‘গোৱালমাৰ্ট’ৰ বাবে গোৱালপাৰা জিলা প্রশাসনলৈ সন্মানীয় গ’ল্ড এবার্ড

অনলাইন বজাৰ খুলি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিলে গোৱালপাৰা জিলা প্রশাসনে। গোৱালপাৰা জিলাৰ আগিয়াত নিৰ্মাণ কৰা অনলাইন মার্কেট গোৱালমার্টৰ বাবেই গোৱালপাৰা জিলা প্ৰশাসনক গল্ড এৱাৰ্ড প্রদান কৰিলে কেন্দ্রীয় চৰকাৰে।

হায়দৰাবাদত ৭ আৰু ৮ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ২৪ সংখ্যক ৰাষ্ট্ৰীয় কনফান্সেৰ ই-গভর্নেন্সৰ প্ৰথম কেটেগৰীত আগবঢ়োৱা গ’ল্ড এৱাৰ্ড হিচাপে কেন্দ্রীয় মন্ত্রী জিতেন্দ্ৰ সিঙৰ পৰা শুকুৰবাৰে পুৰস্কাৰ গ্ৰহণ কৰে গোৱালপাৰা জিলা উপায়ুক্ত মীনাক্ষী দাস নাথৰ লগতে পূৰ্বৰ উপায়ুক্ত বর্ণালী ডেকাই।

অনলাইন বজাৰৰ জৰিয়তে আত্মসহায়ক গোটসমূহৰ স্থানীয়ভাৱে উৎপাদিত সামগ্ৰী তথা তৈয়াৰ কৰা সামগ্রী বিক্ৰী কৰাৰ ব্যৱস্থা কৰাৰ বাবেই গোৱালমাৰ্ট নামৰ এখন বিপনী খোলা হয়। গোৱালমাৰ্টৰ জৰিয়তে জনজাতীয় থলুৱা খাদ্য সম্ভাৰৰ লগতে সাংস্কৃতিক সামগ্ৰীৰো বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। কৃষিজাত সামগ্ৰী যেনে ক’লা ধানৰ চাউল, ড্রেগন ফল, চুইট মাল্টা, কোকোৱা, কল, হস্তশিল্প, শীতল পাটী আদি সামগ্ৰীসমূহ গোৱালমার্টৰ জৰিয়তে যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে।

এই সামগ্ৰীসমূহ অনলাইনৰ জৰিয়তে বিক্ৰী কৰি জিলাৰ আত্মসহায়ক গোটৰ লগতে নিবনুৱা লাভাম্বিত হৈছে। ইয়াৰ পূৰ্বে স্থানীয় থলুৱা সামগ্ৰীসমূহ বিক্ৰী কৰিবলৈ উপযুক্ত বজাৰ নাছিল। সেয়ে গোৱালপাৰা জিলা প্রশাসনে অনলাইন বজাৰৰ পৰিকল্পনা কৰিছিল। ভাৰত চৰকাৰৰ নীতি আয়োগে গোৱালপাৰা জিলাক ২০১৮-১৯বর্ষত আকাংক্ষিত জিলা হিচাপে ঘোষণা কৰাত উত্তৰ-পূৱ পৰিষদে যোগান ধৰা পুঁজিৰে নিৰ্মাণ কৰা হৈছিল গোৱালমার্ট।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সম্পৰ্কবোৰত ঘুণে ধৰিছে নেকি!

পত্নী নিৰুদ্দেশ হোৱা বুলি ফেচবুকত পোষ্ট নেতা নৰেন তাঁতীৰ।...

ইৰাণৰ সৈতে সংঘৰ্ষৰ মাজতে গাজা আক্ৰমণ ইজৰাইলৰ

ইৰাণৰ সৈতে চলি থকা সংঘাতৰ মাজতো ইজৰাইলে গাজাত আক্ৰমণ...

শিশুৰ মাজত দায়িত্ববোধৰ অভাৱ? সমাধানৰ উপায় দিলে ছানী লিয়নে

অভিনয়ত সময় দিয়াৰ লগতে অভিনেত্ৰী ছানী লিয়নে তেওঁৰ পৰিয়ালৰ...

ট্ৰাম্পৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱত ইজৰাইলৰ সন্মতি, ইৰাণৰ অৱস্থান এতিয়াও অস্পষ্ট

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰস্তাৱিত যুদ্ধবিৰতিত ইজৰাইলে সন্মতি জনাইছে।...