বাংগালোৰ চহৰত প্ৰথমবাৰৰ বাবে শ্ৰী শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা প্ৰদৰ্শনৰ বিশাল আয়োজন

বৰচনচ্ প্ৰডাকচনৰ উদ্যোগত ব্ৰক্ষ্মপুত্ৰ বেণ্ড বাঙ্গালোৰ আৰু বাঙ্গালোৰ বাসী অসমীয়া ৰাইজৰ সহযোগত অহা ইংৰাজী ১০ আৰু ১১ ফেব্ৰুৱাৰী তাৰিখে শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা প্ৰদৰ্শন কৰাৰ উদ্দেশ্য আজি বাঙ্গালোৰ স্থিত নামঘৰত সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে আজি নাট মেলা পৰ্ব অনুষ্ঠিত হয়।আজিৰ নাট মেলা অনুষ্ঠানত অসমৰ ভাওনা জগতৰ জনপ্ৰিয় অভিনেতা, নিৰ্দেশক, পৰিচালক তথা বিচাৰক শ্ৰদ্ধাৰ দীপেন দত্ত ডাঙৰীয়াই ভাৱৰীয়া সকলক বচন বিতৰণ কৰাৰ লগতে ভাও সম্পৰ্কে বহুতো গঠন মূলক দিহা পৰামৰ্শ দিয়ে।

বাঙ্গালোৰৰ ITI Groundৰ খেলপথাৰত অনুষ্ঠিত হব লগা উক্ত ৰাস ভাগীত অসমীয়া বোলছবি জগতৰ কেইবা গৰাকী জনপ্ৰিয় শিল্পীয়ে অংশগ্ৰহণ কৰিব। ৰামধন চৰিত্ৰত অসমৰ জনপ্ৰিয় শিল্পী শ্ৰীঅৰুণ হাজৰিকা, দৈৱকীৰ চৰিত্ৰত জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মা, নিশিতা গোস্বামী আৰু ৰাধাৰ চৰিত্ৰত জনপ্ৰিয় অভিনেত্ৰী তনভি শৰ্মাৰ লগতে অসমৰ ভাওনা জগতৰ কেইবাজনো সু:নিপুণ শিল্পীয়ে অভিনয় কৰিব। অনুষ্ঠান ভাগি সাফল্য মণ্ডিত কৰাৰ মানসেৰে উদ্যোক্তা মণ্ডলীৰ হৈ পৰেশ বৰা আৰু প্ৰণৱ জ্যোতি বৰাই সমূহ ৰাইজৰ উপস্থিতি আৰু দিহা পৰামৰ্শ সাদৰেৰে কামনা কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ তালিকাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তিনি বিজ্ঞানী

ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ পুনৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি। ২০২৬ চনৰ Stanford/Elsevier Top...

ডুবাই যোৱাৰ সপোন দেখোঁতেই বিমান হ’ল মিছ! নিচাসক্ত অৱস্থাত বিমানবন্দৰৰ পাৰ্কিঙতে টোপনি গ’ল যাত্ৰী

ডুবাই যোৱাৰ পৰিকল্পনা আছিল, কিন্তু বিমানত উঠাৰ সলনি বিমানবন্দৰৰ...

পেট্ৰ’লৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ২.৫০ টকালৈ বৃদ্ধি, ডিজেলৰ শুল্ক হ্ৰাস কৰি ৮.৫০ টকা নিৰ্ধাৰণ কেন্দ্ৰৰ

পেট্ৰ’ল আৰু ডিজেলৰ ৰপ্তানি শুল্কৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিছে...

আমেৰিকাৰ এখন প্ৰাথমিক বিদ্যালয়ত প্ৰাণঘাতী আক্ৰমণ ,১৬ বছৰীয়া কিশোৰৰ গুলীচালনাত নিহত চাৰিজন

আমেৰিকাৰ ওৰেগন ৰাজ্যৰ বেণ্ড চহৰৰ ছিলভাৰ ৰেইল প্ৰাথমিক বিদ্যালয়ত...