এইবাৰ মাঘ বিহুত যুঁজিব গোনা ম’হে!

বুৰঞ্জীৰ তথ্য অনুসৰি আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই কিছু ধৰণৰ খেল চাবৰ বাবে পোন্ধৰ-ষোল্লহতীয়া শালকাঠৰ খুঁটাৰ ওপৰত একোখন চাং নিৰ্মাণ কৰি লৈছিল। স্বৰ্গদেউ প্রমত্তসিংহই বৰ্তমানৰ ৰংঘৰটো নিৰ্মাণ কৰি প্ৰজাসকলক খেল-ধেমালি চাবলৈ সুবিধা কৰি দিছিল। সেই অনুসৰিয়েই ৰাজ্যৰ ভিন্ন প্ৰান্তত অতীজৰে পৰা চলি আহিছিল- ম’হ যুঁজ, বুলবুলি চৰাইৰ যুঁজ ইত্যাদি। কিন্তু ৰাজ্যত ৯ বছৰ ধৰি নিষিদ্ধ হৈ পৰিছিল ম’হ যুঁজ। তাৰিপিছতেই আহিল ৰাজ্যিক কেবিনেটৰ ফালৰ পৰা এটা ভাল খবৰ। যাক লৈ এতিয়া উত্ফুল্লিত ৰাজ্যবাসী।

শিং জোকাৰি আগবাঢ়িছে গোনা ম’হ। যুদ্ধংদেহী হৈ এটা ম’হে খেদি আহিছে আনটোক। দুৰ্দমনীয় ম’হক বশ কৰিবলৈ চেষ্টা কৰিছে গুৱালে। জেৰেঙা পথাৰ, ৰূপহী পথাৰ, মেটেকা পথাৰ, বগীদ’ল, কোঁৱৰপুৰ, আঁহতগুৰি আদি ঠাইত এনেদৰেই যুঁজ দিয়ে গোনা ম’হে। যুঁজিব পৰা জাতি অসমীয়াৰ এয়া এক পৰম্পৰা। ম’হ যুঁজ। আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰে পৰা এই পৰম্পৰাত হঠাতে আহি পৰিছিল স্থবিৰতা। ৰাজ্যত ৯ বছৰ ধৰি নিষিদ্ধ হৈ পৰিছিল ম’হ যুঁজ।

কিন্তু, ৯ বছৰৰ অন্তত এটা আকাংক্ষিত খবৰ
এইবাৰ মাঘ বিহুত যুঁজিব গোনা ম’হে!
পৰম্পৰাগত ম’হ যুঁজ পাতিবলৈ কেবিনেটত অনুমোদন

২০১৪ত উচ্চতম ন্যায়ালয়ে জীৱ-জন্তুৰ যুঁজত দিছিল নিষেধাজ্ঞা। তাৰপিছত বিগত প্ৰায় ৯ বছৰে অসমত বন্ধ আছিল ম’হ যুঁজ। পুনৰ ম’হ যুঁজ পতাত ৰাজ্যিক কেবিনেটৰ অনুমোদনৰ পাছতে এতিয়া আহঁতগুৰি, নগাঁও, মৰিগাঁৱত আৱতৰীয়া দীপাৱলী। বিহুনাম গাই কবিনেটৰ সিদ্ধান্তক আদৰণি ৰাইজৰ।

নিশা ঢোল বজাই, ফটকা ফুটাই আনন্দ উল্লাস কৰাৰ পিচত শনিবাৰেও অঞ্চলটোত এক আবতৰীয়া উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা দেখা গল। মৰিগাঁৱৰ আহতগুৰিৰ লগতে বাখৰবৰী, দীঘলবৰী, বৈদ্যবৰী আদি অঞ্চলত দেখিবলৈ পোৱা গৈছে আনন্দৰ জোৱাৰ। পুৱাৰে পৰা এনেদৰে ঢোল তাল বজাই বিহুগীত জুৰি আনন্দ উল্লাস কৰিছে মৰিগাঁও বাখৰবৰীৰ মহৰ গুৱালসকলে। কাৰণ মহযুজ নহলে কেৱল পৰম্পৰাই নহয়, স্থবিৰ হৈ পৰে গুৱালসকলৰো জীৱিকাৰ এটা পথ।

এইবাৰ মাঘ বিহুত আঁহতগুৰিকে আদি কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা ম’হ যুঁজ সমূহক অনুমতি প্ৰদান কৰা হ’ল। এই ম’হ যুঁজ অনুষ্ঠিত কৰাৰ বাবে বিশেষ SOP প্ৰস্তুত কৰা হ’ল। সেই SOP অনুসৰিহে আয়োজকসকলে অনুষ্ঠিত কৰিব পাৰিব ম’হ যুঁজ।

শীঘ্ৰে ম’হ যুঁজ সন্দৰ্ভত SOP প্ৰকাশ কৰিব ৰাজ্য চৰকাৰে

ইফালে কেবিনেটৰ সিদ্ধান্তক আদৰণি জনাইছে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ পৰিচালনা সমিতিয়ে। কিন্তু মহযুঁজৰ নিষেধাজ্ঞা আঁতৰালেও- ২০১৫ৰ পৰা হাজোৰ মাধৱ মন্দিৰত বন্ধ হৈ আছে বুলবুলিৰ যুঁজ।
বুলবুলি যুঁজত নিষেধাজ্ঞা আৰোপ কৰি ৰাখিছে ন্যায়ালয়ে
বুলবুলি চৰাইৰ যুঁজৰ সপক্ষে দাবী মন্দিৰ পৰিচালনা সমিতিৰ

বুৰঞ্জীৰ তথ্য অনুসৰি আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই এই ধৰণৰ খেল চাবৰ বাবে পোন্ধৰ-ষোল্লহতীয়া শালকাঠৰ খুঁটাৰ ওপৰত একোখন চাং নিৰ্মাণ কৰিছিল। স্বৰ্গদেউ প্রমত্তসিংহই বৰ্তমানৰ ৰংঘৰটো নিৰ্মাণ কৰি প্ৰজাসকলক খেল-ধেমালি চাবলৈ সুবিধা কৰি দিছিল। গতিকে জীৱ-জন্তুৰ বিশেষ হানি নঘটোৱাকৈ এই পৰম্পৰাসমূহ ৰক্ষা কৰিব পাৰিলেই কৰবাত হয়তো অসমীয়া জাতি সমৃদ্ধ হৈ থাকিব। স্বকীয় পৰম্পৰাৰে জিলিকি থাকিব লুইতৰ দুয়োপাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেৰাপানীত প্ৰাক্তন আলফা কেডাৰৰ ঘৰত আৰক্ষীৰ অভিযান; উদ্ধাৰ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ

গোলাঘাট জিলাৰ মেৰাপানীত এগৰাকী আত্মসমৰ্পণকাৰী প্ৰাক্তন আলফা কেডাৰৰ বাসগৃহত...

শ্বি জিনপিঙৰ সন্মানত ড’নাল্ড ট্ৰাম্পৰ ষ্টেট ডিনাৰ; অতিথিৰ তালিকাত প্ৰযুক্তি জগতৰ ৰথী-মহাৰথী

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সন্মানত বৃহস্পতিবাৰে হোৱাইট হাউছত আমেৰিকাৰ...

পৰ্যটকৰ বাবে সুখবৰ, ২ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

ৰাজ্যৰ পৰ্যটনপ্ৰেমীসকলৰ বাবে সুখবৰ। বাৰিষাৰ বন্ধৰ অন্তত অহা ২...