এইবাৰ মাঘ বিহুত যুঁজিব গোনা ম’হে!

বুৰঞ্জীৰ তথ্য অনুসৰি আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই কিছু ধৰণৰ খেল চাবৰ বাবে পোন্ধৰ-ষোল্লহতীয়া শালকাঠৰ খুঁটাৰ ওপৰত একোখন চাং নিৰ্মাণ কৰি লৈছিল। স্বৰ্গদেউ প্রমত্তসিংহই বৰ্তমানৰ ৰংঘৰটো নিৰ্মাণ কৰি প্ৰজাসকলক খেল-ধেমালি চাবলৈ সুবিধা কৰি দিছিল। সেই অনুসৰিয়েই ৰাজ্যৰ ভিন্ন প্ৰান্তত অতীজৰে পৰা চলি আহিছিল- ম’হ যুঁজ, বুলবুলি চৰাইৰ যুঁজ ইত্যাদি। কিন্তু ৰাজ্যত ৯ বছৰ ধৰি নিষিদ্ধ হৈ পৰিছিল ম’হ যুঁজ। তাৰিপিছতেই আহিল ৰাজ্যিক কেবিনেটৰ ফালৰ পৰা এটা ভাল খবৰ। যাক লৈ এতিয়া উত্ফুল্লিত ৰাজ্যবাসী।

শিং জোকাৰি আগবাঢ়িছে গোনা ম’হ। যুদ্ধংদেহী হৈ এটা ম’হে খেদি আহিছে আনটোক। দুৰ্দমনীয় ম’হক বশ কৰিবলৈ চেষ্টা কৰিছে গুৱালে। জেৰেঙা পথাৰ, ৰূপহী পথাৰ, মেটেকা পথাৰ, বগীদ’ল, কোঁৱৰপুৰ, আঁহতগুৰি আদি ঠাইত এনেদৰেই যুঁজ দিয়ে গোনা ম’হে। যুঁজিব পৰা জাতি অসমীয়াৰ এয়া এক পৰম্পৰা। ম’হ যুঁজ। আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰে পৰা এই পৰম্পৰাত হঠাতে আহি পৰিছিল স্থবিৰতা। ৰাজ্যত ৯ বছৰ ধৰি নিষিদ্ধ হৈ পৰিছিল ম’হ যুঁজ।

কিন্তু, ৯ বছৰৰ অন্তত এটা আকাংক্ষিত খবৰ
এইবাৰ মাঘ বিহুত যুঁজিব গোনা ম’হে!
পৰম্পৰাগত ম’হ যুঁজ পাতিবলৈ কেবিনেটত অনুমোদন

২০১৪ত উচ্চতম ন্যায়ালয়ে জীৱ-জন্তুৰ যুঁজত দিছিল নিষেধাজ্ঞা। তাৰপিছত বিগত প্ৰায় ৯ বছৰে অসমত বন্ধ আছিল ম’হ যুঁজ। পুনৰ ম’হ যুঁজ পতাত ৰাজ্যিক কেবিনেটৰ অনুমোদনৰ পাছতে এতিয়া আহঁতগুৰি, নগাঁও, মৰিগাঁৱত আৱতৰীয়া দীপাৱলী। বিহুনাম গাই কবিনেটৰ সিদ্ধান্তক আদৰণি ৰাইজৰ।

নিশা ঢোল বজাই, ফটকা ফুটাই আনন্দ উল্লাস কৰাৰ পিচত শনিবাৰেও অঞ্চলটোত এক আবতৰীয়া উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা দেখা গল। মৰিগাঁৱৰ আহতগুৰিৰ লগতে বাখৰবৰী, দীঘলবৰী, বৈদ্যবৰী আদি অঞ্চলত দেখিবলৈ পোৱা গৈছে আনন্দৰ জোৱাৰ। পুৱাৰে পৰা এনেদৰে ঢোল তাল বজাই বিহুগীত জুৰি আনন্দ উল্লাস কৰিছে মৰিগাঁও বাখৰবৰীৰ মহৰ গুৱালসকলে। কাৰণ মহযুজ নহলে কেৱল পৰম্পৰাই নহয়, স্থবিৰ হৈ পৰে গুৱালসকলৰো জীৱিকাৰ এটা পথ।

