অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে দিছপুৰৰ জনতা ভৱনত কৰ্মৰত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নতুন পোছাক বিধি জাৰি কৰিছে। কাৰ্যালয়ত কৰ্মৰত একাংশ কৰ্মচাৰীৰ পোছাক পৰিধানৰ ধৰণে শালীনতা আৰু চৰকাৰী কৰ্মচাৰীৰ ভাবমূৰ্তিত নেতিবাচক প্ৰভাৱ পেলোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ পৰিপ্ৰেক্ষিতত এই নিৰ্দেশনা জাৰি কৰা হৈছে।
নতুন নিৰ্দেশনা অনুসৰি, জনতা ভৱনত কৰ্মৰত সকলো শ্ৰেণীৰ চৰকাৰী কৰ্মচাৰীয়ে কাৰ্যালয়ৰ সময়, চৰকাৰী সভা, অনুষ্ঠান, বৈঠক আৰু প্ৰশিক্ষণ কাৰ্যসূচীত শালীন, পৰিপাটি আৰু পেছাদাৰী পোছাক পৰিধান কৰিব লাগিব। পুৰুষ কৰ্মচাৰীসকলৰ বাবে আনুষ্ঠানিক পেণ্ট-চাৰ্ট আৰু কুৰ্তা, ধুতি-পায়জামাৰ দৰে পৰম্পৰাগত ভাৰতীয় পোছাক অনুমোদন কৰা হৈছে। আনহাতে, মহিলা কৰ্মচাৰীসকলে শালীন ছালৱাৰ-চ্যুট, শাৰী অথবা মেখেলা-চাদৰ পৰিধান কৰিব পাৰিব।
নিৰ্দেশনাত টি-চাৰ্ট, জিনছ, টিউনিক আৰু লেগিংছৰ দৰে অনানুষ্ঠানিক পোছাক পৰিধানৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে। চৰকাৰী প্ৰশিক্ষণ প্ৰতিষ্ঠান, সচিবালয় প্ৰশিক্ষণ বিদ্যালয় আৰু অসম প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয়ত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীৰ সময়তো এই পোছাক বিধি মানি চলিব লাগিব।
ইয়াৰ লগতে কাৰ্যালয়ৰ পৰিৱেশৰ উপযোগী আনুষ্ঠানিক জোতা পৰিধান কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ক্ৰকছ, ফ্লিপ-ফ্লপ আৰু অনুৰূপ অনানুষ্ঠানিক জোতা পৰিধানৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। কৰ্মচাৰীসকলে পৰিপাটি, শালীন, মৃদু ৰঙৰ আৰু চকুত নলগা পোছাক পৰিধান কৰিব লাগিব। কাৰ্যালয়ৰ কৰ্তব্য পালন, সভা আৰু প্ৰশিক্ষণৰ সময়ত পাৰ্টি বা অতি অনানুষ্ঠানিক পোছাক পৰিধান কৰাটো নিষিদ্ধ কৰা হৈছে।
এই নিৰ্দেশনা তাৎক্ষণিকভাৱে কাৰ্যকৰী হ’ব বুলি জাননীখনত উল্লেখ কৰা হৈছে। পোছাক বিধি উলংঘা কৰা কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু প্ৰয়োজন অনুসৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে বুলি অসম চৰকাৰে স্পষ্ট কৰি দিছে।
