চুৰিৰ অভিযুক্তক গুলীওৱাক লৈ যোৰহাটৰ পুলিবৰত উত্তেজনা

0 380

চুৰিকাণ্ডত অভিযুক্ত এজন আচামীক গুলীয়াই বিপদত পৰিছে যোৰহাটৰ পুলিবৰ আৰক্ষী। দেওবাৰে নিশা চুৰি গোচৰৰ অভিযুক্ত কুশ কুটুমে হেণ্ডকাফসহ পলায়ন কৰা বুলি দাবী আৰক্ষীৰ। পিছত আৰক্ষীৰ অভিযানত পুণৰ আটক হয় লোকজন। সোমবাৰে পুৱতি নিশা ৰহস্যজনকভাৱে গুলীবিদ্ধ হয় কুশ কুটুম। সম্প্ৰতি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন গুৰুতৰভাৱে আহত লোকজন। অভিযুক্ত কুশ কুটুমৰ পৰিয়ালৰ অভিযোগ- নাটক কৰিছে পুলিবৰ আৰক্ষীয়ে। কুশ কুটুমে পলায়ন কৰা বুলি স্ক্ৰিপ্ট ৰচনা কৰি পৰিকল্পিতভাৱে গুলীচালনা কৰা হৈছিল। ন্যায় বিচাৰি পুলিবৰ থানাৰ আৰক্ষীৰ বিৰুদ্ধে যোৰহাটৰ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে কুশ কুটুমৰ পৰিয়ালৰ লোকে।

চুৰিৰ অভিযুক্তক গুলীওৱাক লৈ যোৰহাটৰ পুলিবৰত উত্তেজনা
৬ মে’ৰ পুৱতি নিশা আৰক্ষীয়ে গুলীবিদ্ধ কৰিছিল কুশ কুটুমক
কুশ কুটুমে হেণ্ডকাফসহ পলায়নৰ কৰাৰ দাবী পুলিবৰ আৰক্ষীৰ
পুলিবৰ আৰক্ষীৰ বিৰুদ্ধে SPক এজাহাৰ কুশ কুটুমৰ পৰিয়ালৰ
পৰিয়ালৰ অভিযোগ- সমগ্ৰ ঘটনা পুলিবৰ আৰক্ষীৰ পৰিকল্পিত
AMCHৰ বিচনাত মৃত্যুৰে যুঁজিছে দিন হাজিৰা কৰা কুশই


ভুৱা এনকাউন্টাৰ!
বিপদত আৰক্ষী
যোৰহাট আৰক্ষীৰ গুণ্ডাগিৰিক লৈ পুলিবৰত উত্তেজনা।
চুৰিৰ অভিযুক্তক গুলীয়াই বিপদত পুলিবৰ আৰক্ষী।

যোৰহাটৰ SP শ্বেতাংগ মিশ্ৰক ন্যায়াধীশৰ শ্ব’কজ।
গুলীচালনাৰ কাৰণ ১০ দিনত জনাব লাগিব SPয়ে।

ঘটনাৰ আৰম্ভণি হৈছিল ৪ মে’ শনিবাৰৰ পৰা। এটা পানীৰ মটৰ চুৰিৰ ঘটনাত গ্ৰেপ্তাৰ হৈছিল কুশ কুটুম নামৰ এজন লোক। পকা মিস্ত্ৰীৰ যোগালি হিচাপে দিন হাজিৰা কৰিছিল পুলিবৰৰ মালৌপথাৰ ৰান্ধনিজানৰ নিবাসী কুশ কুটুম। কুশৰ লগতে পুলিবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুজন কিশোৰকো। কিশোৰ দুটিৰ জিম্মাৰ পৰাই জব্দ হৈছিল চুৰি পানীৰ মটৰটো। ৫ মে’ দেওবাৰে আটাইকে আদালতত হাজিৰ কৰা হৈছিল। কুশক ৩ দিনৰ বাবে জিম্মাত বিচাৰিছিল পুলিবৰ আৰক্ষীয়ে। আদালতে দিছিল এদিনৰ আৰক্ষী জিম্মা। গ্ৰেপ্তাৰ হোৱা কিশোৰ দুটিক শিশু কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল আদালতে। তেতিয়ালৈ সমগ্ৰ ঘটনা এক সাধাৰণ চুৰিৰ ঘটনাৰ বিৰুদ্ধে আৰক্ষী আইনী প্ৰক্ৰিয়া হিচাপেই আগবাঢ়িছিল।