এইবাৰ মাঘ বিহুত আঁহতগুৰিকে আদি কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা ম’হ যুঁজ সমূহক অনুমতি প্ৰদান কৰা হ’ল। এই ম’হ যুঁজ অনুষ্ঠিত কৰাৰ বাবে বিশেষ SOP প্ৰস্তুত কৰা হ’ল। সেই SOP অনুসৰিহে আয়োজকসকলে অনুষ্ঠিত কৰিব পাৰিব ম’হ যুঁজ।

শীঘ্ৰে ম’হ যুঁজ সন্দৰ্ভত SOP প্ৰকাশ কৰিব ৰাজ্য চৰকাৰে

ইফালে কেবিনেটৰ সিদ্ধান্তক আদৰণি জনাইছে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ পৰিচালনা সমিতিয়ে। কিন্তু মহযুঁজৰ নিষেধাজ্ঞা আঁতৰালেও- ২০১৫ৰ পৰা হাজোৰ মাধৱ মন্দিৰত বন্ধ হৈ আছে বুলবুলিৰ যুঁজ।
বুলবুলি যুঁজত নিষেধাজ্ঞা আৰোপ কৰি ৰাখিছে ন্যায়ালয়ে
বুলবুলি চৰাইৰ যুঁজৰ সপক্ষে দাবী মন্দিৰ পৰিচালনা সমিতিৰ

বুৰঞ্জীৰ তথ্য অনুসৰি আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই এই ধৰণৰ খেল চাবৰ বাবে পোন্ধৰ-ষোল্লহতীয়া শালকাঠৰ খুঁটাৰ ওপৰত একোখন চাং নিৰ্মাণ কৰিছিল। স্বৰ্গদেউ প্রমত্তসিংহই বৰ্তমানৰ ৰংঘৰটো নিৰ্মাণ কৰি প্ৰজাসকলক খেল-ধেমালি চাবলৈ সুবিধা কৰি দিছিল। গতিকে জীৱ-জন্তুৰ বিশেষ হানি নঘটোৱাকৈ এই পৰম্পৰাসমূহ ৰক্ষা কৰিব পাৰিলেই কৰবাত হয়তো অসমীয়া জাতি সমৃদ্ধ হৈ থাকিব। স্বকীয় পৰম্পৰাৰে জিলিকি থাকিব লুইতৰ দুয়োপাৰ।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

বজাৰলৈ আহি আছে FASTag বাৰ্ষিক পাছ!

কেন্দ্ৰীয় চৰকাৰে ফাষ্টটেগৰ বাৰ্ষিক পাছৰ ব্যৱস্থা আৰম্ভ কৰিবলৈ গৈ...

ধুবুৰীৰ সমান্তৰালকৈ লক্ষীমপুৰতো ইছলামিকস্তানৰ আখৰাৰ অভিযোগ হিন্দু যুৱ-ছাত্ৰৰ

ধুবুৰীৰ সমান্তৰালকৈ লক্ষীমপুৰতো ইছলামিকস্তানৰ আখৰা চলোৱা অভিযোগ উত্থাপন কৰিছে...

ট্ৰাম্পৰ সৈতে ৩৫ মিনিট সময় কথা পাতিলে মোদীয়ে

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে ফোনত কথা-বতৰা হৈছে ভাৰতৰ...

কেদাৰনাথ যাত্ৰা পথত ভূমিস্খলন! মূৰত শিল পৰি ২ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু, ৩ জন আহত

কেদাৰনাথ যাত্ৰাৰ পথত বিপৰ্যয়! বুধবাৰে কেদাৰনাথত ভূমিস্খলনৰ ফলত দুজন...