শিৱসাগৰৰ বিজি ৰোডত কিশোৰীক প্ৰহাৰ

CCTVত বন্দী সমগ্ৰ দৃশ্য
দল-সংগঠনৰ প্ৰতিবাদ
দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী

এগৰাকী কিশোৰীক এইদৰেই প্ৰহাৰ কৰিছে পিতা-পুত্ৰই। সামান্য কথা আক্ৰমণ কিশোৰীগৰাকীক। শিৱসাগৰ বি.জি ৰোডৰ তাবাচুম বেগম নামৰ কিশোৰীগৰাকীৰ ঘৰৰ সকামৰ বাবে এই বাহনখনত অনা হৈছিল কিছু সামগ্ৰী। এই স্থানতেই গাড়ীখন ৰখাই সামগ্ৰীসমূহ গাড়ীৰ পৰা নমাইছিল। তেতিয়াই আহিছিল এইজন ব্যৱসায়ী বিনয় বৰা। গাড়ীখন তাৰ পৰা আঁতৰ কৰিবলৈ কলে। কিন্তু সেই স্থানেৰেই আছিল কিশোৰীগৰাকীৰ ঘৰলৈ যোৱা বাট। তাকে লৈ সামান্য তৰ্কাতৰ্কি। তাৰ পাছতেই ব্যৱসায়ী বিনয়ে প্ৰহাৰ কৰিলে কিশোৰীগৰাকীক।

প্ৰহাৰ বিনয়ৰ পিতৃ দুৰ্গেশ্বৰ বৰাৰো। চিচিটিভিত বন্দী আক্ৰমণৰ দৃশ্য। কেডিয়া উপাধিৰ আন এজন ব্যৱসায়ীৰ উচটনিত এই আক্ৰমণ কৰাৰ অভিযোগ। ইয়াৰ পাছতেই ওলাই আহিল স্থানীয় ৰাইজ। তেতিয়া সেই কেডিয়া উপাধিৰ লোকজনৰহে দম্ভালি।
শিৱসাগৰৰ DC মোৰ পকেটত। শৃংখল চলিহাকেই জেলত ভৰালোঁ, তহঁত কোন?

ইয়াৰ পাছতেই শিৱসাগৰত বীৰ লাচিন সেনাৰ শৃংখল চলিহা। প্ৰতিবাদত বহিল ৰাইজ। বহুসময়লৈ আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল যদি প্ৰতিবাদৰ পাছত আৰক্ষীয়ে আটক কৰিলে কিশোৰী আক্ৰমণকাৰী বিনয় বৰাক। তেতিয়াই সৃষ্টি হল উত্তপ্ত পৰিস্থিতি।

একাংশ লোকে আৰক্ষীৰ সন্মুখতে বিনয়ক প্ৰহাৰ কৰিবলৈ উদ্যত হল। দাবী শৃংখল চলিহাৰ। এই ঘটনাৰ সঠিক বিচাৰ কৰি আক্ৰমণকাৰীক দিব লাগে কঠোৰ শাস্তি।

চেপা উত্তেজনা শিৱসাগৰত। বহুদিনৰ পৰা ব্যৱসায়ী গোট এটাই এইদৰে দাদাগিৰি কৰি থকাৰ অভিযোগ। আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষণীয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...