মঙলবাৰৰ পৰা আছুৰ ধাৰাবাহিক আন্দোলন

0 834

বাঘজানকাণ্ডৰ মূল অভিযুক্ত জন এনাৰ্জিৰ নিবিদা বাতিলৰ দাবী আছুৰ। অন্যথা ১৪ ডিচেম্বৰৰ পৰা আছুৰ ধাৰাবাহিক আন্দোলন কৰাৰ ঘোষণা সদৌ অসম ছাত্ৰ সন্থাৰ। প্ৰতিখন জিলাতে প্ৰতিবাদৰ সন্মুখীন হ’ব অইল কৰ্তৃপক্ষ। সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ হুংকাৰ। ১৭৫ দিন ধৰি তিনিচুকীয়াৰ বাঘজানৰ বি জি আৰ ৫নং তৈলখাদত প্ৰাকৃতিক গেছ আৰু কনডেনছেট নিৰ্গমন হোৱাৰ লগতে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছিল। এই ঘটনাৰ মূল অভিযুক্ত জন এনাৰ্জি প্ৰাইভেট লিমিটেডক কাৰ স্বাৰ্থ পূৰণ কৰিবলৈ অইলে পুনৰ দুটাকৈ তৈলখাদৰ নিবিদা প্ৰদান কৰিছে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। কাইলৈৰ ভিতৰত নিবিদা বাতিল নকৰিলে ধাৰাবাহিক আন্দোলনৰ হুংকাৰ আছুৰ।

Leave A Reply

Your email address will not be published.