গণতন্ত্ৰৰ আহ্বানত ব্ৰত ভাঙিলে অতুল বৰাই

মঙলবৰীয়া ব্ৰত আছিল দিছপুৰৰ বিধায়ক অতুল বৰাৰ। তেওঁ মঙলবাৰে ওলাই নাহে ঘৰৰ পৰা। ভোটগ্ৰহণৰ দিনটোত সেয়ে ভোট দিবলৈ অহাক লৈ আছিল অনিশ্চয়তা। পিছে ভোট দিবলৈ আহিল নে নাই অতুল বৰা? ৭ বছৰে এনে কি কঠোৰ ব্ৰত পালন কৰি আহিছিল বিধায়কজনে?

গণতন্ত্ৰৰ আহ্বানত ব্ৰত ভাঙিলে অতুল বৰাই
পত্নী পুত্ৰক লগত লৈ ভোটকেন্দ্ৰত উপস্থিত দিছপুৰৰ বিধায়কজন
৭ বছৰীয়া ব্ৰত ভাঙিলে গণতন্ত্ৰ, দল আৰু শুভাকাংক্ষীৰ আহ্বানত


কালিৰ দিনটোত অৰ্থাত সোমবাৰৰ কথা। ভোট দিবলৈ অহাৰ কথা নাছিল দিছপুৰৰ বিধায়ক অতুল বৰা। কথা নাছিল ওলাই অহাৰো। সংবাদ মাধ্যমৰ আগত সেই কথাৰ আভাস দিছিল বিধায়ক পুত্ৰই।

কিন্তু এইবাৰ গণতন্ত্ৰৰ, দলৰ আৰু বন্ধু বিধায়ক তথা শুভাকাংখীৰ আহ্বানত পত্নী পুত্ৰক লগত বাঘৰবড়ি প্ৰাথমিক বিদ্যালয়ত লৈ ভোট দিবলৈ ওলাই আহিল অতুল বৰা। ব্যক্ত কৰিলে ৰিজাল্ট প্ৰেডিকশ্যন।

অতুল বৰাই ক’লে কিয় ভোট দিবলৈ অহাৰ কথা নাছিল তেওঁৰ। মঙলবাৰে পিতৃ-মাতৃ তথা ভাতৃকে আদি কৰি কেইবাজনকো হেৰুৱাইছে তেওঁ। মঙলবাৰৰ দিনটোত বহু বছৰ ধৰি মৃতকক প্ৰাৰ্থনা কৰে তেওঁ। মঙলবাৰেই, বিশেষকৈ আত্মাৰ সৈতে কথা পাতে তেওঁ

ভোট দিবলৈ আহোঁতে সকলোৰে অনুমতি লৈ আহিছে হেনো অতুল বৰাই। আনকি হনুমানৰো। গণতন্ত্ৰ আৰু দলৰ প্ৰতি দায়বদ্ধ তেওঁ। সেয়ে ব্ৰত ভাঙি মঙলবাৰে সপৰিয়ালে আহিল ভোটকেন্দ্ৰলৈ।

ইফালে ন’টা সন্দৰ্ভতো পুনৰ মন্তব্য কৰিলে অতুল বৰাই। ‘ন’টাত ভোট দিয়া সকল নটৰিয়াছ’। এনেকৈয়ে স্বভাৱসুলভ ভংগীমাৰে স্পষ্ট ভাষাৰে সংবাদ মাধ্যমৰ আগত কবলগীয়াখিনি কৈ গল অতুল বৰাই। আহ্বান জনালে গণতন্ত্ৰৰ প্ৰতি সকলোৱেই দায়িত্বশীল হওক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...