২০২২-২৩ বৰ্ষটো কাজিৰঙাৰ হাতী চাফাৰীৰ বাবে সফল পৰ্যটন বৰ্ষ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১০ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ কৰা হল হাতী চাফাৰী। বুধবাৰে শেষবাৰৰ বাবে পৰ্যটকক কাজিৰঙা দৰ্শন কৰোৱাই ঘৰমুৱা হৈছে ব্যক্তিগত চাফাৰীৰ বাবে কাজিৰঙালৈ অহা হাতীসমূহ।

কাজিৰঙাত পৰ্যটকৰ বাবে বন্ধ কৰা হ’ল হাতী চাফাৰী

নান্দনিক কাজিৰঙা দৰ্শন কৰোৱাই ঘৰমুৱা হ’ল হাতীসমূহ

২০২২-২৩ বৰ্ষটো হাতী চাফাৰীৰ বাবে এক সফল পৰ্যটন বৰ্ষ

এয়া চাওঁক ,শেষৰবাৰৰ বাবে পৰ্যটকক কাজিৰঙা দৰ্শন কৰোৱাই এতিয়া ঘৰমুৱা হৈছে ব্যক্তিগত চাফাৰীৰ বাবে কাজিৰঙালৈ অহা হাতীসমূহ। ২০২২ চনৰ ২ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা হাতী চাফাৰী বুধবাৰে অন্ত পৰিল। পৰম্পৰাগতভাৱে কাজিৰঙাত ৩০ এপ্ৰিললৈ হাতী চাফাৰী কৰাৰ অনুমতি প্ৰদান কৰা হয় যদিও এইবেলি অনুকূল বতৰৰ বাবে ১০ মে’লৈ বৃদ্ধি কৰা হৈছিল হাতী চাফাৰী। ২০২২-২৩ বৰ্ষটো হাতী চাফাৰীৰ বাবে এক সফল পৰ্যটন বৰ্ষ।

হাতী চাফাৰীৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ আছে বহুসংখ্যক লোক‌। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত বিভাগীয় হাতীয়ে চাফাৰী কৰোৱাৰ বিপৰীতে বাগৰী বনাঞ্চলত প্ৰায় ৪০টাকৈ ব্যক্তিগত হাতীয়ে পৰ্যটকক চাফাৰীৰে কাজিৰঙাৰ নান্দনিক শোভা দৰ্শন কৰায়।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২২-২৩ পৰ্যটন বৰ্ষ সমাপ্ত হোৱাৰ দিশে। অহা ১৬ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ হ’ব জীপ চাফাৰী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...