যৌৱন ধৰি ৰাখিবলৈ খাওক এইকেইবিধ বাদাম

প্ৰতিগৰাকী লোকেই নিজকে সদায় ধুনীয়া কৰি ৰাখিব বিচাৰে। নিজকে ধুনীয়া কৰি ৰাখিবলৈ বিভিন্ন ধৰণৰ প্ৰসাধনো ব্যৱহাৰ কৰে। কিন্তু তাৰ মাজতো বহুতৰে মূৰত এটাই চিন্তা থাকে, তেওঁৰ সৌন্দৰ্য কমি গৈছে নেকি?’ বহুতে ভাবে যে বিখ্যাত প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰি বয়স লুকুৱাব পাৰি ৷ কিন্তু আমি পাহৰি যাওঁ যে নিজকে ধুনীয়া কৰি ৰাখিবলৈ খাদ্যৰ ওপৰত বিশেষ নজৰ ৰাখিব লাগে। বহু ধৰণৰ বাদাম ছালৰ বাবে অতি উপকাৰী।

বাদাম

এই বাদামবোৰত ভিটামিন ‘ই’ৰ যথেষ্ট উৎস। ভিটামিন ই’য়ে আপোনাৰ ছালখনক অতি বেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰাত সহায় কৰে, আৰ্দ্ৰতা ধৰি ৰাখে, আৰু ছালৰ কোষ মেৰামতি কৰে।

আখৰোট

আখৰোটত এন্টি-ইনফ্লেমেটৰী ওমেগা ৩ ফেটি এচিড থাকে। ই ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে। আখৰোটত এন্টি অক্সিডেন্ট থাকে। ছালখন টান কৰি ৰখাতো
ই সহায় কৰে।

পিস্তা

এই বাদামবোৰত পলিফিনল আৰু ফ্লেভন’ইড প্ৰচুৰ পৰিমাণে থাকে। ছালখন সুস্থ কৰি ৰাখিবলৈ এই দুটা উপাদান অতি প্ৰয়োজনীয়। ইয়াত থকা এন্টি অক্সিডেন্টবোৰে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...