ইমৰাণক হত্যাৰ ষড়যন্ত্ৰ ৰচিছে ISIয়ে

কাৰাগাৰত বিষপ্ৰয়োগ কৰি হত্যা কৰা হ’ব নেকি ইমৰাণ খানক? মঙলবাৰে গ্ৰেপ্তাৰ হোৱাৰ পিছত এই আশংকা প্ৰকাশ কৰিছে স্বয়ং ইমৰাণ খানেই। ইছলামাবাদ পুলিচ লাইনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ বাবে স্থাপন কৰা হৈছে বিশেষ আদালত অৰ্থাৎ একাউণ্টেবিলিটি ক’ৰ্ট। এই আদালততে ইমৰাণ খানে তেওঁৰ ওপৰত ‘শ্ল’ পয়জনিঙ’ৰ আশংকা প্ৰকাশ কৰে। কাৰাগাৰত ধীৰে ধীৰে বিষপ্ৰয়োগ কৰি তেওঁক হত্যা কৰা হ’ব বুলি আশংকাপ্ৰকাশ কৰিছে ইমৰানে। ইপিনে, মঙলবাৰে ইছলামাবাদ উচ্চ ন্যায়ালয় চৌহদৰ পৰা ইমৰাণক গ্ৰেপ্তাৰ কৰাৰ পিছতে উত্তপ্ত হৈ পৰে সমগ্ৰ পাকিস্তান। ইৰমাণৰ পাকিস্তান তেহৰিক–ই–ইনছাফ দলৰ হেজাৰ হেজাৰ সমৰ্থকে ৰাজপথলৈ ওলাই আহি নিৰাপত্তাৰক্ষীৰ স’তে প্ৰত্যক্ষ সংঘৰ্ষত লিপ্ত হয়। ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে ৰাৱালপিণ্ডিত সেনাৰ মুখ্য কাৰ্যালয়ত প্ৰৱেশ কৰি অগ্নিসংযোগ কৰে। লাহোৰ আৰু কৰাচীত সেনা কামাণ্ডাৰৰ বাসভৱনতো আক্ৰমণ চলায় ইমৰাণ সমৰ্থকে। বুধবাৰে নিশা ইমৰাণৰ মুক্তিৰ দাবীত প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ বাসগৃহত আক্ৰমণ চলায় PTIৰ কেবাশ সমৰ্থকে। গাড়ীত অগ্নিসংযোগ কৰাৰ লগতে প্ৰধানমন্ত্ৰী শ্বৰীফৰ বাসগৃহলৈ একাধিক পেট্ৰ’ল বোমা নিক্ষেপ কৰে ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে।

বিষপ্ৰয়োগ কৰি হত্যা কৰা হ’ব ইমৰাণ খানক!

কাৰাগাৰতে ‘শ্ল’ পয়জনিং’ কৰা হ’ব প্ৰাক্তন প্ৰধানমন্ত্ৰীজনক

স্বয়ং ইমৰাণ খানেই প্ৰকাশ কৰিছে এই আশংকা

বিশেষ আদালতত এই আশংকা প্ৰকাশ ইমৰাণৰ

বিষাক্ত ইঞ্জেকচন দি হত্যা কৰা হ’ব তেওঁক

ব্যক্তিগত চিকিৎসকেৰে স্বাস্থ্য পৰীক্ষাৰ অনুমতি বিচাৰিছে ইমৰাণে

ইমৰাণক হত্যাৰ ষড়যন্ত্ৰ ৰচিছে ISIয়ে

এই ষড়যন্ত্ৰৰ নেপথ্যত আছে ISIৰ ‘ডাৰ্টি হেৰী’ ফয়জল নাছিৰ

মৃত্যু হয় ৮জনকৈ প্ৰতিবাদকাৰীৰ

আটক কৰা হয় ১৫০০ৰো অধিক লোকক

আক্ৰমণ চলায় প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ বাসগৃহত

শ্বৰীফৰ বাসগৃহলৈ নিক্ষেপ কেবাটাও পেট্ৰ’ল বোমা

বাসগৃহৰ বাহিৰত জ্বলাই দিয়া হয় যান-বাহন

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...