যৌনকৰ্মীক খাদ্য যোগানৰ নামত ব্যয় লাখে লাখে টকা

অসমত নিষিদ্ধ দেহব্যৱসায়ক মঙলদৈত বৈধতা প্ৰদান!
ক’ভিড কালত যৌন কৰ্মীক ভৰণ-পোষণ জিলা প্ৰশাসনৰ
যৌনকৰ্মীক খাদ্য যোগানৰ নামত ব্যয় লাখে লাখে টকা
জিলা প্ৰশাসনৰ তথ্যতে উন্মোচিত উদ্বেগজনক তথ্য
দৰং জিলাত আছে ৬১৬ গৰাকী যৌনকৰ্মী
প্ৰশাসনৰ পৰা যৌন কৰ্মীৰ বিতং তথ্য বিচাৰি বিমুখ মঙলদৈৰ বিধায়ক
বিধায়কৰ দুখনকৈ পত্ৰৰ উত্তৰ দিয়া নাই জিলা প্ৰশাসনে
যৌনকৰ্মীৰ নামত কোনোবাই কৰিছে নেকি পকেট গৰম?

দৰং জিলা প্ৰশাসনৰ এক আশ্চৰ্যজনক কাণ্ডক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। যি তথ্যই ৰাজ্যৰ এইড্ছ বিৰোধী যুঁজখনলৈও মাতিছে প্ৰত্যাহ্বান। শুনি আচৰিত হ’ব ক’ভিড কালত যৌনকৰ্মীক খাদ্য যোগানৰ নামতে ব্যয় প্ৰায় ১৫ লাখ টকা। নিষিদ্ধ দেহ ব্যৱসায়ত জড়িত যৌনকৰ্মীৰ ভৰণ পোষণৰ নামত এই বিশাল ধন ৰাশি ব্যয় কৰা বুলি কাগজে পত্ৰই উল্লেখ কৰিছে দৰং জিলা প্ৰশাসনে।

চৰকাৰী তথ্যমতেই দৰং জিলাত আছে ৬১৬ গৰাকী সক্ৰিয় যৌন কৰ্মী। এই বিপুল সংখ্যক যৌনকৰ্মীক ক’ভিড কালত খাদ্য যোগান ধৰিছিল জিলা প্ৰশাসনে। যৌনকৰ্মীক খাদ্য যোগানৰ বাবদ ২০২০-২০২১ বৰ্ষত ২লাখ ৫০হাজাৰ টকা আৰু ২০২১-২০২২ বৰ্ষত ১২ লাখ ৩৩ হাজাৰ ২৩২ টকা ব্যয় কৰা বুলি এক RTIৰ তথ্যত প্ৰকাশ কৰিছে প্ৰশাসনে। কিন্তু জিলা প্ৰশাসনৰ এই তথ্য ৰহস্যৰ গোন্ধ পাইছে মঙলদৈৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী বসন্ত দাসে।

কাৰণ যদি জিলা প্ৰশাসনে দিয়া তথ্য সত্য হয় তেন্তে মঙলদৈৰ ক’ত ক’ত আছে পতিতালয়?
কোন পতিতালয়ত আছে কিমান যৌনকৰ্মী?

এই সন্দৰ্ভত জিলা প্ৰশাসনৰ পৰা তাৰ বিতং তথ্য বিচাৰিছিল বিধায় বসন্ত দাসে। ৩ অক্টোবৰতেই স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক এখন পত্ৰ প্ৰদান কৰিছিল বিধায়ক দাসে। কিন্তু এমাহে তাৰ কোনো উত্তৰ নিদিলে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে। পুনৰ ২৬ অক্টোবৰত জিলা আয়ুক্তক বিধায়ক দাসে দিলে একেখন পত্ৰ। কিন্তু আজিলৈ তাৰো কোনো উত্তৰ নাহিল।

ইফালে জিলা প্ৰশাসনৰ এই তথ্যক আৰ্শ্চয্যজনক আখ্যা দিছে ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়েও। সংবাদ মাধ্যমৰ আগত এক প্ৰকাৰ এই তথ্যক নস্যাৎ‍ কৰি বিধায়ক ৰাজবংশীৰ জিলা প্ৰশাসনক প্ৰত্যাহ্বান। ইতিমধ্যে এই স্পৰ্শকাতৰ বিষয়ক লৈ শীঘ্ৰে দুই বিধায়কে একেলগে জিলা আয়ুক্তৰ সৈতে বৈঠক বহাৰো সিদ্ধান্ত লৈছে। কিন্তু এজন জনপ্ৰতিনিধিয়ে বাৰে বাৰে লিখিত অভিযোগ দিয়াৰ পিছতো বিষয়টোক লৈ জিলা প্ৰশাসনৰ নিৰৱতাকলৈ সন্দেহ ঘণীভূত হৈছে, যৌনকৰ্মীক খাদ্য যোগানৰ নামত এই ১৫ লাখ টকা সোমাল নেকি কাৰোৱাৰ জেপত? হয়তো দুই বিধায়কৰ সৈতে জিলা প্ৰশাসনৰ বৈঠকৰ অন্তত পোহৰলৈ আহিব পাৰে ইয়াৰ আঁৰৰ ৰহস্য। কিন্তু মঙলদৈত ৬১৬ গৰাকী যৌনকৰ্মী থকাৰ চৰকাৰী তথ্যক লৈ এতিয়া সৃষ্টি হৈছে চাঞ্চল্যৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ সৌভাগ্যশালী যাত্ৰী ৰমেশ বিশ্বাস কুমাৰ

বৃহস্পতিবাৰে আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপৰ মেঘানিনগৰত...

১০ মিনিট দেৰি কৰাৰ বাবে ফ্লাইটখন মিছ কৰিছিল এইগৰাকী সৌভাগ্যশালী মহিলাই

আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপৰ মেঘানিনগৰত এয়াৰ...

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা : ৮,২০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতা আছিল কেপ্তেইন সুমিত ছভাৰৱালৰ

আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপৰ মেঘানিনগৰত এটা...

বোৱিং ৭৮৭-৮ ড্ৰিমলাইনাৰৰ কাৰিকৰী সমস্যাৰ ইতিহাস

বোৱিং ৭৮৭-৮ ড্ৰিমলাইনাৰ, যি এখন অত্যাধুনিক বাণিজ্যিক বিমান হিচাপে...