হৰিৰ কীৰ্তনৰে হৰিষতে বিলীন ধূপধাৰা

খোল -তাল, গীত- মাত সাহিত্য – সংস্কৃতিৰ ওমাল পৰিৱেশত জীপাল হৈ পৰিছে ঐতিহ্যময় ধূপধৰাৰ চৌপাশ। সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশত আৰম্ভ হ’ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৩০ সংখ্যক কেন্দ্ৰীয় শিশু, যুৱ আৰু আই মাতৃ সমাৰোহ। গোৱালপাৰা জিলা শাখাৰ আতিথ্যত ৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই বিশাল সমাৰোহ।

সমাৰোহত অংশগ্ৰহণ কৰিছে উত্তৰ-পূৱৰ লক্ষাধিক ভকত বৈষ্ণৱে। শ্ৰীমন্ত শংকৰদেৱ গুৰু জনাৰ ধৰ্ম, আদৰ্শ, সংস্কৃতিৰ বহল আৰু বিস্তাৰিত প্ৰচাৰৰ লগতে যুৱ প্ৰজন্মৰ মাজত বিলীন কৰি দিয়াৰ মানসেৰে প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে এই সমাৰোহ।প্ৰতিবছৰে ৰাজ্যৰ বিভিন্ন স্থানত ভিন্নভাৱে আয়োজিত হৈ আহিছে এই সমাৰোহ। এইবাৰৰ স্থান ধূপধৰা। ভকত বৈষ্ণৱক আতিথ্যৰ বাবে বিশাল আয়োজন অভ্যৰ্থনা সমিতিৰ। চকুত লগাকৈ সজা হৈছে অনুষ্ঠানস্থলী। প্ৰাকৃতিক সামগ্ৰীৰ ব্যৱহাৰেৰে সজা হৈছে তোৰণ।

বৰগীত, খোল বাদ্য, ভোৰতাল, দিহানাম আদিৰ প্ৰতিযোগিতাৰ লগতে শংকৰী সংস্কৃতিৰ আধাৰত বিভিন্ন সাহিত্য প্ৰতিযোগিতাৰো আয়োজন এই বিশেষ সমাৰোহত। যুৱ সকলৰ লগতে শিশু আৰু আই – মাতৃ সকলেও অংশগ্ৰহণ কৰিব প্ৰতিযোগিতাত। প্ৰতিযোগিতাৰ লগতে GFX কেইবাখনো গ্ৰন্থ মুকলিৰো কৰা হৈছে ব্যৱস্থা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...

Exclusive | দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ সবিশেষ

CC কেমেৰাত দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ দৃশ্য।...