মন গ’লেহে ৰাজ্যসভালৈ যাম…ৰঞ্জন গগৈৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ

আকৌ এবাৰ সংবাদ শীৰ্ষত দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। এটা বিশেষ মন্তব্যৰ বাবে তোলপাৰ লাগিছে দেশ। অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ। ৰাজ্যসভাত বিশেষাধিকাৰ ভংগৰ জাননী তৃণমূল কংগ্ৰেছৰ সাংসদৰ। তৃণমূল কংগ্ৰেছৰ সাংসদ মৌচম নূৰে দাখিল কৰিছে জাননী। মোৰ মন গ’লেহে মই ৰাজ্যসভালৈ যাম বুলি মন্তব্য কৰিছিল ৰাজ্যসভাৰ সাংসদ তথা দেশৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ গগৈয়ে। ইয়াৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ জাননী দাখিল কৰাৰ লগতে কমেও আন ১০জন সাংসদেও জাননী দাখিল কৰিব বুলি জানিব পৰা গৈছে। সাংসদজনে তেওঁৰ আত্মজীৱনী গ্ৰন্থ ‘জাষ্টিচ ফৰ দ্য জাজ’ৰ প্ৰকাশৰ পিছতে বিশেষ সাক্ষাৎকাৰত এই মন্তব্য কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

UGC NET-ত উজলিল মৰিয়নীৰ নাংমু বুঢ়াগোহাঁই

জীৱনৰ কঠিন পৰিস্থিতিকো হেলাৰঙে নেওচি UGC NET ২০২৬ পৰীক্ষাত...

“মাছৰ টেঙা…বহুত সুস্বাদু”: অসমৰ খাদ্যৰ প্ৰশংসাত সুনীল গাভাস্কাৰ গাভাস্কাৰ

অসমলৈ আহিলে কি খাব লাগে? এই প্ৰশ্নৰ উত্তৰত কোনো...

BRICS সন্মিলনত অংশ ল’বলৈ ভাৰতলৈ আহিব চীনা ৰাষ্ট্ৰপতি শ্বী জিনপিঙ

চীনা ৰাষ্ট্ৰপতি সকলো জল্পনা-কল্পনাৰ অন্তঃ BRICS সন্মিলনত অংশ ল’বলৈ...