অৰুণাচল সীমান্তত উত্তেজনা হ্ৰাসৰ তৎপৰতা! শীতৰ পূৰ্বে সংঘাত এৰাবলৈ ভাৰত-চীনৰ মাজত উচ্চপৰ্যায়ৰ সামৰিক বৈঠক

ভাৰত-চীনৰ সীমান্তত টহল দিয়াৰ সময়ত সংঘাতৰ সম্ভাৱনা হ্ৰাস কৰাই হৈছে দুয়োখন দেশৰ সামৰিক বিষয়াসকলৰ মূল লক্ষ্য। ভাৰতৰ সীমান্তত চীনা সেনাই অনুপ্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন হৈছে। আনকি অৰুণাচল প্ৰদেশৰ একাংশক নিজৰ ভূখণ্ড বুলিও দাবী কৰি আহিছে চীনে। কেইদিনমান পূৰ্বেও অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিছিল চীনা সেনাই। এনে পৰিস্থিতিত দুয়োখন দেশৰ সীমান্তৰ বিতৰ্কিত অঞ্চলসমূহত উত্তেজনা হ্ৰাস কৰাৰ বাবে তৎপৰ হৈ উঠিছে ভাৰত আৰু চীনৰ সেনা। শীতকাল আৰম্ভ হোৱাৰ পূৰ্বে সীমান্তত দুয়োখন দেশৰ সেনাৰ মাজত মুখামুখি সংঘাত এৰাই চলাৰ লক্ষ্যৰে পুনৰ উচ্চপৰ্যায়ৰ সামৰিক বৈঠকত মিলিত হয় ভাৰত আৰু চীন।

জানিব পৰা মতে, নাগালেণ্ডৰ ডিমাপুৰস্থিত ভাৰতীয় সেনাবাহিনীৰ তৃতীয় কোৰ (III Corps)-ৰ জেনেৰেল অফিচাৰ কমাণ্ডিং লেফটেনেণ্ট জেনেৰেল গিৰিশ কালিয়াই এই বৈঠকত ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব দিয়ে। আলোচনাত চীনৰ উচ্চপদস্থ সামৰিক বিষয়া আৰু অন্যান্য সেনা বিষয়াৰ লগতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এগৰাকী বিষয়াও উপস্থিত থাকে।

জানিব পৰা মতে, সীমান্তত দুয়োখন দেশৰ সেনাৰ মাজত মুখামুখি সংঘৰ্ষ এৰাই চলা আৰু শীতকালৰ পূৰ্বে পৰিস্থিতি নিয়ন্ত্ৰণত ৰখাই আছিল এই বৈঠকৰ মূল উদ্দেশ্য। দুয়োখন দেশৰ সামৰিক বিষয়াসকলে যোগাযোগ ব্যৱস্থা শক্তিশালী কৰা, সীমান্তত টহল দিয়াৰ সময়ত সংঘাতৰ পৰা আঁতৰি থকা আৰু সৰু-সুৰা উত্তেজনাই যাতে বৃহৎ সামৰিক সংঘাতৰ ৰূপ নলয়, সেই বিষয়সমূহৰ ওপৰত আলোচনা কৰে। উল্লেখ্য যে, উক্ত অঞ্চলত দুয়োপক্ষই বৃহৎ সংখ্যক সেনা মোতায়েন কৰি ৰাখিছে। এনে পৰিস্থিতিৰ মাজতে এই বৈঠক অনুষ্ঠিত হয়।

পূব ছেক্টৰত এয়া আছিল দ্বিতীয়লানি কৰ্পছ কমাণ্ডাৰ পৰ্যায়ৰ বৈঠক। ইয়াৰ পূৰ্বে ৬ আৰু ৭ ছেপ্টেম্বৰত অৰুণাচল প্ৰদেশৰ কিবিথু ছেক্টৰত অৱস্থিত ৱাচা-দামাই সীমান্ত বৈঠক কেন্দ্ৰত দুয়োখন দেশৰ প্ৰতিনিধিয়ে আলোচনাত মিলিত হৈছিল। সেই বৈঠকৰ পূৰ্বে অৰুণাচল প্ৰদেশৰ আপাৰ সোৱণশিৰি জিলাৰ তাকছিং অঞ্চলত উত্তেজনা বৃদ্ধিৰ খবৰ পোহৰলৈ আহিছিল।

