গুৱাহাটী বিশ্ববিদ্যালয়ত ৫ দিনৰ বাবে বন্ধ পাঠদান-হোষ্টেল। মঙলবাৰৰ সাংস্কৃতিক অনুষ্ঠান বাতিল

গুৱাহাটী বিশ্ববিদ্যালয় ব্যাপক ৰূপত ক’ভিডৰ সংক্ৰমণ। বৰ্তমানলৈকে ক’ভিডত আক্ৰান্ত হৈছে ২০জনকৈ শিক্ষাৰ্থী। AT9 হোষ্টেলত ১০জন আক্ৰান্ত ক’ভিডত। স্বাস্থ্য বিভাগৰ নিৰ্দেশত বিশ্ববিদ্যালয়খনত কৰা হৈছিল ক’ভিড পৰীক্ষা। RTPCR টেষ্টত ১২গৰাকী শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। RCC6, RCC5, AT2 আৰু AT3 হোষ্টেলতো ক’ভিডৰ সংক্ৰমণ। ক’ভিডত আক্ৰান্ত শিক্ষাৰ্থীসকলক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ত চলি আছে বিশ্ববিদ্যালয় সপ্তাহ। গতিকে আক্ৰান্তৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। যাৰ বাবে ১৪ ডিচেম্বৰত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠান বাতিল কৰা হৈছে। ইয়াৰ লগতে ১৫-১৯ ডিচেম্বৰলৈ বিশ্ববিশ্ববিদ্যালয়ৰ সকলো পাঠদান বন্ধ ৰখা হৈছে। এই সময়ছোৱাত বন্ধ থাকিব বিশ্ববিদ্যালয়ৰ সকলো হোষ্টেল। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাননীযোগে সদৰি কৰে এই কথা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইতিহাস গঢ়িলে শুভমন গিলে, পঞ্চমবাৰৰ বাবে লাভ কৰিলে ICCৰ মাহটোৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান

ভাৰতীয় ক্ৰিকেট দলৰ এদিনীয়া আৰু টেষ্ট অধিনায়ক শুভমন গিলে...

অসমৰ ৩০ শতাংশ শিক্ষাৰ্থীয়ে শ্ৰেণীকোঠাত পাঠ বুজি নাপায়, শিক্ষকৰ পাঠদানক লৈ মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত সেৱা সংকল্প...