দ্বিতীয় ইংনিছৰ বাবে সাজু কংগনা ৰাণাৱট

কংগনাৰ ৰাজনীতি
দ্বিতীয় ইংনিছৰ বাবে সাজু কংগনা ৰাণাৱট
কংগনাৰ বিয়া বুলি আকৌ নাভাবিব
সাংসদ হ’বলৈ আগবাঢ়িছে কংগনা

বক্স অফিচত তেজহীন হৈছে কংগনাৰ ‘তেজছ’। মন্দিৰে মন্দিৰে প্ৰাৰ্থনাও কৰিছে। হাতজোৰ কৰি তেজছ চাবলৈ দৰ্শকক আবেদন জনাইছে। পিছে একোতেই ফল ধৰা নাই। এতিয়াও আহিবলৈ বাকী কংগনাৰ কেইবাখনো ছবি। এনে ব্যৱস্থাৰ মাজতো কংগনা ৰাণাৱট সাজু হৈছে। জীৱনৰ দ্বিতীয় ইংনিছৰ বাবে। যোৱা কিছুদিন ধৰি কংগনাৰ বিয়াৰ কথাও ওলাই আছিল। পিছে এই দ্বিতীয় ইংনিছ মানে বিয়া নহয়।

ৰাজনীতি কৰিব কংগনাই
পৰ্দাত নহয়, বাস্তৱত
লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ পৰিকল্পনা কংগনাৰ

এই বাতৰি বলিউডৰ আন তাৰকাই উলিওৱা নহয়, নহয় উৰা বাতৰি। স্বয়ং অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে এই কথা। গুজৰাটৰ দ্বাৰকা ভ্ৰমণ কৰিবলৈ গৈ মনৰ কথা ক’লে কংগনা ৰাণাৱটে। বিজেপিৰ পৰাই সাংসদ হোৱাৰ মন কংগনাৰ। গতিকে প্ৰধানমন্ত্ৰী মোদীক কি বুলি প্ৰশংসা কৰিব?

প্ৰধানমন্ত্ৰী মোদী সাধাৰণ মনুষ্য নহয়, তেওঁ অৱতাৰী পূৰুষ
দেশ আৰু ধৰ্ম ৰক্ষা কৰিবলৈ মোদীৰ আৱিৰ্ভাব হৈছে

এনে প্ৰশংসা শুনাৰ পিছত বিচাৰিলে কংগনা ৰাণাৱটে টিকটতো নাপাবনে বাৰু! সমষ্টি নিৰ্ধাৰণ হোৱা নাই যদিও প্ৰাৰ্থিত্ব পাম বুলি নিশ্চিত কংগনা।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ইৰানলৈ অস্ত্ৰ সৰবৰাহ আৰম্ভ কৰিলে চীনে

ইজৰাইলৰ সৈতে যুদ্ধবিৰতিক ‘ঢাল’ হিচাপে ব্যৱহাৰ কৰি ইৰানে চীনৰ...

মহাকাশচাৰীসকলে মহাকাশত কিদৰে শুৱে, কিদৰে খায়?

মহাকাশত এদিনত ১৬ বাৰ সূৰ্য উদয় হয় আৰু ১৬...

চৰকাৰ বিৰোধী প্ৰতিবাদত উত্তাল কেনিয়া! আৰক্ষীৰ গুলীত নিহত ১১জন, সংঘৰ্ষত আহত আৰক্ষী

কেনিয়াত পুনৰ চৰকাৰবিৰোধী আন্দোলন গা কৰি উঠিছে। ৰাষ্ট্ৰপতি উইলিয়াম...

শান্তিৰ নোবেল বঁটাৰ বাবে ট্ৰাম্পক মনোনীত কৰিলে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে

পাকিস্তানৰ পিছত এইবাৰ ইজৰাইলেও বিচাৰিছে যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড...