কিমান দিনলৈ বৈ থাকিব ৰুক্ষ বক্ষৰে লুইত?

অসমীয়া জাতীয় জীৱনৰ আয়ুস ৰেখা মহাবাহু ব্ৰহ্মপুত্ৰৰ অস্বাভাৱিক পৰিবৰ্তনত চিন্তিত হৈ পৰিছে নৈপৰীয়া লোক। কিয়নো উদ্বেগজনকভাৱে হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। কৰবাত বালিচৰত লাগি ধৰিছে যাত্ৰীবাহী ফেৰী। প্ৰশ্ন উঠিছে এনেকৈ হ’লে কিমান দিনলৈ বৈ থাকিব ৰুক্ষ বক্ষৰে লুইত? ক্ৰমাৎ অপসৃয়মাণ হৈ হৈ নোহোৱা হবনেকি বিশাল ব্ৰহ্মপুত্ৰ!

কিমান দিনলৈ বৈ থাকিব ৰুক্ষ বক্ষৰে লুইত?
কিমান দিনলৈ শংকাত জীয়াব নৈপৰীয়া ৰাইজ?
কিমান দিনলৈ এটুপি পানীৰ বাবে হাহাকাৰ কৰিব জীৱকুলে?

আমি কিয় কৰিছোঁ এইসমূহ প্ৰশ্ন? কিয় যুগুতাইছোঁ এই প্ৰতিবেদন? কৰ’বাত অস্বাভাৱিক ৰূপত ধৰা দিছে নদীয়ে। কৰ’বাত বালিচৰত লাগি ধৰিছে যাত্ৰীবাহী ফেৰী। বিষয় অতিকৈ উদ্বেগজনক, অতিকৈ মাৰাত্মক!

ক্ৰমাৎ তৰাং হৈ পৰিছে মহাবাহুৰ বুকু
উদ্বেগজনকভাৱে হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ

বিগত কেইবা বছৰ ধৰি অস্বাভাবিক ধৰনে শুকাই গৈছে ব্ৰহ্মপুত্ৰৰ বুকু। শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। বিলুপ্ত হোৱাৰ পথলৈ গতি কৰিছে জলত বসতি কৰা জীৱকুল। জীৱন আৰু জীৱিকাৰ থল এই ব্ৰহ্মপুত্ৰৰ এনে অস্বাভাবিক পৰিবৰ্তনে নৈপৰিয়া জনতালৈ ভাবুকি কঢ়িয়াই আনিছে। পশুকুলকে ধৰি নদী পাৰৰ লোকসকলে এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। বুঢ়া লুইতৰ গভীৰতা হ্ৰাস পাই নদীৰ বুকুত সৃষ্টি হৈছে বালিচৰৰ। সেয়ে নৈপৰীয়া ৰাইজৰ চৰকাৰলৈ আহ্বান- এক ব্যৱস্থা গ্ৰহণ কৰি নদী খনক জীৱিত কৰি ৰাখক।

নদী শুকাই যোৱাৰ ফলতে বালি চৰত লাগি সোৱণশিৰিৰ বুকুত আবদ্ধহৈ পৰিল এখন যাত্ৰীবাহী ফেৰী। মাজুলীৰ পৰা লক্ষিমপুৰ লৈ গৈ আছিল ফেৰীখন। মাজুলীৰ চেনীমৰা ঘাটত সংঘটিত এই ঘটনা। মাজুলীৰ সাংবাদিকৰ এটি দলো আছিল আবদ্ধ ফেৰীখনত। প্ৰায় ১ ঘন্টা ধৰি আবদ্ধ হৈ থাকিল ফেৰীখন।

অসমীয়া জাতীয় জীৱনৰ আয়ুস ৰেখা মহাবাহু ব্ৰহ্মপুত্ৰৰ এনে পৰিবৰ্তনত চিন্তিত হৈ পৰিছে এইসকল লোক। সময় থাকোঁতেই লুইতপৰীয়া সভ্যতাক ৰক্ষা কৰিবলৈ আহ্বান জনাইছে প্ৰতিজন সচেতন লোকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...