প্ৰিয়ংক পাঞ্চাল ইন, ৰোহিত শৰ্মা আউট!

পৰৱৰ্তী টেষ্ট শৃংখলাত দেখা নাযাব অপেনাৰ আৰু উপ অধিনায়ক ৰোহিত শৰ্মাক। ২৬ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব নোৱাৰিব ৰোহিতে। আঘাতৰ বাবে শৃংখলাত ক্ৰিকেটপ্ৰেমীয়া দেখা নাপাব ৰোহিত শৰ্মাক। পৰৱৰ্তী তিনিওখন টেষ্টৰ পৰা বাহিৰ হৈছে ৰোহিত শৰ্মা। ৰোহিত শৰ্মাৰ সলনি দলত স্থান দিয়া হৈছে গুজৰাটৰ বেটছমেন প্ৰিয়ংক পাঞ্চালক। অনুশীলনৰ সময়তে আঙুলিত আঘাত পাইছিল ৰোহিত শৰ্মাই। আঘাতৰ বাবে জিৰণি দিয়া হৈছে বিস্ফোৰক বেটছমেনগৰাকীক।

উল্লেখ্য যে, ৰোহিত শৰ্মাক টীম ইণ্ডিয়াৰ এদিনীয়াৰ অধিনায়ক হিচাপে মনোনীত কৰা হৈছিল। ৮ ডিচেম্বৰত টেষ্টৰ উপ-অধিনায়কলৈ পদোন্নতি দিয়া হৈছিল। ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকাত ৩খন টেষ্ট খেলিব। ২৬ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব খেলসমূহ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এজন বিশেষ ব্যক্তিয়ে খোৱাৰ লগে লগে ষ্টক মাৰ্কেটত বৃদ্ধি পালে ফ্ৰাইড চিকেনৰ শ্বেয়াৰৰ মূল্য

দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলৰ এক বিশেষ সন্ধ্যা। এখন সুন্দৰ...

ত্ৰিপুৰাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ মেচৰ বাবে অসম দল ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ৮ নৱেম্বৰৰ পৰা ত্ৰিপুৰাৰ বিৰুদ্ধে...

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি মন্ধনা

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি...