক্ষা বিভাগৰ দ্বাৰা ২৭ মে’ তাৰিখে জাৰি কৰা অসমৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট) সমূহত ‘শিক্ষা সেতু’ এপ্লিকেশ্যন সংস্থাপনৰ নিৰ্দেশনাক কেন্দ্ৰ কৰি তীব্ৰ অসন্তুষ্টি আৰু প্ৰতিবাদৰ জোৱাৰ উঠিছে। সদৌ অসম ডায়েট বিষয়া সন্থাই এই এপ্লিকেশ্যন সংস্থাপনৰ নিৰ্দেশনাৰ বিৰুদ্ধে তীব্ৰ আপত্তি দৰ্শাই ক্ষেত্ৰভিত্তিক পৰিদৰ্শন আৰু এছচিইআৰটি ডেপুটেশ্যনৰ সকলো কাৰ্যসূচীত অসহযোগিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে ৮ জুন তাৰিখে সদৌ অসম ডায়েট বিষয়া সন্থাৰ এটি প্ৰতিনিধি দলে অসম চৰকাৰৰ শিক্ষা বিভাগৰ আয়ুক্ত আৰু সচিব নাৰায়ণ কোঁৱৰক সাক্ষাৎ কৰি শিক্ষা সেতু এপ্লিকেশ্যন সন্দৰ্ভত বিস্তৃত আলোচনাত মিলিত হয়। আলোচনা কালত আয়ুক্ত সচিবগৰাকীয়ে শৈক্ষিক বিষয়াসকলৰ ব্যৱহাৰিক অসুবিধাসমূহৰ বুজ লয়। তেওঁ ‘সমৰ্থ’ (SAMARTH) ব্যৱস্থা সম্পূৰ্ণৰূপে কাৰ্যকৰী নোহোৱা পৰ্যন্ত এপ্লিকেশ্যনটোৰ প্ৰয়োজনীয় সংশোধনৰ বাবে লিখিত পৰামৰ্শ দাখিল কৰিবলৈ আহ্বান জনায়। সেই মৰ্মে সন্থাই শিক্ষা সেতু এপ্লিকেশ্যনৰ বিভিন্ন সীমাবদ্ধতা আৰু সংশোধনৰ প্ৰয়োজনীয় দিশসমূহ দাখিল কৰে। আলোচনা কালত সচিব নাৰায়ণ কোঁৱৰে আশ্বাস প্ৰদান কৰে যে যদিহে এই ব্যৱহাৰিক সমস্যাসমূহ সমাধানৰ বাবে প্ৰয়োজনীয় সংশোধন সম্ভৱ নহয় তেন্তে এপ্লিকেশ্যনটোৰ সংস্থাপন সম্পৰ্কে পুনৰ বিবেচনা কৰা হ’ব বা প্ৰত্যাহাৰ কৰা হ’ব। উক্ত আলোচনাৰ ঠিক পিছতেই দুপৰীয়া ১ বজাত সচিবালয়ত ডায়েট বিষয়া সন্থাৰ এক জৰুৰী কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত সামগ্ৰিক পৰিস্থিতি পৰ্যালোচনা কৰি সন্থাই সৰ্বসন্মতিক্ৰমে কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। সন্থাই স্পষ্ট কৰি দিছে যে তেওঁলোকে দাখিল কৰা সংশোধনৰ দিশসমূহৰ সন্তোষজনক আৰু লিখিত সমাধান নোপোৱা পৰ্যন্ত কোনো এজন বিষয়াই শিক্ষা সেতু এপ সংস্থাপন নকৰে। ডায়েট বিষয়া সমাজৰ মতে বৰ্তমানৰ ৰূপত এই এপ্লিকেশ্যনটো তেওঁলোকৰ কৰ্ম পৰিসৰৰ সৈতে কোনো কাৰণতে খাপ নাখায়। অভিযোগ অনুসৰি এছচিইআৰটিৰ সঞ্চালিকাগৰাকীয়ে ডায়েটৰ বিষয়াসকলৰ দায়িত্ব কেৱল উপস্থিতি দিয়াৰ পৰ্যায়লৈ সীমিত কৰিব খুজিছে| একেসময়তে তেওঁলোকৰ পৰা ব্যাপক ক্ষেত্ৰভিত্তিক কামো আশা কৰা হৈছে। এই বিপৰীতমুখী নীতিৰ বাবেই সন্থাই সিদ্ধান্ত লৈছে যে যদি কোনো প্ৰতিষ্ঠানত জোৰ-জুলুমকৈ এই এপ্লিকেশ্যন সংস্থাপন কৰিবলৈ বাধ্য কৰা হয় তেন্তে বিষয়াসকলে কেৱল ডায়েট চৌহদৰ কামতে নিজকে সীমাবদ্ধ ৰাখিব আৰু সকলো ধৰণৰ বাহ্যিক ক্ষেত্ৰভিত্তিক কৰ্তব্য, খণ্ড পৰ্যায়ৰ সহযোগিতা তথা নিৰীক্ষণমূলক কাৰ্যসূচী বৰ্জন কৰিব।

