হৰিৰ কীৰ্তনৰে হৰিষতে বিলীন ধূপধাৰা

খোল -তাল, গীত- মাত সাহিত্য – সংস্কৃতিৰ ওমাল পৰিৱেশত জীপাল হৈ পৰিছে ঐতিহ্যময় ধূপধৰাৰ চৌপাশ। সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশত আৰম্ভ হ’ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৩০ সংখ্যক কেন্দ্ৰীয় শিশু, যুৱ আৰু আই মাতৃ সমাৰোহ। গোৱালপাৰা জিলা শাখাৰ আতিথ্যত ৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই বিশাল সমাৰোহ।

সমাৰোহত অংশগ্ৰহণ কৰিছে উত্তৰ-পূৱৰ লক্ষাধিক ভকত বৈষ্ণৱে। শ্ৰীমন্ত শংকৰদেৱ গুৰু জনাৰ ধৰ্ম, আদৰ্শ, সংস্কৃতিৰ বহল আৰু বিস্তাৰিত প্ৰচাৰৰ লগতে যুৱ প্ৰজন্মৰ মাজত বিলীন কৰি দিয়াৰ মানসেৰে প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে এই সমাৰোহ।প্ৰতিবছৰে ৰাজ্যৰ বিভিন্ন স্থানত ভিন্নভাৱে আয়োজিত হৈ আহিছে এই সমাৰোহ। এইবাৰৰ স্থান ধূপধৰা। ভকত বৈষ্ণৱক আতিথ্যৰ বাবে বিশাল আয়োজন অভ্যৰ্থনা সমিতিৰ। চকুত লগাকৈ সজা হৈছে অনুষ্ঠানস্থলী। প্ৰাকৃতিক সামগ্ৰীৰ ব্যৱহাৰেৰে সজা হৈছে তোৰণ।

বৰগীত, খোল বাদ্য, ভোৰতাল, দিহানাম আদিৰ প্ৰতিযোগিতাৰ লগতে শংকৰী সংস্কৃতিৰ আধাৰত বিভিন্ন সাহিত্য প্ৰতিযোগিতাৰো আয়োজন এই বিশেষ সমাৰোহত। যুৱ সকলৰ লগতে শিশু আৰু আই – মাতৃ সকলেও অংশগ্ৰহণ কৰিব প্ৰতিযোগিতাত। প্ৰতিযোগিতাৰ লগতে GFX কেইবাখনো গ্ৰন্থ মুকলিৰো কৰা হৈছে ব্যৱস্থা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছ’চিয়েল মিডিয়াত ভাইৰেল অফাৰ, ১ টকাৰ SALEৰ বাবে মুম্বাইত হাহাকাৰ

মুম্বাইৰ মালাডস্থিত ইনফিনিটি মলত শনিবাৰে এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি...

মূৰত চুলি নথকাৰ বাবে বাগদত্তাই হত্যা কৰিছিল নেকি কেতন আগৰৱালক?

মূৰত চুলি নথকাৰ বাবে বাগদত্তাই হত্যা কৰিছিল নেকি কেতন...

৩ মহীয়া শিশুক লৈ ইউৰোপীয় ইউনিয়নৰ জলবায়ু বৈঠকত উপস্থিত ছুইডেনৰ জলবায়ু মন্ত্ৰী

ছুইডেনৰ জলবায়ু মন্ত্ৰী ৰোমিনা পৌৰমোখতাৰীয়ে তিনিমহীয়া পুত্ৰ আদামক লৈ...