ৰে’লপথেৰে সংযুক্ত হ’ব সীতাৰ জন্মস্থান জনকপুৰধাম আৰু ৰামৰ জন্মভূমি অযোধ্যা; আজি প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বৈঠকত বহিব নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহ

সীতাৰ জন্মস্থান হিচাপে পৰিচিত জনকপুৰধাম আৰু ভগৱান ৰামৰ জন্মভূমি হিচাপে পূজিত অযোধ্যাক সংযোগ কৰিবলৈ আৰম্ভ হ’ব নতুন ৰে’ল সেৱা। ইফালে, আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হ’ব নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহ।

দুয়োখন দেশৰ মাজত ৰে’ল যোগাযোগ অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে নেপালৰ জনকপুৰধামৰ পৰা উত্তৰ প্ৰদেশৰ অযোধ্যা কেণ্টনমেণ্টলৈ সাপ্তাহিক ৰে’ল চলাচলৰ অনুমোদন জনাইছে ভাৰতীয় ৰে’লৱেই। দেওবাৰে এই সিদ্ধান্তত অনুমোদন জনোৱা হয়।

এই নতুন ৰে’ল সেৱাই সীতাৰ জন্মস্থান হিচাপে পূজিত জনকপুৰধাম আৰু ভগৱান ৰামৰ জন্মভূমি অযোধ্যা—দুয়োটা গুৰুত্বপূৰ্ণ ধৰ্মীয় তীৰ্থস্থানক সংযোগ কৰিব। প্ৰায় ৬০৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই যাত্ৰাপথত ৰে’লখন বিহাৰ আৰু উত্তৰ প্ৰদেশৰ কেইবাখনো চহৰৰ মাজেৰে চলাচল কৰিব।

ৰে’লখনৰ ষ্টপেজসমূহ হ’ল- জয়নগৰ, মধুবনী, শিসো, সীতামঢ়ী, ৰক্সৌল, নৰকটিয়াগঞ্জ, গোৰখপুৰ, বস্তি, মনকাপুৰ আৰু অযোধ্যাধাম।

ৰে’লৱেৰ তথ্য অনুসৰি, প্ৰতি শনিবাৰে জনকপুৰধামৰ পৰা আৰু প্ৰতি সোমবাৰে অযোধ্যা কেণ্টনমেণ্টৰ পৰা ৰে’লখন যাত্ৰা আৰম্ভ কৰিব। অৱশ্যে, বৰ্তমানলৈকে ৰে’লখনৰ নিৰ্দিষ্ট সময়সূচী আৰু ভাড়াৰ বিষয়ে বিস্তৃত তথ্য প্ৰকাশ কৰা হোৱা নাই।

নতুন এই ৰে’ল সেৱাৰ ফলত দুয়োখন দেশৰ তীৰ্থযাত্ৰী আৰু পৰ্যটকসকলৰ যাতায়াত অধিক সুচল হ’ব বুলি আশা কৰা হৈছে। লগতে ৰামায়ণভিত্তিক পৰ্যটন বৰ্তনী গঢ়ি তোলাৰ ক্ষেত্ৰতো এই সেৱাই বিশেষ ভূমিকা পালন কৰিব পাৰে।

ভাৰত আৰু নেপালৰ মাজত দীৰ্ঘদিনীয়া সাংস্কৃতিক, ঐতিহাসিক আৰু সামাজিক সম্পৰ্ক আছে। এই ৰে’ল প্ৰকল্পৰ জৰিয়তে কেৱল যাত্ৰীবাহী ৰে’ল যোগাযোগ উন্নত কৰাই নহয়, আঞ্চলিক পৰ্যটন আৰু অৰ্থনৈতিক কাৰ্যকলাপকো অধিক গতিশীল কৰাৰ লক্ষ্য লোৱা হৈছে।

ইফালে, দেওবাৰে সন্ধিয়া ভাৰতত উপস্থিত হোৱাৰ পাছতে উত্তৰ প্ৰদেশৰ পৰম্পৰাগত নৃত্য-গীতেৰে নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহক উষ্ম আদৰণি জনোৱা হয়। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতেও সাক্ষাৎ কৰে তেওঁ।

আজি, সোমবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা নেপালৰ প্ৰধানমন্ত্ৰীগৰাকীৰ।

প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত এয়াই বালেন্দ্ৰ শ্বাহৰ প্ৰথম ভাৰত ভ্ৰমণ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণক্ৰমে এই চমু ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে তেওঁ। ৰাজনৈতিক মহলৰ মতে, দুয়োগৰাকী নেতাৰ মাজত আঞ্চলিক আৰু দ্বিপাক্ষিক স্বাৰ্থজড়িত বিভিন্ন বিষয়ক লৈ আলোচনা হোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, যোৱা শুকুৰবাৰে এক সংবাদমেলত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে জানিবলৈ দিছিল যে দুয়োগৰাকী নেতাৰ আলোচনাত প্ৰযুক্তি, ষ্টাৰ্ট-আপ, গৱেষণা আৰু ক্ৰীড়াৰ দৰে বিষয়সমূহো স্থান পাব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইজৰাইলত নতুন চৰকাৰ গঠনৰ তৎপৰতা, নেতানিয়াহুৰ লিকুড পাৰ্টিক আলোচনালৈ আমন্ত্ৰণ গাডি আইজেনকটৰ

ইজৰাইলত নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়াক লৈ ৰাজনৈতিক তৎপৰতা বৃদ্ধি...

গুজৰাটৰ কচ্ছত ভয়ংকৰ পথ দুৰ্ঘটনা, একেটা পৰিয়ালৰ তিনি শিশুসহ ৭জনৰ মৃত্যু

গুজৰাটৰ কচ্ছ জিলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিটা...

অপাৰেচন সিন্দূৰৰ সময়ত পাকিস্তানক চীনৰ সমৰ্থন,ভাৰতৰ উত্থান ৰোধৰ কৌশল চীনৰ : আমেৰিকান কমিটী

ভাৰতৰ ক্ৰমবৰ্ধমান শক্তি আৰু আঞ্চলিক প্ৰভাৱ সীমিত কৰাৰ লক্ষ্যৰে...