২০২২-২৩ বৰ্ষটো কাজিৰঙাৰ হাতী চাফাৰীৰ বাবে সফল পৰ্যটন বৰ্ষ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১০ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ কৰা হল হাতী চাফাৰী। বুধবাৰে শেষবাৰৰ বাবে পৰ্যটকক কাজিৰঙা দৰ্শন কৰোৱাই ঘৰমুৱা হৈছে ব্যক্তিগত চাফাৰীৰ বাবে কাজিৰঙালৈ অহা হাতীসমূহ।

কাজিৰঙাত পৰ্যটকৰ বাবে বন্ধ কৰা হ’ল হাতী চাফাৰী

নান্দনিক কাজিৰঙা দৰ্শন কৰোৱাই ঘৰমুৱা হ’ল হাতীসমূহ

২০২২-২৩ বৰ্ষটো হাতী চাফাৰীৰ বাবে এক সফল পৰ্যটন বৰ্ষ

এয়া চাওঁক ,শেষৰবাৰৰ বাবে পৰ্যটকক কাজিৰঙা দৰ্শন কৰোৱাই এতিয়া ঘৰমুৱা হৈছে ব্যক্তিগত চাফাৰীৰ বাবে কাজিৰঙালৈ অহা হাতীসমূহ। ২০২২ চনৰ ২ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা হাতী চাফাৰী বুধবাৰে অন্ত পৰিল। পৰম্পৰাগতভাৱে কাজিৰঙাত ৩০ এপ্ৰিললৈ হাতী চাফাৰী কৰাৰ অনুমতি প্ৰদান কৰা হয় যদিও এইবেলি অনুকূল বতৰৰ বাবে ১০ মে’লৈ বৃদ্ধি কৰা হৈছিল হাতী চাফাৰী। ২০২২-২৩ বৰ্ষটো হাতী চাফাৰীৰ বাবে এক সফল পৰ্যটন বৰ্ষ।

হাতী চাফাৰীৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ আছে বহুসংখ্যক লোক‌। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত বিভাগীয় হাতীয়ে চাফাৰী কৰোৱাৰ বিপৰীতে বাগৰী বনাঞ্চলত প্ৰায় ৪০টাকৈ ব্যক্তিগত হাতীয়ে পৰ্যটকক চাফাৰীৰে কাজিৰঙাৰ নান্দনিক শোভা দৰ্শন কৰায়।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২২-২৩ পৰ্যটন বৰ্ষ সমাপ্ত হোৱাৰ দিশে। অহা ১৬ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ হ’ব জীপ চাফাৰী।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

অসম সাহিত্য সভাৰ “সেতু বন্ধ“ কাৰ্যসূচী

অসম আৰু অৰুণাচলে সাহিত্য-সংস্কৃতিৰে সমন্বয়ৰ সাঁকো গঢ়িছে অৰুণাচল প্ৰদেশৰ 'ন্যুকুম...

চিলনী চোৰৰ তাণ্ডৱ, দিনৰ পোহৰতে আক্ৰমণ কৰিলে আৰক্ষী জোৱানক

ধুবুৰীত চিলনী চোৰৰ ত্ৰাস। দিন দুপৰতেই এজন আৰক্ষী জোৱানক...

জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ড, পুখুৰীত বিহ ধালি নিধন কৰিলে হাজাৰ-হাজাৰ মাছ

পুখুৰীত বিহ ধালি নিধন কৰিলে হাজাৰ হাজাৰ মাছ। চাপৰৰ...

গোলপীয়া-বেঙুনীয়া ৰঙৰ বনৰীয়া ফুলৰ দৃষ্টিনন্দন দৃশ্য

ছেলফি জ'নত পৰিণত জামুগুৰিহাটৰ পিংক লেণ্ড জামুগুৰিহাটত গোলপীয়া-বেঙুনীয়া ৰঙৰ বনৰীয়া...