গুৱাহাটী বিশ্ববিদ্যালয়ত ৫ দিনৰ বাবে বন্ধ পাঠদান-হোষ্টেল। মঙলবাৰৰ সাংস্কৃতিক অনুষ্ঠান বাতিল

গুৱাহাটী বিশ্ববিদ্যালয় ব্যাপক ৰূপত ক’ভিডৰ সংক্ৰমণ। বৰ্তমানলৈকে ক’ভিডত আক্ৰান্ত হৈছে ২০জনকৈ শিক্ষাৰ্থী। AT9 হোষ্টেলত ১০জন আক্ৰান্ত ক’ভিডত। স্বাস্থ্য বিভাগৰ নিৰ্দেশত বিশ্ববিদ্যালয়খনত কৰা হৈছিল ক’ভিড পৰীক্ষা। RTPCR টেষ্টত ১২গৰাকী শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। RCC6, RCC5, AT2 আৰু AT3 হোষ্টেলতো ক’ভিডৰ সংক্ৰমণ। ক’ভিডত আক্ৰান্ত শিক্ষাৰ্থীসকলক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ত চলি আছে বিশ্ববিদ্যালয় সপ্তাহ। গতিকে আক্ৰান্তৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। যাৰ বাবে ১৪ ডিচেম্বৰত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠান বাতিল কৰা হৈছে। ইয়াৰ লগতে ১৫-১৯ ডিচেম্বৰলৈ বিশ্ববিশ্ববিদ্যালয়ৰ সকলো পাঠদান বন্ধ ৰখা হৈছে। এই সময়ছোৱাত বন্ধ থাকিব বিশ্ববিদ্যালয়ৰ সকলো হোষ্টেল। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাননীযোগে সদৰি কৰে এই কথা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...