ৰাজ্যত নতুন শিক্ষানীতি প্ৰৱৰ্তনৰ লক্ষ্যৰে শিক্ষাবিভাগৰ এই নৱসংযোজন

বহু নতুন নিয়মেৰে শেষ বাৰলৈ হ’ব মেট্ৰিক পৰীক্ষা
OMR শ্বীটত হ’ব গণিত, ইংৰাজী বিষয়াৰ পৰীক্ষা
সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ পৰীক্ষাও হ’ব OMR শ্বীটত
ৰাজ্যত নতুন শিক্ষানীতি প্ৰৱৰ্তনৰ লক্ষ্যৰে শিক্ষাবিভাগৰ এই নৱসংযোজন

অতিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। ছেবাৰ অধিনত ১৬ ফেব্ৰুৱাৰীৰ পৰা শেষবাৰলৈ অনুষ্ঠিত হ’ব মেট্ৰিক। কিন্তু এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ’ব সম্পূৰ্ণ নতুন পদ্ধতিৰে। এইবাৰ ৯১৩টা পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হ’ব ৪ লাখ ২৭ হাজাৰ ৯২২ গৰাকী পৰীক্ষাৰ্থী। এইবাৰ মেট্ৰিক পৰীক্ষাত কি নতুনত্ব পৰিলক্ষিত হ’ব?

নিৰ্ধাৰিত ৪টা বিষয়ৰ OMR শ্বীটত হ’ব ৪৫ নম্বৰৰ পৰীক্ষা
OMR শ্বীটৰ প্ৰতিটো প্ৰশ্নৰ বিপৰীতে থাকিব ১ নম্বৰকৈ
অন্য বহীত লিখিব লাগিব আন ৪৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ উত্তৰ
অৰ্থাৎ‍ পৰীক্ষাৰ্থীসকলে লাভ কৰিব দুখন কৈ প্ৰশ্ন কাকত
OMR শ্বীটৰ ব্যৱহাৰৰ বাবে ছেবাই নিৰ্ধাৰণ কৰা নিয়ম অনুসৰি OMR শ্বীটৰ বৃত্ত সমূহ ৰং কৰিবলৈ
পৰীক্ষাৰ্থীয়ে ব্যৱহাৰ কৰিব লাগিব ক’লা অথবা নীলা চিয়াঁহীৰ বল পইণ্ট কলম
এটা প্ৰশ্নৰ বিপৰীতে কেবল এটাকৈ বৃত্ত ৰং কৰিব লাগিব
সম্পূৰ্ণকৈ বৃত্তটো ৰং কৰিলেহে মূল্যাংকন কৰা হ’ব
কোনো খটৰা কামৰ বাবে পৰীক্ষাৰ্থীয়ে ব্যৱহাৰ কিব নোৱাৰিব OMR শ্বীট
তাৰোপৰি OMR শ্বীটখনত ভাঁজ দিয়া, ফলা, আঁচোৰা অথবা ষ্টেপল পিন ব্যৱহাৰ কৰিব নোৱাৰিব
এডমিট কাৰ্ডত থাকিব পৰীক্ষাৰ বিতং নীতি–নিয়ম
নিৰ্ধাৰিত সময়ৰ ১০ মিনিট পূৰ্বে পৰীক্ষা কেন্দ্ৰত শিক্ষাৰ্থীৰ প্ৰৱেশ বাধ্যতামূলক

অৰ্থাৎ‍ আগবেলা ৯ বজাত অনুষ্ঠিত হ’ব লগীয়া পৰীক্ষাৰ বাবে পূৰ্বৰ ৮.৩০ বজাৰ পৰিৱৰ্তে ৮.২০ বজাতে প্ৰৱেশ কৰিব লাগিব পৰীক্ষা কেন্দ্ৰত। পৰীক্ষা অনুষ্ঠিত হোৱাৰ ৫ মিনিট পূৰ্বে বিতৰণ কৰা হ’ব প্ৰশ্নকাকত। পৰীক্ষা কেন্দ্ৰ সমূহত পূৰ্বৰ দৰেই থাকিব তীক্ষ্ণ নীৰিক্ষণ। প্ৰতিটো কেন্দ্ৰতে চি চি কেমেৰা সংস্থাপনৰ লগতে ১০০ মিটাৰ ব্যাসাৰ্ধত বলৱৎ‍ থাকিব ১৪৪ ধাৰা। মঙলবাৰে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ সন্দৰ্ভত পৰ্যালোচনা সভাত অংশ গ্ৰহণ কৰি মেট্ৰিক পৰীক্ষাক লৈ শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৰ মন্তব্য। অনাগত দিনত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ৰাজ্যৰ উঠি অহা প্ৰজন্মক সাজু কৰি তোলাৰ বাবেই এই পদক্ষেপ।

ইফালে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰূপায়ন কৰা দেশৰ ৫ ৰাজ্যৰ অন্যতম বুলি উল্লেখ কৰি শিক্ষামন্ত্ৰীৰ মন্তব্য নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰযোজ্য কৰাৰ ক্ষেত্ৰত বহু দূৰ আগুৱাই গৈছে অসম।

নতুন শিক্ষানীতি বলৱৎ‍ কৰাৰ বাবে চৰকাৰে তৰিৎব গতিৰে কাম কাজ আগবঢ়াই নিয়াৰ সমান্তৰালকৈ উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ কেবিনেটে ইতিমধ্যে ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক একত্ৰীকৰণৰ সিদ্ধান্ত লৈছে। গতিকে ছেবাৰ অধীনত ১৬ ফেব্ৰুৱাৰীৰ পৰা অন্তিমবাৰলৈ যে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ’ব সি ধুৰূপ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৮ বছৰে ৰক্ষা কৰিলে কাজিৰঙাৰ বন্যপ্ৰাণী, কৰ্তব্যৰ পৰা অৱসৰ কাজিৰঙাৰ K9 Leonৰ

কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাত সুদীৰ্ঘ ৮ বছৰ ধৰি গুৰুত্বপূৰ্ণ ভূমিকা...

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু, ভয়াৱহ ইব’লা সংক্ৰমণত কংগো গণৰাজ্য | ভাৰতলৈ বিয়পিব পাৰে নেকি ?

প্ৰতি আধাঘণ্টাত এজনৰ মৃত্যু। পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে...

ভাৰতীয় বেটাৰ ঋষভ পণ্টৰ ইতিহাস ৰচনা, ১০০টা ছয় সম্পূৰ্ণ কৰা প্ৰথমজন ভাৰতীয় বেটাৰ হিচাপে নতুন অভিলেখ

শ্ৰীলংকাৰ বিৰুদ্ধে গালেত চলি থকা প্ৰথমখন টেষ্টৰ চতুৰ্থ দিনা...