সন্থাই লগতে কয় যে ডিইইঅ’, বিইইঅ’, ডিপিঅ’ আৰু এছচিইআৰটিক এই এপ্লিকেশ্যনভিত্তিক উপস্থিতিৰ আওতাৰ পৰা বাহিৰত ৰাখি কেৱল ডায়েটৰ বিষয়াসকলৰ ওপৰত বিএড কলেজৰ সমান্তৰালভাৱে নিয়ম জাপি দিয়াটো যুক্তিসংগত নহয়। এই সমগ্ৰ ব্যৱস্থাৰ দায়িত্ব আৰু জবাবদিহিতা সম্পৰ্কে চৰকাৰে স্পষ্ট এছঅ’পি প্ৰকাশ কৰা উচিত। ডায়েট বিষয়াসকলে চৰকাৰী নিয়ম অনুসৰি ‘সমৰ্থ’ এপ্লিকেশ্যনৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাইছে যদিও ‘শিক্ষা সেতু’ক কোনোমতেই মানি ল’বলৈ প্ৰস্তুত নহয়। ইফালে এছচিইআৰটিত অনিৰ্দিষ্ট নিৰ্দেশনাৰে কৰ্মৰত একাংশ বিষয়াই ডায়েটত কোনো কাম নকৰাকৈও সকলো সুবিধা ভোগ কৰি আছে| অথচ তেওঁলোকক এই নিয়মৰ আওতালৈ অনা হোৱা নাই। গতিকে এছচিইআৰটিকে ধৰি সকলো শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানতে সমভাৱে এই নিয়ম কাৰ্যকৰী নকৰালৈকে ডায়েট বিষয়া সন্থাই অসহযোগ আন্দোলন চলাই যাব। তদুপৰি সঞ্চালকৰ যি প্ৰতিবেদনৰ ভিত্তিত এই নিৰ্দেশ জাৰি কৰা হৈছে, সেই “As Reported by Director, SCERT” শীৰ্ষক প্ৰতিবেদনখন ৰাজহুৱা নকৰা পৰ্যন্ত সন্থাই কোনো পদক্ষেপ গ্ৰহণ নকৰে বুলি স্পষ্ট কৰি দিয়ে।

উল্লেখনীয় যে সঞ্চালিকাগৰাকীয়ে ডায়েট বিষয়াসকলৰ পদবীনামকৰণৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত সদায় বিৰোধিতা কৰি অহাৰ বিপৰীতে ডায়েটৰ সৈতে সংগতিহীন এটা এপ্লিকেশ্যন জাপি দিবলৈ কৰা পৃষ্ঠপোষকতাই তেওঁৰ স্বেচ্ছাচাৰী মনোভাবকে প্ৰতিপন্ন কৰিছে। আনহাতে ডায়েটৰ বিষয়াসকলৰ পদোন্নতি দীৰ্ঘদিন ধৰি স্তব্ধ হৈ থকাৰ বিপৰীতে সঞ্চালকগৰাকীৰ নিজ কাৰ্যালয়ৰ বিষয়াসকলৰ পদোন্নতি প্ৰতি বছৰেই নিয়মীয়াকৈ হৈ আছে। ডায়েটৰ প্ৰতি থকা কোনো ব্যক্তিগত ক্ষোভৰ বাবেই তেওঁ এনে বৈষম্যমূলক আচৰণ কৰিছে নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে। ইয়াৰ উপৰিও তেওঁৰ অনভিপ্ৰেত আৰু অসংসদীয় ব্যৱহাৰৰ বাবে এছচিইআৰটি তথা ডায়েটৰ প্ৰায় সকলো বিষয়াই তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। সঞ্চালিকাগৰাকীৰ অনভিপ্ৰেত আচৰণ আৰু স্বেচ্ছাচাৰিতাৰ পৰিপ্ৰেক্ষিততো ডায়েট বিষয়া সন্থাই ইমানদিনে সংযম ৰক্ষা কৰি আহিছিল। এতিয়া এই সমগ্ৰ বিষয়টো সমাধানৰ ক্ষেত্ৰত সন্থাই শিক্ষামন্ত্ৰীৰ দৃঢ় হস্তক্ষেপ কামনা কৰিছে।

সদৌ অসম ডায়েট বিষয়া সন্থাৰ সভাপতি ইন্দ্ৰজিত্‍ গাম আৰু সম্পাদক ডঃ ঋতুপৰ্ণ মহন্তই জানিবলৈ দিয়া মতে যদিহে আগন্তুক সাত দিনৰ ভিতৰত এই বিষয়টোৰ সন্তোষজনক আৰু যুক্তিসংগত সমাধানসূত্ৰ ওলাই নাহে তেন্তে সন্থাই এছচিইআৰটিৰ সৈতে জড়িত সকলো সহযোগিতামূলক কাৰ্যসূচী বৰ্জন কৰি অসহযোগ আন্দোলন গঢ়ি তুলিব। অৱশ্যে সন্থাই ইয়াৰ দ্বাৰা আয়ুক্ত সচিবৰ সৈতে কোনো ভুল বুজাবুজি কৰাটো উদ্দেশ্য নহয় বুলি স্পষ্ট কৰি দিছে আৰু চৰকাৰৰ ফালৰ পৰা ইতিবাচক সমাধানসূত্ৰ আশা কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ভয়ংকৰ ঘটনা

দিনতো সুৰক্ষিত নহয় নেকি গুৱাহাটী? সন্তানক অকলে এৰি দিয়াৰ...

ভাৰতৰ জন্মৰ হাৰ নিম্নগামী হোৱাত উদ্বিগ্ন ইলন মাস্ক

ভাৰতৰ জন্মৰ হাৰ নিম্নগামী হোৱাত উদ্বিগ্ন ইলন মাস্ক। সামাজিক...

প্ৰচণ্ড গৰমৰ পৰা সকাহ, মহানগৰীৰ প্ৰান্তে প্ৰান্তে বৰষুণ….

প্ৰচণ্ড গৰম, ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি...

ডুবাইৰ দুৰ্ঘটনাত ৯জনকৈ লোকৰ মৃত্যু, নিহতসকলৰ ভিতৰত আছে কেইবাজনো ভাৰতীয়

ডুবাইৰ এমিৰেটছ ৰোডত সোমবাৰে সংঘটিত হয় এক ভয়াৱহ দুৰ্ঘটনা।...