২০২৬ চনৰ ভিতৰত গুৱাহাটী মহানগৰীৰ সমগ্ৰ ৰাজহুৱা পৰিৱহন ব্যৱস্থা বিদ্যুৎ চালিত বাহনেৰে পৰিচালিত হ’ব : মুখ্যমন্ত্রী

0 57

বহনক্ষম জীৱন যাপন আৰু জলবায়ু পৰিৱৰ্তনৰ দিশত জনসাধাৰণক সচেতন কৰাৰ উদ্দেশ্যেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত অসমত ‘মিছন লাইফ’ৰ শুভাৰম্ভ কৰে। উল্লেখ্য যে, মিছন লাইফ হৈছে পৰিৱেশৰ প্রতি জনসচেতনতা গঢ়ি তোলা এক কাৰ্যসূচী। পৰিৱেশৰ অনুকূল জীৱনশৈলীৰে উত্তৰ প্ৰজন্মৰ বাবে এখন বাসোপজীৱী আৰু সুৰক্ষিত পৃথিৱী গঢ়ি তুলিবলৈ বিগত বৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মিছন লাইফ’ শীর্ষক এই পদক্ষেপৰ শুভাৰম্ভ কৰিছিল। ভৱিষ্যৎমুখী এই অভিযান বাস্তৱায়িতকৰণৰ পদক্ষেপৰ অংশ হিচাপে সপ্তাহজোৰা এই কাৰ্যসূচীৰ অধীনত জল সংৰক্ষণ, শক্তি সংৰক্ষণ, এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ প্ৰচলন হ্ৰাস কৰা, বহনক্ষম খাদ্য প্ৰণালী গ্ৰহণ কৰা, আৱৰ্জনা হ্ৰাসৰ বাবে স্বচ্ছতা কাৰ্যসূচী গ্ৰহণ কৰা, ইলেকট্ৰ’নিক আৱৰ্জনা সীমিতকৰণ আৰু সুস্বাস্থ্যৰ বাবে অনুকৰণীয় জীৱনশৈলী প্ৰচাৰ কৰা আদি পদক্ষেপ হাতত লোৱা হৈছে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগত আৰু সামূহিক প্ৰচেষ্টাৰ জৰিয়তে বিনন্দীয়া ধৰিত্ৰীৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কাইলৈৰ পৰা ২৮ মাৰ্চলৈ এটা সপ্তাহ পৰিৱেশ অনুকূল জীৱনশৈলীৰ বাবে কাৰ্যসূচী ৰূপায়ণৰ আহ্বান জনাইছে। মানুহে অজানিতে অথবা জ্ঞাতসাৰে পৰিৱেশ বিনষ্ট কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বর্তমান সময়ত মানৱ জাতিৰ সন্মুখত ই এক ভয়াবহ সমস্যা হিচাপে চিহ্নিত হৈছে। তেওঁ কয় যে ইণ্টাৰ গভর্মেণ্টেল পেনেল অন ক্লাইমেট চেঞ্জ’ৰ ২০২১ চনৰ প্ৰতিবেদন অনুসৰি বিজ্ঞানীসকলে পৃথিৱীৰ প্ৰতিটো অঞ্চলতে জলাবায়ুৰ ব্যাপক পৰিৱৰ্তন পৰ্যবেক্ষণ কৰিছে। প্ৰতিবেদনখনত অহা দশকবোৰত গোলকীয় উষ্ণতা বৃদ্ধিৰ স্তৰ ১.৫ ডিগ্রী চেলছিয়াচ অতিক্ৰম কৰাৰ সম্ভাৱনা প্রকাশ পাইছে। অনুমান কৰা হৈছে যে যদিহে গ্ৰীণ হাউচ গেছৰ নিৰ্গমন তাৎক্ষণিক, দ্রুত আৰু বৃহৎ পৰিসৰত হ্ৰাস নহয়, তেন্তে উষ্ণতা বৃদ্ধি ১.৫ ডিগ্রী চেলছিয়াছৰটো বাদেই ২ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত নিয়ন্ত্ৰণ কৰাটোও সম্ভৱ নহ’ব। ইয়াৰ ফলত বিশ্বজুৰি ভয়ংকৰ খৰাং পৰিস্থিতিৰ সৃষ্টি হ’ব, খোৱাপানীৰ অভাৱে দেখা দিব আৰু বিশ্ব অর্থনীতিত ব্যাপক নেতিবাচক প্রভাৱ পৰিব।