কিন্তু ৫ মে’ৰ নিশা চাঞ্চল্যকৰ মোৰ সলাইছিল ঘটনাই
আৰক্ষী জিম্মাত থকা কুশক লৈ ওলাই গৈছিল পুলিবৰ আৰক্ষী
৬ মে’ৰ পুৱতি নিশা কুশৰ ঘৰৰ কাষত ৰহস্যজনক গুলীৰ শব্দ

গুলীৰ শব্দ শুনি ওলাই গৈ পানী মটৰ চুৰি ঘটনাৰ অভিযুক্ত কুশ কুটুমৰ পৰিয়াল আৰু প্ৰতিবেশী লোকসকল পথাৰলৈ ওলাই গৈছিল। পথাৰত ৰক্তাক্ত অৱস্থাত পৰি আছিল কুশ। আৰক্ষীৰ দুটাকৈ গুলীয়ে ধৰাশায়ী কৰিছিল কুশক। এটা গুলীয়ে কুশৰ বুকুত আৰু আনটো গুলীয়ে ৰাডহাড়ত আঘাত কৰিছিল। তেতিয়াও পথাৰত পৰি থকা কুশৰ ওপৰত চলি আছিল আৰক্ষীৰ নিৰ্যাতন। পৰিয়ালৰ অভিযোগ- গুলী লগা ঠাইত আঙুলি সুমুৱাই দিছিল আৰক্ষীয়ে।

পুলিবৰ আৰক্ষীৰ দাবী- হেণ্ডকাফসহ পলাইছিল কুশ কুটুম। পিছত আৰক্ষীৰ অভিযানত অভিযুক্তজন পুণৰ ধৰা পৰা বুলিও দাবী পুলিবৰ আৰক্ষীৰ। কিন্তু অভিযুক্ত কুশ কুটুমৰ পৰিয়ালৰ অভিযোগ- সমগ্ৰ ঘটনা পুলিবৰ আৰক্ষীৰ পূৰ্বপৰিকল্পিত। কুশৰ হেণ্ডকাফসহ পলায়নৰ কাহিনী আৰক্ষীয়ে ৰচা এখন নাটকহে। যদি সঁচাই কুশ কুটুমে ঘৰলৈ পলাইছিল, তেন্তে আৰক্ষী তেওঁক পুনৰ আটক নকৰিলে কিয়? পৰিয়ালটোৰ অধিবক্তাৰ যুক্তি এয়া।

‍ঘটনাৰ ন্যায় বিচাৰি ৭মে’ মঙলবাৰে যোৰহাট SPক পুলিবৰ থানাৰ বিৰুদ্ধে এজাহাৰ দিছে কুশ কুটুমৰ পৰিয়ালে। কিন্তু আজি পৰ্যন্ত গোচৰটো ৰুজু নোহোৱাৰ অভিযোগ পৰিয়ালৰ। বিষয়টোক লৈ আদালতৰো দ্বাৰস্থ হৈছে পৰিয়ালটো। যোৰহাটৰ বিশেষ ন্যায়িক দণ্ডাধীশৰ আদালতে যোৰহাট SPক দিছে কাৰণ দৰ্শোৱাৰ জাননী। ১০ দিনৰ ভিতৰত আদালতক প্ৰতিবেদন দিব লাগিব SP শ্বেতাংগ মিশ্ৰই।

‍এই ঘটনাই স্বাভাৱিকতে সমগ্ৰ পুলিবৰতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। লগতে অস্বস্তিত পৰিছে যোৰহাট আৰক্ষী। আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত কুশই মৃত্যুৰে যুঁজিছে AMCHত। কুশৰ সাম্প্ৰতিক অৱস্থা অতি সংকটজনক। প্ৰাণ ৰক্ষা পৰিলেও কুশ চিৰদিনলৈ ঘূণীয়া হোৱাৰ সম্ভাৱনাই প্ৰৱল। সেয়ে কুশ কুটুমৰ চিকিৎসা চৰকাৰী পক্ষক দ্বাৰা কৰাবলৈও আদালতক আহ্বান দৰিদ্ৰ পৰিয়ালটোৰ।

Leave A Reply

Your email address will not be published.