পিছুৱাব নেকি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাহৰকটীয়াৰ অধিৱেশন?

ফেব্ৰুৱাৰী মাহত ৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশন। ৪,৫ আৰু ৬ ফেব্ৰুৱাৰীত নাহৰকটীয়া ৰাঙলী-কলীয়াপানী পথাৰৰ ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত চলিছে ব্যাপক প্ৰস্তুতি। প্ৰায় ১,২৫০ বিঘা মাটি সামৰি অনুষ্ঠিত হ’বলগীয়া এই অধিৱেশনখনৰ ৭০ শতাংশ কাম ইতিমধ্যে শেষ হৈছে আৰু অধিৱেশনৰ পুঁজিৰ ৫০ শতাংশ ধন সংগ্ৰহ কৰা হৈছে।

অধিৱেশনস্থলীৰ আশে পাশে নিৰ্মাণ হৈ থকা ২৬ কিঃমি পথ নিৰ্মাণৰ ৫০ শতাংশ কামো ইতিমধ্যে শেষ হৈছে। ইয়াৰ লগতে আদৰণি সমিতিসহ ডিব্ৰুগড়, মৰাণ, নাহৰকটীয়া, দুলীয়াজান, টিংখাঙৰ ব্যক্তি বিশেষ, দল-সংগঠনৰ তৰফৰ পৰা অধিৱেশনথলীলৈ অহা পথত প্ৰায় ২০০ খন তোৰণ নিৰ্মাণ কৰা হ’ব। অধিৱেশন উপলক্ষে প্ৰকাশ পাবলগীয়া স্মৃতিগ্ৰন্থখন ৪টা ভাষাত প্ৰকাশ হোৱাৰ লগতে অংকীয়া নাটৰ সম্পৰ্কে এখন গৱেষণামূলক গ্ৰন্থ আৰু ডিব্ৰুগড় জিলাৰ ইতিহাস সামৰি এখন গ্ৰন্থও প্ৰকাশ পাব। গ্ৰন্থমেলাত থাকিবলগীয়া ৬৫০খন বিপণীৰ ভিতৰত ৪০০খন গ্ৰন্থ বিপনী ইতিমধ্যে বুকিং হৈছে। আনহাতে, ভাগৱত শোভাযাত্ৰাত প্ৰায় ২০০টা দলে অংশগ্ৰহণ কৰিব। কভিড পৰিস্থিতি অৱনমিত হলে চৰকাৰৰ প্রট’কল মানি অধিৱেশন অনুষ্ঠিত কৰা হ’ব বুলি সদৰি কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...