মুখ্যমন্ত্রীয়ে কয় যে, সজাগতাই হৈছে এই সমস্যা লাঘৱ কৰাৰ উপায়। মুখ্যমন্ত্ৰীয়ে কয় যে এটা সময়ত ৰাজ্যখনৰ ঋতুকে ধৰি পৰিৱেশলৈ অহা সালসলনিসমূহ এটা নিৰ্দিষ্ট ক্ৰমত হৈছিল। এতিয়া জলবায়ু পৰিৱৰ্তনৰ বাবে এই ক্রম যথেষ্ট বাধাগ্ৰস্ত হৈছে। গুৱাহাটী মহানগৰীৰ বৰ্তমানৰ পৰিৱেশৰ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এটা সময়ত এই মহানগৰীখনত পর্যাপ্ত পৰিমাণে সেউজ আৱৰণ আছিল। গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলত সেউজ বনাবৰণ সংকুচিত হৈ অহাৰ সমান্তৰালকৈ দীপৰ বিলকে ধৰি বিভিন্ন জলাশয়সমূহৰ পৰিসীমাও সংকুচিত হৈ আহিব ধৰিছে। তাৰ ফলত সমগ্ৰ বিশ্বৰ লগতে অসমৰ জনসাধাৰণেও গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰতিকূল প্রভাৱ অনুভৱ কৰিবলৈ লৈছে। তেওঁ কয় যে বহু গৱেষণা তথ্যপাতিত উত্তৰ-পূৰ্বাঞ্চলত যথেষ্ট পৰিমাণে জলবায়ু পৰিবৰ্তন সংঘটিত হোৱাৰ কথা উল্লেখ আছে। এনেবোৰ কাৰকৰ বাবে ৰাজ্যবাসীৰ জীৱনশৈলীৰ ওপৰতো প্রতিকূল প্রভাৱ পৰিব। ৰাজ্যখনত বনাবৰণৰ পৰিমাণ হ্ৰাস পোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী মন্তব্য কৰে যে বনাঞ্চলৰ পৰিমাণ হ্ৰাসৰ ফলত মানুহ আৰু জীৱজন্তুৰ মাজত সংঘাত ক্ৰমাত বৃদ্ধি পাব ধৰিছে। বৰ্তমানৰ ৰাজ্য চৰকাৰখনে বিগত প্ৰায় দুটা বছৰৰ ভিতৰত ৬০৬৭ হেক্টৰ বনাঞ্চল বেদখল মুক্ত কৰিছে বুলিও তেওঁ কয়। বুঢ়াচাপৰিকে ধৰি বিভিন্ন বনাঞ্চল বেদখলমুক্ত কৰাৰ ফলত উক্ত অঞ্চললৈ বন্যপ্রাণী উভতি আহিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ,কাজিৰঙাত গড় হত্যা ৰোধ হোৱাৰ সমান্তৰালকৈ বাঘকে ধৰি অন্য বণ্যপ্ৰাণীৰ সংখ্যাও বৃদ্ধি পাব ধৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰী প্ৰচেষ্টাৰ একোটা সীমাবদ্ধতা থাকে। পৰিৱেশ সম্বন্ধীয় সচেতনতা যদি মানুহৰ জীৱনশৈলীৰ সৈতে সমাহিত নহয়, তেন্তে অকল পুথিগত জ্ঞানেৰে পৰিৱেশ ৰক্ষা কৰিব পৰা নাযায়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জীৱাষ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰি নবীকৰণযোগ্য শক্তি উৎপাদনত আৰোপ কৰা গুৰুত্বৰ কথা উল্লেখ কৰি তেওঁ কয় যে প্রধানমন্ত্রী মোদীৰ এনে দূৰদৰ্শী চিন্তা-চৰ্চ্চা অনুসৰণ কৰি চলিত বৰ্ষত তিনিহাজাৰ মেগাৱাট সৌৰশক্তি উৎপাদনৰ লক্ষ্যৰে ৰাজ্য চৰকাৰ আগবাঢ়িছে। জীৱাশ্ম ইন্ধন ব্যৱহাৰ ক্ৰমাগতভাৱে হ্ৰাস কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীৰ বাবে ২০০ খন বৈদ্যুতিক বাছ ক্ৰয় কৰাৰ পদক্ষেপ লোৱা হৈছে আৰু পৰৱৰ্তী পৰ্যায়ত ৩০০ খন এইধৰণৰ বাহন ক্ৰয় কৰা হ’ব বুলি সদৰি কৰি মুখ্যমন্ত্রীয়ে কয় যে ২০২৬ চনৰ ভিতৰত গুৱাহাটী মহানগৰীৰ সমগ্ৰ ৰাজহুৱা পৰিবহন ব্যৱস্থা বিদ্যুৎ চালিত বাহনেৰে পৰিচালিত হ’ব। ‘মিছন লাইফ’ৰ অধীনত সপ্তাহজুৰি চলিবলগা পৰিৱেশ অনুকূল কাৰ্যসূচীসমূহে জনসাধাৰণৰ জীৱনধাৰণ প্ৰণালীত যথেষ্ট ইতিবাচক প্ৰভাৱ পেলাব বুলিও আশা প্রকাশ কৰি তেওঁ পৰিৱেশ সন্মত জীৱনধাৰণ প্ৰক্ৰিয়া অনাগত সময়ছোৱাতো অব্যাহত ৰাখিবলৈ তেওঁ উপস্থিত সকলোকে আহ্বান জনায়।

অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে পৰিৱেশ সুৰক্ষাৰ বাবে প্ৰত্যক্ষ প্রচেষ্টা আৰু এই দিশত কাম কৰা কিছু সংখ্যক ব্যক্তিক ফেল’শ্বিপ কার্ড প্ৰদান কৰে। আনহাতে, মিছন লাইফৰ অধীনত আয়োজিত চিত্রাংকন প্রতিযোগিতাত বিজয়ীসকলকো পুৰস্কাৰ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিজ্ঞান, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই মিছন লাইফ সফল কৰাৰ দিশত ৰাজ্য চৰকাৰে লোৱা পদক্ষেপৰ বিষয়ে আলোকপাত কৰে। এই অনুষ্ঠানত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম, ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ উপসঞ্চালক ইমটিয়েনলা আও, বিজ্ঞান, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ বিশেষ সচিব পি এল এন ৰাজু, এছটেকৰ সঞ্চালক ড° জয়দীপ বৰুৱা আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে। এছটেক আৰু অসম বিজ্ঞান, প্রযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগে আজিৰ এই অনুষ্ঠানৰ আয়োজন কৰিছিল।

Leave A Reply

Your email address will not be published.