শিৱসাগৰৰ বিজি ৰোডত কিশোৰীক প্ৰহাৰ

CCTVত বন্দী সমগ্ৰ দৃশ্য
দল-সংগঠনৰ প্ৰতিবাদ
দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী

এগৰাকী কিশোৰীক এইদৰেই প্ৰহাৰ কৰিছে পিতা-পুত্ৰই। সামান্য কথা আক্ৰমণ কিশোৰীগৰাকীক। শিৱসাগৰ বি.জি ৰোডৰ তাবাচুম বেগম নামৰ কিশোৰীগৰাকীৰ ঘৰৰ সকামৰ বাবে এই বাহনখনত অনা হৈছিল কিছু সামগ্ৰী। এই স্থানতেই গাড়ীখন ৰখাই সামগ্ৰীসমূহ গাড়ীৰ পৰা নমাইছিল। তেতিয়াই আহিছিল এইজন ব্যৱসায়ী বিনয় বৰা। গাড়ীখন তাৰ পৰা আঁতৰ কৰিবলৈ কলে। কিন্তু সেই স্থানেৰেই আছিল কিশোৰীগৰাকীৰ ঘৰলৈ যোৱা বাট। তাকে লৈ সামান্য তৰ্কাতৰ্কি। তাৰ পাছতেই ব্যৱসায়ী বিনয়ে প্ৰহাৰ কৰিলে কিশোৰীগৰাকীক।

প্ৰহাৰ বিনয়ৰ পিতৃ দুৰ্গেশ্বৰ বৰাৰো। চিচিটিভিত বন্দী আক্ৰমণৰ দৃশ্য। কেডিয়া উপাধিৰ আন এজন ব্যৱসায়ীৰ উচটনিত এই আক্ৰমণ কৰাৰ অভিযোগ। ইয়াৰ পাছতেই ওলাই আহিল স্থানীয় ৰাইজ। তেতিয়া সেই কেডিয়া উপাধিৰ লোকজনৰহে দম্ভালি।
শিৱসাগৰৰ DC মোৰ পকেটত। শৃংখল চলিহাকেই জেলত ভৰালোঁ, তহঁত কোন?

ইয়াৰ পাছতেই শিৱসাগৰত বীৰ লাচিন সেনাৰ শৃংখল চলিহা। প্ৰতিবাদত বহিল ৰাইজ। বহুসময়লৈ আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল যদি প্ৰতিবাদৰ পাছত আৰক্ষীয়ে আটক কৰিলে কিশোৰী আক্ৰমণকাৰী বিনয় বৰাক। তেতিয়াই সৃষ্টি হল উত্তপ্ত পৰিস্থিতি।

একাংশ লোকে আৰক্ষীৰ সন্মুখতে বিনয়ক প্ৰহাৰ কৰিবলৈ উদ্যত হল। দাবী শৃংখল চলিহাৰ। এই ঘটনাৰ সঠিক বিচাৰ কৰি আক্ৰমণকাৰীক দিব লাগে কঠোৰ শাস্তি।

চেপা উত্তেজনা শিৱসাগৰত। বহুদিনৰ পৰা ব্যৱসায়ী গোট এটাই এইদৰে দাদাগিৰি কৰি থকাৰ অভিযোগ। আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষণীয়।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ভাৰতৰ আক্ৰমণৰ পিছত সেনাৰ মুখ্য কাৰ্যালয় স্থানান্তৰিত কৰাৰ পৰিকল্পনা পাকিস্তানৰ

ভাৰতৰ আক্ৰমণত পাকিস্তানৰ নুৰ খান বিমান ঘাটিত হোৱা ব্যাপক...

আমেৰিকাক শূন্য শুল্ক দ্বিপাক্ষিক বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ পাকিস্তানৰ

পাকিস্তানে আমেৰিকাক নিৰ্বাচিত পণ্যৰ ওপৰত শূন্য শুল্কৰ দ্বিপাক্ষিক বাণিজ্য...

ভাৰত-ভূটান সীমান্ত এলেকাত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে তৎপৰতাৰে পদক্ষেপ ল’বলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ

জনতা ভৱনত স্বাস্থ্য বিভাগৰ কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ স্বাস্থ্যমন্ত্ৰী...

ভাৰতত এপলৰ সামগ্ৰী বনোৱা বন্ধ কৰিবলৈ ট্ৰাম্পৰ প্ৰস্তাৱ

মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে Appleৰ CEO টিম কুকক ভাৰতত...