কেলেংকাৰীৰ গোচৰত বিচাৰাধীন লুই বাৰ্জাৰত অসমত নতুন ঠিকা

কেলেংকাৰীৰ গোচৰত বিচাৰাধীন লুই বাৰ্জাৰত অসমত নতুন ঠিকা
কেন্দ্ৰীয় মন্ত্ৰীৰ নীতিন গাডকাৰীৰ ঘোষণাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া
চৰকাৰক ক্ষুৰধাৰ সমালোচনা বিৰোধীৰ
বিজেপি চৰকাৰৰ এই সিদ্ধান্তক অনৈতিক আখ্যা
পুৰণি কেলেংকাৰীক গাপ দিবলৈ লুই বাৰ্জাৰক পুৰস্কৃত কৰাৰ অভিযোগ

ৰাজ্য কপোৱা লুই বাৰ্জাৰ কেলেংকাৰীক লৈ পুনৰ গৰম হৈছে ৰাজ্যৰ ৰাজনৈতিক বতাহ। নুমলীগড়–গহপুৰ সংযোগী সুৰংগপথৰ ডিপিআৰ প্ৰস্তুতৰ বাবে বিতৰ্কিত লুই বাৰ্জাৰ কোম্পানীক দায়িত্ব অৰ্পণৰ নীতিন গাডকাৰীৰ ঘোষণাৰ পিছতে বিৰোধীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গুৱাহাটীৰ পানী যোগান প্ৰকল্পৰ নামত লুইবাৰ্জাৰে বৃহৎ‍ পৰিমানৰ ধন উৎ‍কোচ দিয়া গোচৰৰ চি বি আই তদন্ত আজিও অব্যাহত। তাৰ মাজতে পুনৰ লুই বাৰ্জাৰত নতুন কামৰ ঠিকা প্ৰদানক লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰাৰ প্ৰতিক্ৰিয়া ইয়াৰ কোনো বিকল্প নাই চৰকাৰৰ ওচৰত। পুৰণি কেলেংকাৰী গাপ দিবলৈ লুইবাৰ্জাৰক পুৰস্কৃত কৰা মবলি মন্তব্য ভূপেন বৰাৰ।

ইফালে লুইবাৰ্জাৰৰ বিৰুদ্ধে CBIৰ তদন্ত চলি থকাৰ মাজতে পুনৰ লুই বাৰ্জাৰত ঠিকা আৱণ্টন অনৈতিক আখ্যা বিধায়ক অখিল গগৈৰ। লুই বাৰ্জাৰক নতুন ঠিকা আৱণ্টন এক নতুন কেলেংকাৰী অখ্যা অখিলৰ। এনে বিতৰ্কিত প্ৰতিষ্ঠানক পুনৰ অসমত প্ৰৱেশ বন্ধ কৰাৰ দাবীৰে মুখ্যমন্ত্ৰীক অখিল গগৈৰ প্ৰত্যাহ্বান।

ৰাজ্যত লোকসভা নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলেই কুচকাবাজ আৰম্ভ কৰাৰ সময়ত আকৌ লুইচ বাৰ্জাৰৰ বিতৰ্কই নিশ্চয়কৈ অস্বস্তীত পেলাব শাশকীয় বিজেপিক। বিৰোধীৰ এনে আক্ৰমণৰ প্ৰত্যুত্তৰ এতিয়া চৰকাৰী পক্ষই কিদৰে দিয়ে সেয়াহে হ’ব লক্ষ্যণীয়।

NKTV Digital
Author: NKTV Digital

80 COMMENTS

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...