‘গোৱালমাৰ্ট’ৰ বাবে গোৱালপাৰা জিলা প্রশাসনলৈ সন্মানীয় গ’ল্ড এবার্ড

অনলাইন বজাৰ খুলি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিলে গোৱালপাৰা জিলা প্রশাসনে। গোৱালপাৰা জিলাৰ আগিয়াত নিৰ্মাণ কৰা অনলাইন মার্কেট গোৱালমার্টৰ বাবেই গোৱালপাৰা জিলা প্ৰশাসনক গল্ড এৱাৰ্ড প্রদান কৰিলে কেন্দ্রীয় চৰকাৰে।

হায়দৰাবাদত ৭ আৰু ৮ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ২৪ সংখ্যক ৰাষ্ট্ৰীয় কনফান্সেৰ ই-গভর্নেন্সৰ প্ৰথম কেটেগৰীত আগবঢ়োৱা গ’ল্ড এৱাৰ্ড হিচাপে কেন্দ্রীয় মন্ত্রী জিতেন্দ্ৰ সিঙৰ পৰা শুকুৰবাৰে পুৰস্কাৰ গ্ৰহণ কৰে গোৱালপাৰা জিলা উপায়ুক্ত মীনাক্ষী দাস নাথৰ লগতে পূৰ্বৰ উপায়ুক্ত বর্ণালী ডেকাই।

অনলাইন বজাৰৰ জৰিয়তে আত্মসহায়ক গোটসমূহৰ স্থানীয়ভাৱে উৎপাদিত সামগ্ৰী তথা তৈয়াৰ কৰা সামগ্রী বিক্ৰী কৰাৰ ব্যৱস্থা কৰাৰ বাবেই গোৱালমাৰ্ট নামৰ এখন বিপনী খোলা হয়। গোৱালমাৰ্টৰ জৰিয়তে জনজাতীয় থলুৱা খাদ্য সম্ভাৰৰ লগতে সাংস্কৃতিক সামগ্ৰীৰো বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। কৃষিজাত সামগ্ৰী যেনে ক’লা ধানৰ চাউল, ড্রেগন ফল, চুইট মাল্টা, কোকোৱা, কল, হস্তশিল্প, শীতল পাটী আদি সামগ্ৰীসমূহ গোৱালমার্টৰ জৰিয়তে যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে।

এই সামগ্ৰীসমূহ অনলাইনৰ জৰিয়তে বিক্ৰী কৰি জিলাৰ আত্মসহায়ক গোটৰ লগতে নিবনুৱা লাভাম্বিত হৈছে। ইয়াৰ পূৰ্বে স্থানীয় থলুৱা সামগ্ৰীসমূহ বিক্ৰী কৰিবলৈ উপযুক্ত বজাৰ নাছিল। সেয়ে গোৱালপাৰা জিলা প্রশাসনে অনলাইন বজাৰৰ পৰিকল্পনা কৰিছিল। ভাৰত চৰকাৰৰ নীতি আয়োগে গোৱালপাৰা জিলাক ২০১৮-১৯বর্ষত আকাংক্ষিত জিলা হিচাপে ঘোষণা কৰাত উত্তৰ-পূৱ পৰিষদে যোগান ধৰা পুঁজিৰে নিৰ্মাণ কৰা হৈছিল গোৱালমার্ট।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

E-20 ইন্ধন ব্যৱহাৰৰ সপক্ষে কেন্দ্ৰৰ স্পষ্টীকৰণ; ছ’চিয়েল মিডিয়াৰ ‘ভ্ৰান্ত খবৰ’ক গুৰুত্ব নিদিবলৈ গ্ৰাহকক আহ্বান

দেশত ইথানল মিশ্ৰিত পেট্ৰ’ল (EBP) কাৰ্যসূচীৰ সপক্ষে কেন্দ্ৰীয় পেট্ৰ’লিয়াম...

অসম বাজেট ২০২৬-২৭: ১৮খন ধ্বজাবাহী আঁচনি আৰু ব্যাপক সংস্কাৰমূলক পদক্ষেপ ঘোষণা বিত্তমন্ত্ৰীৰ

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২০২৭ বিত্তীয় বৰ্ষৰ বাবে...