GNRC ‘স্বাস্থ্যমিত্র এক্সিলেন্স এৱাৰ্ড’ সম্পন্ন

ব্যয়সাধ্য স্বাস্থ্য অভিযানৰ অন্তৰ্গত স্বাস্থ্যকৰ্মীসকললৈ বঁটা প্ৰদান

সমগ্ৰ বিশ্বতে ১০০ কোটিতকৈও অধিক লোক চিকিৎসা সেৱাৰ পৰা বঞ্চিত। উপযুক্ত চিকিৎসা সেৱা ব্যৱস্থা এটাৰ জৰিয়তে নিৰোগী আৰু সবল সমাজ এখন আৰু এখন অর্থনৈতিকভাৱে সমৃদ্ধিশালী দেশ গঢ়াৰ লক্ষ্য আগত ৰাখি ২০১৭বৰ্ষৰ আগষ্ট মাহত উত্তৰ-পূৰ্বাঞ্চলৰ ব্যক্তিগত খণ্ডৰ অগ্ৰণী চিকিৎসা প্রতিষ্ঠান জিএনআৰচিয়ে ‘ব্যয়সাধ্য স্বাস্থ্য অভিযান’ৰ সূচনা কৰিছিল। এই অভিযানৰ অন্তৰ্গত ‘স্বাস্থ্যমিত্ৰ ৰূপে দায়িত্ব পালন কৰি ৬,৫০০ৰো অধিক ব্যক্তিয়ে অসমৰ চুকে-কোণে এক কোটিতকৈও অধিক লোকৰ জীৱন স্পৰ্শ কৰিছে। প্রায় ১১০০ স্বাস্থ্যমিত্ৰৰ উপস্থিতিত আজি মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত তৃতীয় ‘স্বাস্থ্যমিত্র এক্সিলেন্স এৱাৰ্ড’ সম্পন্ন হয়। ব্যয়সাধ্য স্বাস্থ্য অভিযানক সফল কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা ২০০ গৰাকী স্বাস্থ্যমিত্ৰক আজিৰ এই অনুষ্ঠানত বঁটা প্ৰদান কৰা হয়। তেওঁলোকৰ কষ্ট, অৰিহণা আৰু সফলতাক ৰাজহুৱাকৈ স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে প্রতিমাহে এই বঁটা প্ৰদান কৰা হয়। জ্যেষ্ঠ সাংবাদিক আৰু প্ৰবন্ধকাৰ প্ৰকাশ মহন্ত আৰু NKTVৰ পৰিচালন সম্পাদক পৰাগমণি আদিত্য আজিৰ এই অনুষ্ঠানত ক্ৰমে মুখ্য অতিথি আৰু সন্মানীয় অতিথিৰূপে উপস্থিত থাকি শোভাবর্ধন কৰে ।

ব্যয়সাধ্য স্বাস্থ্য অভিযান আৰু জিএনআৰচিৰ প্ৰতিষ্ঠাপক ডাঃ নোমল চন্দ্ৰ বৰাই উপস্থিত সংবাদ মাধ্যমৰ প্ৰতিনিধিবৃন্দ তথা স্বাস্থ্যমিত্ৰসকলক সম্বোধি কয়— “সমগ্ৰ বিশ্বৰে স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত ব্যক্তিসকলক ব্যয়সাধ্য স্বাস্থ্য সেৱাৰ আওতালৈ অনাটো এক জটিল প্ৰক্ৰিয়া। আমাৰ মানুহবোৰক সংগঠিত কৰি, স্বাস্থ্য সম্পৰ্কে শিক্ষা প্ৰদান কৰি, তেওঁলোকৰ মাজত থাকি নিৰৱচ্ছিন্নভাৱে স্বাস্থ্যৰ বুজ লৈ প্ৰয়োজনসাপেক্ষে জৰুৰীকালীন ৰোগৰ ক্ষেত্ৰত হাস্পতালত ভৰ্তি কৰোৱাকে ধৰি বহুকেইটা দিশ সামৰি লোৱাৰ উদ্দেশ্যে আজিৰ পৰা পাঁচ বছৰ আগতে ব্যয়সাধ্য স্বাস্থ্য অভিযান আঁচনি আৰম্ভ কৰা হৈছিল। ৰোগমুক্ত আৰু স্বাস্থ্যৱান ব্যক্তি এগৰাকীয়েহে আর্থ সামাজিকভাৱে এখন দেশ আগুৱাই নিয়াত সহায় কৰিব পাৰ। আমাৰ এই আঁচনিৰ জৰিয়তে আমি এখন ৰোগমুক্ত, সবল, স্বাস্থ্যৱান আৰু সমৃদ্ধিশালী সমাজ গঢ়ি তুলিব বিচাৰো। আমাৰ স্বাস্থ্যমিত্ৰসকলকৰ অহর্নিশ কষ্টৰ ফলতহে আজি এই অভিযানে সফলতাৰ মুখ দেখিছে। তেওঁলোকৰ কঠোৰ পৰিশ্ৰমক সন্মান তথা স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে আজিৰ এই বিশেষ বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। তদুপৰি আমাৰ এই স্বাস্থ্যমিত্ৰসকলে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত অটল অমৃত অভিযান আৰু আয়ুষ্মান ভাৰত যোজনাৰ সফল ৰূপায়ণৰ বাবেও চেষ্টা অব্যাহত ৰাখিছে।

প্রায়ভাগ ৰোগৰে মুখ্য কাৰণ হ’ল ইয়াৰ বিষয়ে বিশদভাৱে নজনাটো, অস্বাস্থ্যকৰ জীৱন যাপন আৰু সময়োপযোগী তথা প্ৰতিৰোধী চিকিৎসাৰ বিষয়ে অজ্ঞতা। ব্যয়সাধ্য স্বাস্থ্য অভিযানৰ জৰিয়তে আমি এই কথাসমূহৰ এক সমিধান উলিয়াবলৈ যত্ন কৰিছো। যি কার্য তৃণমূল পৰ্যায়ত স্বাস্থ্যমিত্ৰসকলে ৰূপায়ণ কৰি আছে।”

উপস্থিত সংবাদ মাধ্যমৰ প্ৰতিনিধিবৃন্দকে ধৰি অসমৰ সমূহ সংবাদ মাধ্যম, সহকৰ্মী আৰু সমাজৰ প্ৰতিগৰাকী ব্যক্তিলৈ কৃতজ্ঞতা জ্ঞাপন কৰি ডাঃ বৰাই কয়— “আপোনালোক সকলোৰে আশীৰ্বাদ, সহায় আৰু সহযোগিতাৰ ফলত আমাৰ ‘সকলোৰে বাবে স্বাস্থ্য, সকলোৰে মুখত হাঁহি বিৰিঙোৱাৰ যি উদ্দেশ্য সেই অভিমুখে আমি আগবাঢ়ি যাবলৈ সমৰ্থ হৈছো।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...