সুদীৰ্ঘ ৫৭ বছৰৰ পাছত হেৰুওৱা আঙুঠিৰ মূল্য বান্ধৱীক ঘূৰাই দিলে বিখ্যাত খেলুৱৈ তৈয়বুন নিচাই

শিৱসাগৰত এটা পৰিয়ালত এক আৱেগিক পৰিস্থিতি। ৫৭ বছৰৰ পিছত বান্ধৱীক ঘূৰাই দিলে এটা সোণৰ আঙুঠিৰ মূল্য। আজিৰ পৰা ৫৭ বছৰ পূৰ্বে ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতেই এগৰাকী ছাত্ৰীৰ হেৰাইছিল এটা আঙুঠি। জুলেখা বেগম নামৰ ছাত্ৰীগৰাকীৰ হেৰাইছিল সোণৰ আঙুঠি। আঙুঠিটো লাভ কৰিছিল একে শ্ৰেণীৰে ছাত্ৰী তৈয়বুন নিচাই। কিন্তু সেই সময়ত আঙুঠিটো পাই ঘূৰাই নিদি বিক্ৰী কৰি দিছিল বিখ্যাত খেলুৱৈ তৈয়বুন নিচাই। আঙুঠি বিক্ৰী কৰা ধনেৰে খেলিবলৈ গৈছিল স্কুলীয়া তৈয়বুন নিচাই। পৰৱৰ্তী পৰ্যায়ত ডিচকাচ থ্ৰ’ৰ ৰাষ্ট্ৰীয় পৰ্যায়তো উজলি উঠিছিল তৈয়বুন নিচা।

এতিয়া দুয়োৰে বয়স ৭০ বছৰ। পিছে জীৱনৰ এই বিয়লি বেলাতো তৈয়বুন নিচাই পাহৰিব পৰা নাছিল বান্ধৱীৰ হেৰাই পোৱা আঙুঠিৰ কথা। আৰু সোণৰ আঙুঠিটোৰ মূল্য লৈ বান্ধৱী জুলেখা বেগমৰ কুকুৰাপুহীয়াস্থিত বাসগৃহত উপস্থিত হ’লগৈ বিখ্যাত খেলুৱৈ তৈয়বুন নিচা।

সুদীৰ্ঘ ৫৭ বছৰৰ মূৰত দুয়ো লগ হৈ আৱেগিক হৈ পৰিল। তৈয়বুন নিচাই হাতত গুজি দিলে আঙুঠিৰ মূল্য কেইটামান টকা। সহপাঠীৰ সোণৰ আঙুঠি ঘূৰাই নিদি মনত অতদিনে খু-দুৱনি লাগি আছিল তৈয়বুন নিচাৰ। স্কুলীয়া দিনতে সেই আঙুঠি বিক্ৰী কৰি পোৱা ধনেৰে খেলিবলৈ ওলাই গৈছিল তৈয়বুন নিচা। জিলিকি উঠিছিল ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত। লাভ কৰিছিল খেলৰ যোগেদিয়েই ৰে’লৱেত চাকৰি। এতিয়া পূৰ্বৰ অভাৱ নাই তেওঁৰ। কিন্তু মাজে-মাজে বান্ধৱীৰ আঙুঠি বিক্ৰী কৰা দোষে মনত হেন্দোলনী তোলে তৈয়বুন নিচাৰ।

বিক্ৰী কৰা আঙুঠিটো ঘূৰাই দিব নোৱাৰিলেও বান্ধৱী জুলেখাৰ হাতত গুজি দিলে মূল্য। আঙুঠি হেৰুৱা কথাটো সময়ৰ গতিত জুলেখাই পাহৰি গৈছিল যদিও আজি তাৰ মূল্য লাভ কৰি পুলকিত হৈ পৰিল মন। তাতোকৈয়ো ভাল লাগিল বহু বছৰৰ মূৰত এনেকৈ দুয়ো বান্ধৱী লগ হ’বলৈ পায়। এই মন্তব্য দুয়ো বান্ধৱীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আকাশত চন্দ্ৰ–শুক্ৰৰ মনোমোহা যুগলবন্দী! কিয় দেখা গ’ল এই বিৰল দৃশ্য?

আজি, ১৪ ছেপ্টেম্বৰ ২০২৬। অসমৰ সন্ধিয়াৰ আকাশত দেখা গৈছে...

ৰেপিড’ ডেলিভাৰী ৰাইডাৰৰ কাণ্ড! গ্ৰাহকলৈ ‘I Love You’ মেছেজ

নইডাৰ এগৰাকী বাসিন্দাই ৰেপিড’ৰ জৰিয়তে পাৰ্চেল বুক কৰাৰ পাছত...

ভাৰতক বিশ্ব লেব-গ্ৰ’ন ডায়মণ্ড বজাৰ দখলৰ আহ্বান কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

মুম্বাইত অনুষ্ঠিত ইণ্ডিয়া জেমছ এণ্ড জুৱেলাৰী এৱাৰ্ডছত কেন্দ্ৰীয় গৃহমন্ত্ৰী...