চুপাৰষ্টাৰ মহেশ বাবু আক্ৰান্ত ক’ভিডত, সকলোকে ভেকচিন লোৱাৰ আহ্বান

ইজনৰ পিছত সিজন তাৰকাৰ দেহত পোৱা গৈছে মাৰাত্মক কভিড। জন আব্ৰাহাম, চনু নিগম, কৰিনা কাপুৰ আৰু অৰ্জুন কাপুৰৰ পিছত এইবাৰ কভিডত আক্ৰান্ত হৈছে মহেশ বাবু। দক্ষিণৰ অতি জনপ্ৰিয় অভিনেতাগৰাকীয়ে নিজেই প্ৰকাশ কৰিছে এই কথা।

মহেশ বাবুয়ে ছচিয়েল মিডিয়াত লিখিছে-“সকলো প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰাৰ পিছত মোৰ কোভিড টেষ্টত পোৱা গৈছে। মোৰ সামান্য লক্ষণ আছিল আৰু ইয়াৰ পিছতে মই টেষ্ট কৰিছিলো। মই নিজকে ঘৰত আছুতীয়াকৈ আছো আৰু সকলো চিকিৎসা নিৰ্দেশনা অনুসৰণ কৰি আছো। যোৱা কেইদিনমানত মোৰ সংস্পৰ্শলৈ অহা সকলোৱে যাতে কভিড টেষ্ট কৰে তাৰ বাবে অনুৰোধ জনালো। যিসকলে এতিয়াও ভেকচিন লোৱা নাই, সেইসকলক শীঘ্ৰে টীকাকৰণৰ অনুৰোধ জনাইছো যাতে চিকিৎসালয়লৈ যোৱাৰ আশংকা হ্ৰাস হয়। অনুগ্ৰহ কৰি সকলোৱে কোভিড নিয়মবোৰ অনুসৰণ কৰক আৰু সুৰক্ষিত হৈ থাকক। মহেশৰ পৰিয়ালৰ আন সদস্যসকলৰ কোভিড টেষ্টৰ প্ৰতিবেদন এতিয়াও আহিবলৈ বাকী আছে। শেহতীয়াকৈ, মহেশ বাবুৰ পত্নী নম্ৰতা শিৰোদকাৰৰ ভগ্নী আৰু অভিনেত্ৰী শিল্পা শিৰোদকাৰকো কৰোনা পজিটিভ পোৱা গৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...