গৰু চুৰিৰ সন্দেহত ৪ যুৱকক গণপ্ৰহাৰ

নলবাৰীৰ দোকোহাত পুৱতি নিশা ভয়ংকৰ কাণ্ড
GMCHত জীৱন মৃত্যৰে যুঁজিছে চাৰিজন যুৱকে

ৰাজ্যৰ গাঞে-ভূঞে এটা ভয়ংকৰ প্ৰৱণতাই গা কৰি উঠিছে। আইন হাতত তুলি লোৱাৰ প্ৰৱণতা। কাৰোবাৰ ওপৰত কিবা সন্দেহ হলে মাৰি পেলাম ধৰণৰ মানসিকতা। সেই উন্মাদনাৰেই পুনৰ প্ৰতিফলন ঘটিল নলবাৰীৰ দোকোহাত। শিহৰণকাৰী ঘটনা। গৰু চুৰিৰ সন্দেহত ছুইফ্টত গৈ থকা ৫ যুৱকক ঘেৰাও কৰিলে ৰাইজে। বিভিন্ন প্ৰশ্ন কৰিলে। তাৰ পাছতেই যুৱককেইজনক নিৰ্মম আক্ৰমণ। এজন যুৱকৰ পলায়ন। কাঠৰ বাটাম, ৰডেৰে প্ৰহাৰ কৰি লেবেজান কৰি পেলালে চাৰিজন যুৱকক। আক্ৰমণৰ বলি নলবাৰী ৰায়মাধাৰ ৰাহুল আলী, নাজিম আলী, ইক্ৰাম আলী আৰু কটপুহা বেটকাটাৰ ৰিংকু আলী। চাৰিওজনক নৃশংসভাবে আক্ৰমণ কৰিলে একাংশ উন্মত্ত লোকে। জ্বলাই দিলে যুৱককেইজনে লৈ যোৱা ছুইফ্ট বাহন। আধামৰা হৈ পৰি থকা যুৱককেইজন উদ্ধাৰ কৰিলেগৈ আৰক্ষীয়ে।

এই ঘটনাৰ পাছতে তীব্ৰ উত্তেজনা নলবাৰীৰ দোকোহাত। কেৱল সন্দেহৰ বাবে গণপ্ৰহাৰৰ বলি হল চাৰিজন যুৱক। নলবাৰী থানাত ঘটনা সন্দৰ্ভত ৰুজু হৈছে দুটা গোচৰ

বিগত সময়ত নলবাৰীৰ ভিন্ন প্ৰান্তত সংঘটিত হৈছে গৰু চুৰিৰ ঘটনা। বাৰে বাৰে আহ্বান জনোৱাৰ পাছতো আৰক্ষী-প্ৰশাসনে গুৰুত্ব নিদিয়াৰ অভিযোগ। তাৰেই পৰিণতিত এই কৰুণ ঘটনা। অনুৰূপ ঘটনা সংঘটিত হল চন্দ্ৰপুৰতো। গৰু চুৰি কৰিবলৈ অহা কেইজনমান যুৱকক দেখি চিঞৰ-বাখৰ লগালে ৰাইজে। ৰাইজৰ ৰুদ্ৰৰূপ দেখি গৰু চোৰৰ পলায়ন। উত্তেজিত ৰাইজে জ্বলাই দিলে গাড়ী। এই ঘটনাক লৈ চন্দ্ৰপুৰতো উত্তেজনা। ইপিনে নলবাৰীত আক্ৰমণৰ বলি হোৱা চাৰিজন যুৱক এতিয়া জি এম চি এইছত। আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। ডেৰ শতাধিক আৰক্ষীয়ে পহৰা দিছে নলবাৰীৰ দোকোহাত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...