ছৈয়দ মুস্তাক আলী ট্ৰফীত দুৰ্দান্ত ছন্দত অসম সন্তান ৰিয়ান পৰাগ

দুৰ্দান্ত ছন্দত অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগ। চলিত চৈয়দ মুস্তাক আলী ট্ৰফীত অভিলেখৰ ওপৰত অভিলেখ গঢ়িছে অসম সন্তানে। মঙ্গলবাৰে অৰ্ধ-শতৰানৰ সহায়ত অসমক মুস্তাক আলী ট্ৰফীৰ কোৱাৰ্টাৰ-ফাইনেললৈ লৈ যায়।

গড় ১২২.৫০, ৰান ৪৯০, ষ্ট্ৰাইক ৰেট ১৮৯.১৯
ছৈয়দ মুস্তাক আলী ট্ৰফীত দুৰ্দান্ত ছন্দত অসম সন্তান ৰিয়ান পৰাগ
৩৯টা ছয়ৰে সৰ্বাধিক ৰান অৰ্জন কৰা বেটাৰৰ তালিকাৰ শীৰ্ষত ৰিয়ান
অধিনায়ক ৰিয়ানৰ বলত ১৪ বছৰ পিছত SMATৰ কোৱাৰ্টাৰ-ফাইনেলত অসম

একেৰাহে ৭টাকৈ অৰ্ধ-শতক। ১০টাকৈ উইকেট। চলিত ছৈয়দ মুস্তাক আলী ট্ৰফীত অব্যাহত আছে ৰিয়ানৰ দপদপনি। অব্যাহত আছে দুৰ্দান্ত প্ৰদৰ্শন। বেটিং, বলিং,অধিনায়কত্ব সকলোতে উজলিছে ৰিয়ান পৰাগ। মঙ্গলবাৰে শক্তিশালী বেংগলৰ বিৰুদ্ধে অপৰাজিত অৰ্ধ-শতৰান অৰ্জন কৰি অসমক ১৪ বছৰ পিছত ছৈয়দ মুস্তাক আলী ট্ৰফীৰ কোৱাৰ্টাৰ-ফাইনেলত যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয়। অকল বেটৰে নহয় বলিংতো ২টাকৈ উইকেট দখল কৰি ৰিয়ানে দেখুৱাই চমক। দেওধৰ ট্ৰফীত বেট-বলে ভাল প্ৰদৰ্শন দাঙি ধৰা ৰিয়ানে মুস্তাক আলী ট্ৰফীতো ভাল প্ৰদৰ্শন অব্যাহত ৰাখিছে। T20 ক্ৰিকেটত একেৰাহে ৭টাকৈ অৰ্ধ-শতক অৰ্জন কৰাৰ অভিলেখো নিজৰ নামত কৰিছে খেলুৱৈজনে।

বিহাৰৰ বিৰুদ্ধে ৬১ ৰান
ছাৰ্ভিচেছৰ বিৰুদ্ধে অপৰাজিত ৭৬ ৰান
ছিক্কিমৰ বিৰুদ্ধে অপৰাজিত ৫৩ ৰান
চণ্ডিগড়ৰ বিৰুদ্ধে ৭৬ ৰান
হিমাচল প্ৰদেশৰ বিৰুদ্ধে ৭২ ৰান
কেৰালাৰ বিৰুদ্ধে অপৰাজিত ৫৭ ৰান
বেংগলৰ বিৰুদ্ধে অপৰাজিত ৫০ ৰান

৭খন মেচত একেৰাহে ৰানৰ পাহাৰ গঢ়ি ক্ৰিকেট বিশ্লেষকৰ দৃষ্টি আকৰ্ষণৰ কৰিবলৈ সক্ষম হৈছে ৰিয়ানে। ৰিয়ান এই প্ৰদৰ্শনত সুখী তেওঁৰ পৰিয়াল। অত্যন্ত সুখী তেওঁৰ পিতৃ আৰু অসম প্ৰাক্তন ক্ৰিকেটাৰ পৰাগ দাস।

ছৈয়দ মুস্তাক আলী ট্ৰফীত ৰিয়ানৰ এই প্ৰদৰ্শনক উচ্চ প্ৰশংসা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ আকাশ চোপ্ৰাৰ। অকল আকাশ চোপ্ৰাই নহয় ৰিয়ানৰ এই দুৰ্দান্ত প্ৰদৰ্শনক প্ৰশংসা কৰে প্ৰাক্তন ক্ৰিকেটাৰ অভিনৱ মুকুন্দও। ইপিনে, ৰিয়ানৰ এই সামঞ্জস্যপূৰ্ণ প্ৰদৰ্শনে তেওঁক বিশ্বকাপৰ পিছত অনুষ্ঠিত হ’ব লগা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ T-20 শৃংখলাত টীম ইণ্ডিয়াত স্থানলাভৰ সুযোগ সজীৱ কৰি তুলিছে বুলি ক্ৰিকেট মহলত চলিছে চৰ্চা। মুঠৰ অসম সন্তানে ৰাষ্ট্ৰীয় পৰ্যায়ত এনেকৈ নিৰন্তৰ ভাল প্ৰদৰ্শন দাঙি ধৰি ভাৰতীয় দলত স্থান পোৱাটো প্ৰায় নিশ্চিত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...