২০২৪ত নৰেন্দ্ৰ মোদীয়েই প্ৰধানমন্ত্ৰী হ’বঃ মন্ত্ৰী পীযুষ হাজৰিকা

0 33

আজি তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টি, গাভৰু মণ্ডলৰ উদ্যোগত অনুষ্ঠিত বুথ স-শক্তিকৰণ সভাত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা। সভাত বুথ পৰ্যায় তথা তৃণমূল পৰ্যায়ৰ দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰাৰ হেতু বিস্তৃতভাৱে আলোচনা কৰে তেখেতে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু দলৰ সভাপতি ভৱেশ কলিতাৰ আগ্ৰহত দলৰ শক্তিশালী সংগঠন অধিক শক্তিশালী কৰাৰ উদ্দেশ্যৰে আজি এই বুথ কমিতিৰ সভাত অংশগ্ৰহণ কৰে মন্ত্ৰীজনে। সমষ্টিটোৰ বুথ সভাপতি সকলৰ সৈতে পৰ্যালোচনা সভাত বহে তেজপুৰ সমষ্টিত দলীয় স্থিতি শক্তিশালী কৰাৰ দায়িত্ব লাভ মন্ত্ৰী হাজৰিকাই। বিজেপি নেতৃত্বাধীন চৰকাৰ তথা বিজেপি দলে ৰাইজৰ স্বাৰ্থত কেনেকৈ কাম কৰি আছে এই বিষয়সমূহ জনগণৰ মাজলৈ কেনেকৈ লৈ যাব পৰা যায় সেই বিষয়ত আলোচনা কৰে তেখেতে। অসমৰ ভৱিষ্যতৰ স্বাৰ্থত ভাৰতবৰ্ষৰ সৰ্বাংগীন উন্নয়নৰ বাবে বিজেপিক ৰাইজে যাতে সমৰ্থন কৰে তাৰ বাবে আহ্বান জনায় মন্ত্ৰী হাজৰীকাই। কেৱল নিৰ্বাচনকেন্দ্ৰীক নহয় সকলো সময়তে দলীয় স্থিতি সবল কৰাৰ লগতে ৰাইজৰ উন্নয়নৰ বাবে দলে এনে সভা অনুষ্ঠিত কৰি আহিছে বুলি মন্তব্য কৰে মন্ত্ৰীজনে।

২০২৪ৰ লোকসভা নিৰ্বাচন প্ৰসংগত মন্ত্ৰীজনে কয় যে, নিঃসন্দেহে ২৪ত পুনৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশৰ প্ৰধানমন্ত্ৰী আসনত অধিষ্ঠিত হ’ব। কেৱল দ্বিতীয় স্থানত থাকিবলৈহে বিৰোধী দলসমূহে নিৰ্বাচনী প্ৰতিদ্বন্দিতাত অৱৰ্তীণ হ’ব। লগতে কয়, দেশত চৰকাৰ গঠন কৰিব পৰাকৈ কোনো এটা বিৰোধী দলে আগবঢ়াই নাই আৰু এই মুহূৰ্ত্বতলৈ চৰকাৰ গঠন কৰিব পৰা স্থিতি নাই বিৰোধী দলসমূহৰ। বিৰোধীক এক প্ৰকাৰ নস্যাৎ কৰি মন্ত্ৰীজনে মন্তব্য কৰে যে, কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাই কোনো প্ৰভাৱ নেপেলাই শাসকীয় বিজেপি দলক। কংগ্ৰেছ আৰু এআইইউডিএফক লৈ মন্তব্য কৰি তেখেত কয়, কংগ্ৰেছ আৰু এআইইউডিএফ কেতিয়াও বিশ্বাস নকৰোঁ। তেওঁলোক মিত্ৰতাত থাকক বা নাথাকক বিজেপি দলৰ একো ক্ষতি কৰিব নোৱাৰে।

সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত সাংবাদিকে সুধা প্ৰশ্ন উত্তৰত তেখেত কয়, সমষ্টি পুনৰ নিৰ্ধাৰণে কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নেপেলায়। অসমীয়াৰ সুৰক্ষাৰ স্বাৰ্থত অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যি কাম-কাজ কৰিছে তাৰ বাবে সকলোৰে পৰা সহায়-সহযোগিতা আৰু আশীৰ্বাদ কামনা কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।

Leave A Reply

Your email address will not be published.