শুকাইছে চিৰপ্ৰৱাহিত ব্ৰহ্মপুত্ৰৰ বক্ষ

শুকাইছে চিৰপ্ৰৱাহিত ব্ৰহ্মপুত্ৰৰ বক্ষ
বাম হৈ আহিছে উপনৈসমূহো
ওপঙি আহিছে মৰা মাছ
মাজুলী, ঢকুৱাখনা, কামৰূপত ৰুক্ষ বক্ষৰে মৰুভূমি হৈ পৰিছে লুইত!

চিৰপ্ৰৱাহিত ব্ৰহ্মপুত্ৰত কালিকা লাগিছে! অস্বাভাৱিকভাৱে শুকাই আহিছে ব্ৰহ্মপুত্ৰৰ বক্ষ। ক্ৰমাৎ যেন মৰুভূমিৰ ৰূপ ধাৰণ কৰিছে মহাবাহু ব্ৰহ্মপুত্ৰই। শদিয়াৰ পৰা ধুবুৰীলৈ একেই হাৰত কমিছে লুইতৰ জলস্তৰ। লাখ-লাখ নৈপৰীয়াৰ জীৱন-জীৱিকালৈ ভাবুকি নামি আহিছে। দ্ৰুতগতিত উজনিৰ পৰা নামনিলৈ উদ্বেগজনকভাবে হ্রাস পাইছে মহাবাহু ব্ৰহ্মপুত্ৰৰ জলস্তৰ।

নৈপৰীয়া সভ্যতাক কঁপাই তুলিছে কোনে?
আঁৰত আছে নেকি ৰঙা চীনৰ কু-চক্ৰান্ত?

এইয়া ঢকুৱাখনাৰ দৃশ্য। কাহানিও কোনেও নেদখা এক পৰিৱেশৰ সৃষ্টি হৈছে ঢকুৱাখনাত। শুকান বালিচৰৰ মাজত যেন হেৰাই গৈছে চিৰ প্ৰবাহমান মহাবাহুৰ প্ৰকৃত ৰূপ। ভৰ বাৰিষা ফেনে ফোটোকাৰে ওফন্দি উঠা ব্ৰহ্মপুত্ৰত এতিয়া নাই পানী। জলস্তৰ হ্ৰাস হোৱাত দিচাং-টেকেলিফুটা পাৰঘাটত ফেৰী চলাচলত সৃষ্টি হৈছে সমস্যাৰ। স্থানীয় লোকৰ মতে শেহতীয়াকৈ চীনে ব্ৰহ্মপুত্ৰৰ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰা বাবেই ক্ৰমাৎ হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ।

মাজুলীতো শুকাইছে লুইত। নামনি সোৱণশিৰিত বৃহৎ নদীবান্ধৰ ভয়াৱহতা সন্দৰ্ভতো এখন স্পষ্ট ছবি অলপতে দেখিছে অসমৰ জনসাধাৰণে। কিদৰে শুকাই গৈছিল চিৰ প্ৰৱাহমান সোৱণশিৰি। ব্ৰহ্মপুত্ৰৰ উপনৈসমূহৰ মাজত আটাইতকৈ ডাঙৰ উপনৈ সোৱণশিৰিয়ে কঢ়িয়াই ফুৰে লুইতৰ বুকুলৈ বৈ যোৱা ১২ৰ পৰা ১৩ শতাংশ পানী। যাৰ বাবে এতিয়া শংকা নামি আহিছে ব্ৰহ্মপুত্ৰলৈ। প্ৰশ্ন উঠিছে ইয়াৰ আঁৰত আছে নেকি চীন। চীনত বৰ্তমান নিৰ্মাণ হৈ থকা বৃহৎ নদীবান্ধৰ পৰা চীনে বছৰি ৬০ হাজাৰ মেগাৱাট বিদ্যুৎ উৎপাদনৰ পৰিকল্পনা কৰিছে। ইয়াংচিকিয়াঙক ভেটা দি চীনে আৰম্ভ কৰিছে এই বৃহৎ নদীবান্ধ। এই নদীবান্ধ সম্পূৰ্ণ হ’লে ব্ৰহ্মপুত্ৰৰ উপকূলত দেখা দিব তীব্ৰ জলসংকটে। সেইবাবে আন্তৰ্জাতিক পৰিৱেশ বিজ্ঞানীসকলে এই বৃহৎ নদীবান্ধ নিৰ্মাণৰ ক্ষেত্ৰত চীনে পুনৰবাৰ চিন্তা কৰা উচিত বুলি মন্তব্য কৰিছে। যদিহে চীনৰ এই অভিপ্ৰায় সঁচা হয়, তেন্তে অসমৰ আয়ুসৰেখা ব্ৰহ্মপুত্ৰই দেখিব আৰু বহু ভয়ানক সময়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...

নিজে লাভ কৰা নোবেল বঁটা ট্ৰাম্পক দিলে মাচাডোৱে, এই বঁটা হস্তান্তৰ কৰিব পাৰিনে?

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি...

চীন, ভাৰত আৰু ইউৰোপ… নতুন বিশ্ব ব্যৱস্থাৰ কথা কিয় চলিছে, কানাডা নেতা হ’ব নেকি?

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে বিশ্ব বাণিজ্যৰ দিশ নিৰ্ধাৰণৰ অভিযানত...