চুপাৰষ্টাৰ মহেশ বাবু আক্ৰান্ত ক’ভিডত, সকলোকে ভেকচিন লোৱাৰ আহ্বান

ইজনৰ পিছত সিজন তাৰকাৰ দেহত পোৱা গৈছে মাৰাত্মক কভিড। জন আব্ৰাহাম, চনু নিগম, কৰিনা কাপুৰ আৰু অৰ্জুন কাপুৰৰ পিছত এইবাৰ কভিডত আক্ৰান্ত হৈছে মহেশ বাবু। দক্ষিণৰ অতি জনপ্ৰিয় অভিনেতাগৰাকীয়ে নিজেই প্ৰকাশ কৰিছে এই কথা।

মহেশ বাবুয়ে ছচিয়েল মিডিয়াত লিখিছে-“সকলো প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰাৰ পিছত মোৰ কোভিড টেষ্টত পোৱা গৈছে। মোৰ সামান্য লক্ষণ আছিল আৰু ইয়াৰ পিছতে মই টেষ্ট কৰিছিলো। মই নিজকে ঘৰত আছুতীয়াকৈ আছো আৰু সকলো চিকিৎসা নিৰ্দেশনা অনুসৰণ কৰি আছো। যোৱা কেইদিনমানত মোৰ সংস্পৰ্শলৈ অহা সকলোৱে যাতে কভিড টেষ্ট কৰে তাৰ বাবে অনুৰোধ জনালো। যিসকলে এতিয়াও ভেকচিন লোৱা নাই, সেইসকলক শীঘ্ৰে টীকাকৰণৰ অনুৰোধ জনাইছো যাতে চিকিৎসালয়লৈ যোৱাৰ আশংকা হ্ৰাস হয়। অনুগ্ৰহ কৰি সকলোৱে কোভিড নিয়মবোৰ অনুসৰণ কৰক আৰু সুৰক্ষিত হৈ থাকক। মহেশৰ পৰিয়ালৰ আন সদস্যসকলৰ কোভিড টেষ্টৰ প্ৰতিবেদন এতিয়াও আহিবলৈ বাকী আছে। শেহতীয়াকৈ, মহেশ বাবুৰ পত্নী নম্ৰতা শিৰোদকাৰৰ ভগ্নী আৰু অভিনেত্ৰী শিল্পা শিৰোদকাৰকো কৰোনা পজিটিভ পোৱা গৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...