কামৰূপ মহানগৰ জিলা আয়ুক্ত হিচাপে সুমিত ছাত্তাৱানৰ যোগদান

কামৰূপ মহানগৰ জিলা আয়ুক্ত হিচাপে আজি দায়িত্বভাৰ গ্ৰহণ কৰে ২০১৫ বৰ্ষৰ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া সুমিত ছাত্তাৱানে। ৰাজ্য চৰকাৰৰ শেহতীয়া এক নিৰ্দেশযোগে কৰ আয়ুক্ত হিচাপে বদলি হোৱা পল্লৱ গোপাল ঝাৰ স্থলাভিষিক্ত হৈছে সুমিত ছাত্তাৱান। আজি তেওঁ পল্লৱ গোপাল ঝাৰ পৰা কামৰূপ মহানগৰ জিলা আয়ুক্তৰ দায়িত্ব গ্ৰহণ কৰে।

ইয়াৰ পূৰ্বে সুমিত ছাত্তাৱানে লখিমপুৰ জিলা আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ আজি বিয়লি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সভাত জিলা আয়ুক্ত কাৰ্যালয়ৰ বিষয়া – কৰ্মচাৰীসকলে পল্লৱ গোপাল ঝাক বিদায় সম্বৰ্ধনা জনাই। একেখন সভাতে সুমিত ছাত্তাৱানক আনুষ্ঠানিক ভাৱে আদৰণি জনোৱা হয়।

NKTV Digital
Author: NKTV Digital

1748 COMMENTS

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...