প্ৰসংগক্ৰমে, অক্টোবৰ মাহত ৰাজস্থানৰ আলৱাৰত ITBPৰ কৰ্মীসকলৰ এটা অনুষ্ঠানত আইটিবিপিৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান শত্ৰুজিৎ কাপুৰে অৰুণাচল সীমান্তৰ কেইবাটাও স্থানত ভাৰত আৰু চীনৰ সেনা মুখামুখি হোৱা বুলি মন্তব্য কৰিছিল। ইয়াৰ পিছতে অনুষ্ঠিত হয় এই দ্বিতীয়লানি বৈঠক।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা অনুসৰি, চীনা সেনাই সীমান্তত টহল দিয়াৰ নিৰ্ধাৰিত নিয়ম উলংঘা কৰিলে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (LAC)ত মাজে-সময়ে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। সেয়েহে সীমান্তত শান্তি আৰু সুস্থিৰতা বজাই ৰখাটো ভাৰত-চীনৰ দ্বিপাক্ষিক সম্পৰ্কৰ সামগ্ৰিক উন্নতিৰ বাবেও অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মন্ত্ৰালয়ৰ বিষয়াসকলে উল্লেখ কৰে।

উল্লেখ্য যে, অৰুণাচল প্ৰদেশক লৈ ভাৰত আৰু চীনৰ মাজত থকা সীমান্ত বিবাদৰ অন্যতম মূল কাৰণ হৈছে মেকমোহন লাইন (McMahon Line)। ভাৰতে এই সীমাৰেখাক দুয়োখন দেশৰ মাজৰ আন্তঃৰাষ্ট্ৰীয় সীমা হিচাপে স্বীকৃতি দিলেও চীনে ইয়াক মানি ল’বলৈ অস্বীকাৰ কৰি আহিছে। আনকি অৰুণাচল প্ৰদেশক নিজৰ ভূখণ্ড বুলিও দাবী কৰে চীনে। অৱশ্যে চীনৰ এই দাবী ভাৰতে সম্পূৰ্ণৰূপে নাকচ কৰি আহিছে।

এই বিবাদক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনা হ্ৰাস কৰাৰ লক্ষ্যৰে দুয়োখন দেশে কূটনৈতিক পৰ্যায়তো আলোচনা অব্যাহত ৰাখিছে। যোৱা আগষ্ট মাহত বেইজিঙত ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িৰ মাজত সীমান্ত সমস্যা সন্দৰ্ভত বৈঠক অনুষ্ঠিত হৈছিল। আনহাতে, অনুপ্ৰৱেশৰ ঘটনা সংঘটিত হ’লেও ভাৰতীয় সেনাই অতি দক্ষতাৰে সীমান্ত সুৰক্ষিত কৰি আহিছে বুলি মন্তব্য কৰিছিল অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে।

উল্লেখ্য যে, ২০২০ চনৰ জুন মাহত গালৱান উপত্যকাত চীনা সেনাই আক্ৰমণ চলাইছিল। সেই ঘটনাৰ পিছৰে পৰা ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্কত অব্যাহত আছে উত্তেজনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইজৰাইলত নতুন চৰকাৰ গঠনৰ তৎপৰতা, নেতানিয়াহুৰ লিকুড পাৰ্টিক আলোচনালৈ আমন্ত্ৰণ গাডি আইজেনকটৰ

ইজৰাইলত নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়াক লৈ ৰাজনৈতিক তৎপৰতা বৃদ্ধি...

গুজৰাটৰ কচ্ছত ভয়ংকৰ পথ দুৰ্ঘটনা, একেটা পৰিয়ালৰ তিনি শিশুসহ ৭জনৰ মৃত্যু

গুজৰাটৰ কচ্ছ জিলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিটা...