কাজিৰঙাৰ একা বেঁকা ৩৭ নং ৰাষ্ট্ৰীয় পথত এতিয়া নান্দনিকতাৰ পোহাৰ

প্ৰকৃতিৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি ঋতু পৰিবৰ্তনৰ লগে লগে সলনি হৈছে প্ৰকৃতিৰ ৰং৷ শীতে লঠঙা কৰা গছ লতিকাত সেউজ আৱৰণ আহিল বসন্তৰ আগমনৰ লগে লগে ৷ সেউজ বসন্তক আদৰণি জনোৱা ব’হাগৰ সেউজীয়া ৰূপত ৰহণ চৰাই এতিয়া নানান ৰঙৰ সমাহাৰ ঘটিছে গছ বিৰিখত৷ কাজিৰঙাৰ একা বেঁকা ৩৭ নং ৰাষ্ট্ৰীয় পথত এতিয়া নান্দনিকতাৰ পোহাৰ।

যেন কোনো নিপুণ চিত্ৰকৰৰ তুলিকাৰ চলমান ছবি এখন
যেন কোনো চিনেমাত চিত্ৰায়িত নিখুঁত এটা ফ্ৰেম
চালে ৰ’ লগা অলৰ-অচৰ সৌন্দৰ্য
মনোমুগ্ধকৰ, মায়াময়

এডাল দীঘলীয়া অজগৰৰ দৰে পৰি থকা ডাঠ ক’লা পথটোৰ পাৰে পাৰে অগণন ভেম লগা এজাৰ। হালধীয়া হাঁহি মাৰি হালিছে জালিছে সোণাৰু। এফোঁটা সেন্দুৰ হেন ৰঙা পিন্ধি থিয় দিছে কৃষ্ণচূড়া। লাহি ৰাধাচূড়াৰ ইলাহি মেল। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যদি আপুনি কাজিৰঙা পাৰ হৈছে তেন্তে আপোনাৰ বাবেই এই অপূৰ্ব ৰঙৰ সমাহাৰ। প্ৰকৃতিৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি ঋতু পৰিবৰ্তনৰ লগে লগে সলনি হৈছে প্ৰকৃতিৰ ৰং৷ শীতে লঠঙা কৰা গছ লতিকাত সেউজ আভৰণ আহিল বসন্তৰ আগমনৰ লগে লগে ৷ সেউজ বসন্তক আদৰণি জনোৱা বহাগৰ সেউজীয়া ৰূপত ৰহন চৰাই এতিয়া নানান ৰঙৰ সমাহাৰ ঘটিছে গছ বিৰিখত ৷গছ বিৰিখত ৰঙৰ সমাহাৰে অনন্য ৰূপত সজাই তুলিছে ৩৭ নং ৰাষ্ট্ৰীয় পথৰ ইপাৰ সিপাৰ৷ বেঙুনীয়াৰ লগত সোনাৰুৰ হালধীয়া খিনিয়ে সৃষ্টি কৰিছে অপৰূপ সৌন্দৰ্যৰ ৷ কেৱল ইমানেই নহয় সেউজীয়াৰ সমাহাৰেৰে আৱৃত ৰাজপথত বিৰিঙিছে কৃষ্ণচূড়াৰ তেজ ৰঙীণ হাহিঁ,ডাল ভৰি ফুলিছে ৰাধাচূড়া ৷ বাৰেৰঙীণ ফুলেৰে উজ্বলতাৰে জিলিকি জাতিস্কাৰ সকলো৷ কাজিৰঙাৰ এই মোহনীয় পৰিৱেশে যিদৰে মাতিছে পৰ্যটকক, এই সৌন্দৰ্যৰ বাবে দাঁতিকাষৰীয়া ৰাইজো সমানে গৰ্বিত।

এতিয়া এজাৰ ফুলাৰ বতৰ। বেজাৰ লগাবলৈ নহয়, মনৰ ডাৱৰ আঁতৰাবলৈকে যেন এতিয়া গছ ভৰি ফুলি উঠিছে এজাৰৰ হেজাৰ পাঁহি। এজাৰৰ ৰঙেৰে বেঙুনীয়া হৈ পৰিছে আকাশ। ফুলিছে সোণাৰুও। বাৰিষা আৰম্ভণিৰ সেমেকা পৰিৱেশতো জিলিকিছে সোণাৰু পাহি। ইফালে বসন্তৰ পৰশ লাগি আকাশ ৰঙাই চৌদিশে ফুলিছে কৃষ্ণচূড়া-ৰাধাচূড়াৰ ফুল। কাজিৰঙাৰ গঁড় হৰিণৰ মনোমোহা দৃশ্যাৱলীৰ ওচৰে পাজৰেই এই অপৰূপ অনাবিল সৌন্দৰ্য। এবাৰ কাজিৰঙা যাবলৈ, এবাৰ কাজিৰঙা চাবলৈ, কাজিৰঙাৰ আবেদন বুকুৱে বুকুৱে ব’বলৈ যথেষ্ট নহয়নে এই প্ৰতিবেদন?

এয়া বৰণ সলোৱা প্ৰকৃতিৰ অকৃত্ৰিম ৰং
সেউজীয়াৰ মাজে মাজে হৰেক বৰণ
অনুপম– অনুপম…

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...