অসমত বিজেপি জয়ী হোৱাৰ একমাত্ৰ কাৰণ মোদী : মুখ্যমন্ত্ৰী

অসমৰ জনতাই ভোট নিদিয়ে হিমন্ত বিশ্ব শৰ্মাক। মু্খ্যমন্ত্ৰী হিমন্ত বিশ্বই অসমত জয়ীও কৰোৱাব নোৱাৰে বিজেপিক। এই কথা নিজ মুখে ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰ পাছতেই শৰ্মাক সমালোচনা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ।

অসমৰ জনতাই ভোট নিদিয়ে হিমন্ত বিশ্ব শৰ্মাক
সাংবাদিকৰ সন্মুখত অকপট স্বীকাৰোক্তি মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্ৰীয়ে ভোট খুজি জয়ী কৰাবও নোৱাৰে বিজেপিক

অসম বিজেপিৰ সংখ্যাৰেই ৪৪লাখ কৰ্মকৰ্তাৰ যেন কষ্ট, চেষ্টা অনৰ্থক। অৰ্থহীন বিধায়ক-সাংসদ-মন্ত্ৰী-মুখ্যমন্ত্ৰীৰ মুখ, প্ৰচাৰ। সেইবোৰে অসমত বিজেপিক কেতিয়াও জয়ী কৰোওৱা নাছিল ভৱিষ্যতেও নোৱাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে ক’লে, অসমত বিজেপি জয়ী হোৱাৰ একমাত্ৰ কাৰণ মোদী।

মোদীৰ মুখেই জয়ী কৰোৱাই বিজেপিক
সাংবাদিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিছিল তিনি ৰাজ্যত বিজেপিৰ জয়ৰ কৃতিত্ব কাৰ। উত্তৰত মুখ্যমন্ত্ৰীয়ে ক’লে –

অসমতো মোদী ডাঙৰীয়াৰ কাৰণেই ভোট পাম
স্বীকাৰোক্তি হিমন্ত বিশ্বৰ
‘হিমন্ত বিশ্ব শৰ্মাক চাই কোনেও ভোট নিদিয়ে’

এই মন্তব্যৰ উদ্ধৃতি দিয়েই প্ৰতিক্ৰিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। আচল কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই কৈ দিলে।

অকপট স্বীকাৰোক্তি মুখ্যমন্ত্ৰীৰ
‘মোৰ নামত নিৰ্বাচন নহয়’
‘মই জিকাব নোৱাৰো’
জিকিলে সমষ্ট কৃতিত্ব মোদী ডাঙৰীয়াৰ

সমালোচনা ভূপেন বৰাৰ। হয়তো মোদীক ভালৰি লগাবলৈকে নাইবা মোদী ঢৌ যাতে ২৪ৰ পূৰ্বে পূৰ্ণগতিত অসমত বলে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই সেই কথা কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু সুযোগ ভূপেন বৰালৈ। এই কথাৰে যেন মুখ্যমন্ত্ৰীয়ে বুজালে অসমত বিজেপি জিকিব। অসমত হিমন্ত বিশ্ব নাইবা আন কোনোবা মুখ্যমন্ত্ৰী হ’ব। অসমত লোকসভা নিৰ্বাচনত বিজেপিৰ যি ফলাফল হ’ব সেয়া কেৱল মোদীৰ নামত। কেৱল মোদীৰ নামত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

কোকৰাঝাৰৰ শান্তি নগৰৰ ডাবল মাৰ্ডাৰৰ অভিযুক্তক গ্ৰেপ্তাৰ

কোকৰাঝাৰৰ শান্তি নগৰৰ ডাবল মাৰ্ডাৰৰ অভিযুক্তক গ্ৰেপ্তাৰ। অভিযুক্ত জোঁৱাই...

সমগ্ৰ দেশত শুকুৰবাৰে উদযাপন হ’ল ২৫ সংখ্যাক কাৰ্গিল বিজয় দিৱস

সমগ্ৰ দেশত শুকুৰবাৰে উদযাপন হ’ল ২৫ সংখ্যাক কাৰ্গিল বিজয়...

পখিলাৰ প্ৰেমত এজন আৰক্ষীৰ জোৱান ‌‌

আপোনাৰ বাৰু প্ৰকৃতিৰ প্ৰতি কিমান প্ৰেম আছে? কোৱা হয়,...

নাই বুলিয়েই নোহোৱা হৈ গ’ল ৰমেন দা

২২ জুলাইৰ পৰা ১টা ২টা কৈ ১০০টা ঘণ্টা পাৰ...