ইমৰাণক হত্যাৰ ষড়যন্ত্ৰ ৰচিছে ISIয়ে

কাৰাগাৰত বিষপ্ৰয়োগ কৰি হত্যা কৰা হ’ব নেকি ইমৰাণ খানক? মঙলবাৰে গ্ৰেপ্তাৰ হোৱাৰ পিছত এই আশংকা প্ৰকাশ কৰিছে স্বয়ং ইমৰাণ খানেই। ইছলামাবাদ পুলিচ লাইনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ বাবে স্থাপন কৰা হৈছে বিশেষ আদালত অৰ্থাৎ একাউণ্টেবিলিটি ক’ৰ্ট। এই আদালততে ইমৰাণ খানে তেওঁৰ ওপৰত ‘শ্ল’ পয়জনিঙ’ৰ আশংকা প্ৰকাশ কৰে। কাৰাগাৰত ধীৰে ধীৰে বিষপ্ৰয়োগ কৰি তেওঁক হত্যা কৰা হ’ব বুলি আশংকাপ্ৰকাশ কৰিছে ইমৰানে। ইপিনে, মঙলবাৰে ইছলামাবাদ উচ্চ ন্যায়ালয় চৌহদৰ পৰা ইমৰাণক গ্ৰেপ্তাৰ কৰাৰ পিছতে উত্তপ্ত হৈ পৰে সমগ্ৰ পাকিস্তান। ইৰমাণৰ পাকিস্তান তেহৰিক–ই–ইনছাফ দলৰ হেজাৰ হেজাৰ সমৰ্থকে ৰাজপথলৈ ওলাই আহি নিৰাপত্তাৰক্ষীৰ স’তে প্ৰত্যক্ষ সংঘৰ্ষত লিপ্ত হয়। ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে ৰাৱালপিণ্ডিত সেনাৰ মুখ্য কাৰ্যালয়ত প্ৰৱেশ কৰি অগ্নিসংযোগ কৰে। লাহোৰ আৰু কৰাচীত সেনা কামাণ্ডাৰৰ বাসভৱনতো আক্ৰমণ চলায় ইমৰাণ সমৰ্থকে। বুধবাৰে নিশা ইমৰাণৰ মুক্তিৰ দাবীত প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ বাসগৃহত আক্ৰমণ চলায় PTIৰ কেবাশ সমৰ্থকে। গাড়ীত অগ্নিসংযোগ কৰাৰ লগতে প্ৰধানমন্ত্ৰী শ্বৰীফৰ বাসগৃহলৈ একাধিক পেট্ৰ’ল বোমা নিক্ষেপ কৰে ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে।

বিষপ্ৰয়োগ কৰি হত্যা কৰা হ’ব ইমৰাণ খানক!

কাৰাগাৰতে ‘শ্ল’ পয়জনিং’ কৰা হ’ব প্ৰাক্তন প্ৰধানমন্ত্ৰীজনক

স্বয়ং ইমৰাণ খানেই প্ৰকাশ কৰিছে এই আশংকা

বিশেষ আদালতত এই আশংকা প্ৰকাশ ইমৰাণৰ

বিষাক্ত ইঞ্জেকচন দি হত্যা কৰা হ’ব তেওঁক

ব্যক্তিগত চিকিৎসকেৰে স্বাস্থ্য পৰীক্ষাৰ অনুমতি বিচাৰিছে ইমৰাণে

ইমৰাণক হত্যাৰ ষড়যন্ত্ৰ ৰচিছে ISIয়ে

এই ষড়যন্ত্ৰৰ নেপথ্যত আছে ISIৰ ‘ডাৰ্টি হেৰী’ ফয়জল নাছিৰ

মৃত্যু হয় ৮জনকৈ প্ৰতিবাদকাৰীৰ

আটক কৰা হয় ১৫০০ৰো অধিক লোকক

আক্ৰমণ চলায় প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ বাসগৃহত

শ্বৰীফৰ বাসগৃহলৈ নিক্ষেপ কেবাটাও পেট্ৰ’ল বোমা

বাসগৃহৰ বাহিৰত জ্বলাই দিয়া হয় যান-বাহন

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...