SELFIE উঠিবলৈ গৈ সোমাল সিংহৰ পিঞ্জৰাত, তাৰ পিছত ভয়ংকৰ ঘটনা…

SELFIEৰ বাবেই বিভিন্ন সময়ত বিভিন্ন ঘটনাৰ খবৰ পোহৰলৈ আহি থাকে। তেনে এক ঘটনাই এইবাৰ পোহৰলৈ আহিছে। ঘটনা অন্ধ্ৰপ্ৰদেশৰ। য’ত এজন লোকে SELFIE তুলিবলৈ সিংহৰ পিঞ্জৰাত প্ৰৱেশ কৰি হেৰুৱাবলগীয়া হ’ল প্ৰাণ। অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে, ৰাজস্থানৰ বাসিন্দা প্ৰহ্লাদে তিৰুপতী ভ্ৰমণ কৰিবলৈ গৈছিল। বৃহস্পতিবাৰে তেওঁ তিৰুপতিৰ ‘শ্ৰী ভেংকটেশ্বৰ প্ৰাণীবিজ্ঞান উদ্যান’লৈ যায়। তাতে চিৰিয়াখানাৰ কৰ্মচাৰীয়ে বাৰে বাৰে তেওঁক বাধা দিয়াৰ পিছতো SELFIE ল’বলৈ সিংহৰ পিঞ্জৰাত প্ৰৱেশ কৰে৷ আনফালে প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি, প্ৰহ্লাদে পিঞ্জৰাত প্ৰৱেশ কৰাৰ পাছতেই সিংহই আক্ৰমণ কৰে। সিংহৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ গছত উঠে লোকজন৷ কিন্তু সিংহটোৱেও গছত আক্ৰমণ কৰে লোকজনক। সিংহৰ আক্ৰমণত প্ৰহ্লাদৰ থিতাতে মৃত্যু হয়।

ইতিমধ্যে সমগ্ৰ বিষয়টোক লৈ আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত অনুসৰি প্ৰহ্লাদ পিঞ্জৰাত প্ৰৱেশ কৰাৰ সময়ত মদ্যপান কৰি আছিল। সহকাৰী বন সংৰক্ষকে কয় যে ৰাজস্থানৰ লোকজনে নিয়ম উলংঘা কৰাৰ লগতে চিৰিয়াখানাৰ কৰ্মচাৰীৰ বাধাকো আওকাণ কৰি সিংহৰ পিঞ্জৰাত প্ৰৱেশ কৰিছিল৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...