কেৰিয়াৰৰ প্ৰথমখন আন্তর্জাতিক প্রতিযোগিতাতে পদক পালে অসমৰ ৰঞ্জনাই

চতুর্থ এছিয়ান খো খো চেম্পিয়নশ্বিপ ছেমিফাইনেলত ভাৰতৰ মহিলা দল

ভাৰতৰ মহিলা খো খো দলে চলিত চতুর্থ এছিয়ান খো খো চেম্পিয়নশ্বিপত ক্রমাগত দ্বিতীয় জয়ৰে ছেমিফাইনেলত প্ৰৱেশ নিশ্চিত কৰিছে। তামুলপুৰত চলি থকা প্ৰতিযোগিতাখনত আজি ভাৰতৰ মহিলা দলে নিজৰ দ্বিতীয় গ্রুপ লীগৰ মেচত মালয়েছিয়াক ইনিংছ আৰু ৬৪ পইণ্টেৰ ব্যৱধানত পৰাস্ত কৰে। উল্লেখ্য যে প্রতিযোগিতাৰ প্ৰথমদিনা গ্ৰুপৰ প্ৰথম লীগ মেচখনত ভাৰতৰ মহিলা দলে ইনিংছ আৰু ৫৫ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰিছিল শ্রীলংকাক । এতিয়া ভাৰতীয় মহিলা দলে কাইলৈ অন্তিম গ্রুপ লীগ মেচখন খেলিব ভূটানৰ বিৰুদ্ধে। আজি মালয়েছিয়াৰ বিৰুদ্ধে খেলা মেচখনত ভাৰতৰ মহিলা দলে ইতিহাস গঢ়ি প্ৰথমবাৰৰ বাবে পইণ্ট দখলৰ শতক (১০৩) অর্জন কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে ভাৰতৰ মহিলা দলে গ্রুপ ‘এ’ত আছে শ্রীলংকা, ভূটান আৰু মালয়েছিয়াৰ লগত। ইফালে, মহিলাৰ গ্রুপ “বিত আছে বাংলাদেশ, নেপাল, দক্ষিণ কোৰিয়া আৰু ইণ্ডোনেছিয়া। প্ৰতিযোগিতাৰ নিয়ম অনুসৰি উভয় গ্রুপ শীৰ্ষ চাৰিটা দল উন্নীত হ’ব ছেমিফাইনেললৈ। ‘এ’ গ্রুপৰ চেম্পিয়নে ছেমিফাইনেল খেলিব ‘বি’ৰ দ্বিতীয় স্থানৰ দলটোৰ বিৰুদ্ধে। আনখন ছেমিফাইনেল ‘বি’ ৰ শীৰ্ষ দল আৰু ‘এ’ৰ দ্বিতীয় স্থানৰ দলটোৰ মাজত হ’ব। উল্লেখ্য যে অসমৰ ৰঞ্জনা শৰনীয়াও আছে চতুর্থ এছিয়ান খো খো চেম্পিয়নশ্বিপত খেলা ভাৰতীয় মহিলা দলটোত। ছেমিফাইনেলত প্ৰৱেশৰ লগে লগে ভাৰতৰ পদক জয় নিশ্চিত হৈছে। কাৰ্যতঃ কেৰিয়াৰৰ প্ৰথমখন আন্তর্জাতিক প্রতিযোগিতাতে পদক লাভ কৰিলে অসম কন্যা ৰঞ্জনাই।

ইফালে, ভাৰতৰ পুৰুষ দলে গ্রুপৰ প্ৰথম লীগ মেচত ইনিংছ আৰু ১৩ পইণ্টৰ ব্যৱধানত ভূটানক পৰাস্ত কৰাৰ পাছত আজি নিশা দ্বিতীয় মেচ খেলিব ইৰাণৰ বিৰুদ্ধে। ভাৰতৰ পুৰুষ দলে গ্রুপ ‘এ’ত স্থান লাভ কৰিছে নেপাল, ইৰাণ আৰু ভূটানৰ লগত। পুৰুষৰ গ্রুপ ‘বি’ত আছে বাংলাদেশ, শ্রীলংকা, ইণ্ডোনেছিয়া আৰু কোৰিয়া। ইয়াৰ পৰাও গ্রুপ শীৰ্ষ চাৰিটা দলে ছেমিফাইনেল খেলিব। কাইলৈ গ্ৰুপৰ সকলো মেচ সমাপ্ত হোৱাৰ পাছত ২৩ মাৰ্চত ছেমিফাইনেল আৰু ফাইনেল অনুষ্ঠিত হ’ব।

ইফালে, প্রতিযোগিতাত আজি পুৰুষ শাখাৰ লীগ মেচত বাংলাদেশে ইণ্ডোনেছিয়াক পৰাস্ত কৰি ক্ৰমাগত দ্বিতীয় জয়ৰে ছেমিফাইনেল নিশ্চিত কৰিছে। দলে প্রথম মেচত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে জয়লাভ কৰিছিল। ইফালে, পুৰুষৰ আন এখন মেচত শ্রীলংকাই পৰাস্ত কৰে দক্ষিণ কোৰিয়াক । সিংহলী বাহিনীৰো ছেমিফাইনেল নিশ্চিত। কাৰণ প্ৰথম মেচত দলে ইণ্ডোনেছিয়াক পৰাস্ত কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মহানগৰীত উদণ্ড চালকৰ অতপালি; কৰ্তব্যৰত আৰক্ষীক মহটিয়াই পলায়নৰ চেষ্টা

মহানগৰী গুৱাহাটীত পুনৰ সংঘটিত হৈছে উদণ্ড চালকৰ অতপালি। কৰ্তব্যৰত...

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত EVM বিকল; ভোটগ্ৰহণৰ মাজতে হাহাকাৰ

আজি অনুষ্ঠিত হৈছে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা...

IIT গুৱাহাটীৰ বিশেষ সফলতা: কচু গছ আৰু ‘জিগ-জেগ’ প্ৰযুক্তিৰে পশুপালন ফাৰ্মৰ প্ৰদূষিত পানী শোধনৰ অভিনৱ উপায়

পশুপালন খণ্ডৰ সম্প্ৰসাৰণৰ সমান্তৰালভাৱে বৃদ্ধি পোৱা পৰিৱেশ প্ৰদূষণ ৰোধৰ...

স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ পৰা বিদেশলৈ মালবাহী জাহাজ; বগীবিলত জাহাজ ঘাটত শুভাৰম্ভণি অনুষ্ঠান

স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ পৰা বিদেশলৈ যাত্ৰা আৰম্ভ...