চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থীৰ বাবে সুখবৰ

যাতায়াতজনিত অসুবিধাৰ বাবে বিদ্যালয়লৈ যাব পৰা নাই নেকি? অভিভাৱক, ছাত্ৰ-ছাত্ৰীৰ বাবে আহিছে সুখবৰ। চাহ বাগিচা অঞ্চলৰ ছাত্র-ছাত্ৰীৰ বাবে আৰম্ভ হৈছে বিশেষ আঁচনি। যাতায়াতৰ অসুবিধাত কোনো ছাত্ৰ-ছাত্ৰী যাতে শিক্ষাৰ পৰা বঞ্চিত নহয় তাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। চাহ বাগিচা অঞ্চলৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এতিয়াৰে পৰা বিদ্যালয়লৈ যাবলৈ লাভ কৰিব বিনামূলীয়া পৰিবহণৰ ব্যৱস্থা। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে জনালে এই কথা।

কোনে কোনে লাভ কৰিব এই সুবিধা?
প্ৰথমৰ পৰা দশম শ্ৰেণীলৈ অধ্যয়নৰত শিক্ষাৰ্থীয়ে লাভ কৰিব এই সুবিধা। ৯,৭১৪ জন ছাত্ৰ-ছাত্ৰী উপকৃত হ’ব এই আঁচনিৰ দ্বাৰা। এই আঁচনিত সামৰি লোৱা হৈছে ১১ খন জিলাৰ ১৯৮ খন বিদ্যালয়।

ডিজিটেল ডেস্ক | প্ৰাঞ্জলজ্যোতি গগৈ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

একাংশই দানবীৰ, মহান সজোৱা ফৰিছা চুলতানাৰ কাণ্ডই চকু কপালত তুলিব আপোনাৰো

মানুহ কিমান নিকৃষ্ট হ'ব পাৰে নুশুনিলে-নেদেখিলে আপোনাৰ বিশ্বাস নহব।...

ছাত্ৰ আন্দোলনৰ সন্মুখত নতি স্বীকাৰ

অৱশেষত ক’কৰোছৰ জয়। যন্তৰ মন্তৰসহ সমগ্ৰ দেশ জুৰি হোৱা...

হোজাই-পশ্চিম কাৰ্বি আংলং সীমান্তত শোকাৱহ ঘটনা

হোজাই-পশ্চিম কাৰ্বি আংলং সীমান্তত শোকাৱহ ঘটনা। কপিলী নৈত গা...

CJPৰ সকলো দাবী মানি ল’লে চৰকাৰে

সফলতাৰে অন্ত পৰিল চৰকাৰ-CJPৰ তৃতীয়লানি আলোচনা। CJPৰ সকলো দাবী...