নিশা কোন হোটেলত আছিল? প্ৰশ্ন সোধাৰ নামত মহুৱা মৈত্ৰক ‘বস্ত্ৰহৰণ’ এথিক্স কমিটীৰ

নিশা কোন হোটেলত আছিল?
কাৰ সৈতে কথা পাতিছিল?
প্ৰশ্ন সোধাৰ নামত মহুৱা মৈত্ৰক ‘বস্ত্ৰহৰণ’ এথিক্স কমিটীৰ

উৎকোচ লৈ সংসদত প্ৰশ্ন সোধাৰ অভিযোগত এথিক্স কমিটীয়ে তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰক ব্যক্তিগত আৰু অনৈতিক প্ৰশ্ন সুধিলে নেকি? এথিক্স কমিটীৰ প্ৰশ্নক মৌখিকভাৱে বস্ত্ৰহৰণ কৰাৰ লগত তুলনা কৰিলে মহুৱা মৈত্ৰ আৰু বিৰোধীয়ে।

বৃহস্পতিবাৰে সংসদৰ ১১ জনীয়া সমিতিৰ ৬ সাংসদৰ শাসকীয় পক্ষৰ প্ৰশ্নই বিব্ৰত কৰিলে মহিলা সাংসদ মহুৱা মৈত্ৰক। এনেধৰণৰ প্ৰশ্নৰ আপত্তি কৰিছিল সমিতিখনত থকা বিৰোধীৰ ৫ সাংসদে। এথিক্স কমিটীৰ এনে প্ৰশ্নত অতিষ্ঠ হৈ খঙেৰে ওলাই আহিছিল মহুৱা মৈত্ৰ আৰু ওলাই আহিয়েই তেওঁ প্ৰকাশ কৰিছিল উষ্মা। সাংসদগৰাকীৰ অভিযোগ।

এথিক্স কমিটীত পক্ষপাতমূলক আচৰণৰ সন্মুখীন মহুৱা

মহুৱা দোষী হয় নে নহয় সেয়া নিশ্চিত হ’ব কিছুদিন পিছত। কিন্তু এথিক্স কমিটীৰ প্ৰশ্নই এতিয়া জোকাৰিছে দেশ। ইফালে অভিযোগকাৰী ঝাৰখণ্ডৰ বিজেপি সাংসদ নিশিকান্ত ডুবেৰ দাবী কোনো কাৰণতে সাৰিব নোৱাৰে মহুৱা মৈত্ৰ। এথিক্স কমিটীৰ বৈঠকৰ পৰা মহুৱা ওলাই অহাৰ পিছতে এই দাবী নিশিকান্ত ডুবেৰ। এনে আক্ৰমণ, প্ৰত্যাক্ৰমণৰ মাজতে এথিক্স কমিটীৰ সূত্ৰই প্ৰকাশ কৰিছে মহুৱাক প্ৰশ্ন কৰা হৈছে।

ব্যৱসায়ী দৰ্শন হীৰানন্দানিক মহুৱাই সংসদৰ লগ ইন আইডি আৰু পাছৱৰ্ড দিছিল নে নাই?
৪৭ বাৰ বিদেশৰ পৰা আই ডি পাছৱৰ্ড ব্যৱহাৰ কৰি ৱেবছাইট খোলাৰ অভিযোগ

সংসদৰ লগ ইন আইডি সাংসদৰ বাদে আনে ব্যৱহাৰ কৰাটো গুৰুতৰ অপৰাধ। এনে অভিযোগ পূৰ্বে কেতিয়াও উঠা নাছিল। মহুৱা মৈত্ৰ এথিক্স কমিটীৰ সন্মুখীন হোৱাৰ পিছতো তৃণমূলৰ ভিতৰ চ’ৰাতো বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। মহুৱাই সাংসদ পদ হেৰুৱালে তাক কি দৰে মোকাবিলা কৰা হ’ব? এনে আশংকাই মহুৱাৰ ভৱিষ্যতক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বাংলাদেশলৈ ২০০টা ৰে’লৰ ডবা যোগান ধৰিব ভাৰতে; প্ৰথম ১৮টা প্ৰেৰণ

ভাৰত আৰু বাংলাদেশৰ মাজত ৰে’ল যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ...

মহানগৰী গুৱাহাটীত আৰক্ষীৰ এনকাউণ্টাৰ, গুলীবিদ্ধ ২ চিলনী চোৰ

গুৱাহাটী মহানগৰীত আৰক্ষীৰ গুলীত আহত হৈছে দুই অভিযুক্ত চিলনী...

মন্দিৰত গণহত্যাৰ পৰিকল্পনা ১৯ বছৰীয়া যুৱকৰ; গুলী চলাবলৈ গৈ বিকল হ’ল বন্দুক, গ্ৰেপ্তাৰ অভিযুক্ত

আমেৰিকাৰ চিকাগোৰ সমীপৱৰ্তী ইলিনয়ছৰ অৰোৰা অঞ্চলত থকা এটা হিন্দু...