যোৰহাট নে নগাঁৱত ভোটযুদ্ধত নামিব সাংসদ গৌৰৱ?

লাহে লাহে শাসক-বিৰোধীৰ চক্ৰবেহুত তৰুণ তনয়
গৌৰৱ গগৈক ওফৰাবলৈ ইখনৰ পাছত সিখন ব্লুপ্ৰিণ্ট
য’ত নিৰ্বাচন খেলিব তাতেই হৰুৱাবলৈ জটিল ভোটৰ অংক
কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাৰ দুঠাইত গৌৰৱ গগৈৰ নাম

হয়। নগাঁও গৌৰৱ গগৈৰ পছন্দৰ সমষ্টি। মানসিকভাবে গৌৰৱ ইতিমধ্যে সাজু হৈছিল নগাঁৱৰ বাবে। লগেলগে নগাঁওক লৈ আৰম্ভ হৈছে গৌৰববিৰোধী ৰাজনীতিৰ অভিযান। নগাঁৱত এই অভিযানৰ নেতৃত্ব লৈছে নেকি মৌলানা বদৰুদ্দিন আজমলে? খুব সোনকালে দেখা যাব নেকি নগাঁও সমষ্টিক কেন্দ্ৰ কৰি কংগ্ৰেছ-এ আই ইউ ডি এফৰ মুখামুখি সমৰ?

নগাঁৱত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ চৰ্চা তীব্ৰ হোৱা মাত্ৰকে আজমলে দৌৰদৌৰিকৈ প্ৰস্তুত কৰিলে দলৰ প্ৰাৰ্থী পেনেল। য’ত নগাঁৱত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব দলটোৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক। অংক সহজ। কংগ্ৰেছৰ প্ৰাৰ্থী পেনেলত নাম অন্তৰ্ভুক্ত হ’ল গৌৰৱ গগৈৰ। পথ কিন্তু মসৃণ নহ’ব। বিজেপিৰ সাম্ভাব্য প্ৰাৰ্থীগৰাকীতকৈয়ো কংগ্ৰেছী প্ৰাৰ্থীৰ বাবে বৃহৎ প্ৰত্যাহ্বান হ’বগৈ পাৰে এআই ইউ ডি এফৰ প্ৰাৰ্থী গৰাকীহে। সংখ্যালঘুৰ ভোট বিভাজনৰ এই বৃহৎ কৌশলৰ আঁৰত কোন? বিজেপিয়ে আজমলৰ কান্ধত বন্দুক থৈ গুলি ফুটাব খুজিছে নেকি?

সেয়ে নগাঁও সমষ্টিৰ বাবে প্ৰাৰ্থী পেনেলত গৌৰৱৰ নাম ৰাখিও চিন্তাত পৰিছে কংগ্ৰেছ। সময়ে ক’ব কি হ’ব নগাঁও সমষ্টিত?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICS সন্মিলনত অংশ ল’বলৈ ভাৰতলৈ আহিব চীনা ৰাষ্ট্ৰপতি শ্বী জিনপিঙ

চীনা ৰাষ্ট্ৰপতি সকলো জল্পনা-কল্পনাৰ অন্তঃ BRICS সন্মিলনত অংশ ল’বলৈ...

৮০ৰ দশকৰ AI ফটো ট্ৰেণ্ড: এখন ফটোৰ আঁৰত খৰচ কিমান?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ নষ্টালজিয়া। AI-এ বৰ্তমানৰ ফটোলৈ আনিছে...

প্ৰথমতে ছাগলী চুৰি, তাৰ পাছত প্ৰেমিকাক পলুৱাই নিয়াৰ পৰিকল্পনা!

প্ৰেমে মানুহক কি কি নকৰাই? এইবাৰৰ ঘটনা নগাঁও জিলাৰ...