কামৰূপ মহানগৰ জিলা আয়ুক্ত হিচাপে সুমিত ছাত্তাৱানৰ যোগদান

কামৰূপ মহানগৰ জিলা আয়ুক্ত হিচাপে আজি দায়িত্বভাৰ গ্ৰহণ কৰে ২০১৫ বৰ্ষৰ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া সুমিত ছাত্তাৱানে। ৰাজ্য চৰকাৰৰ শেহতীয়া এক নিৰ্দেশযোগে কৰ আয়ুক্ত হিচাপে বদলি হোৱা পল্লৱ গোপাল ঝাৰ স্থলাভিষিক্ত হৈছে সুমিত ছাত্তাৱান। আজি তেওঁ পল্লৱ গোপাল ঝাৰ পৰা কামৰূপ মহানগৰ জিলা আয়ুক্তৰ দায়িত্ব গ্ৰহণ কৰে।

ইয়াৰ পূৰ্বে সুমিত ছাত্তাৱানে লখিমপুৰ জিলা আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ আজি বিয়লি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সভাত জিলা আয়ুক্ত কাৰ্যালয়ৰ বিষয়া – কৰ্মচাৰীসকলে পল্লৱ গোপাল ঝাক বিদায় সম্বৰ্ধনা জনাই। একেখন সভাতে সুমিত ছাত্তাৱানক আনুষ্ঠানিক ভাৱে আদৰণি জনোৱা হয়।

NKTV Digital
Author: NKTV Digital

1748 COMMENTS

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...