দুভৰিৰ যাদু, মিৰ্জাত আয়োজন ডায়েট ফুটবল টুৰ্নামেণ্টৰ

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান কামৰূপ, চমুকৈ ডায়েট কামৰূপে অহা ১৩-১৫ ডিচেম্বৰ ২০২৩ত এখনি সদৌ অসম ডায়েট ফুটবল টুৰ্নামেণ্টৰ আয়োজন কৰিছে। ৰাজ্যৰ শিক্ষা আৰু প্ৰশিক্ষণ খণ্ডৰ সৰহ সংখ্যক প্ৰতিষ্ঠানে অংশ ল’ব লগা এই টুৰ্নামেণ্ট অনুষ্ঠিত হ’ব মিৰ্জাৰ ডায়েট কেম্পাছ তথা নিকটৱৰ্তী আৰ বি স্কুল খেলপথাৰত। ১৩ তাৰিখৰ খেল উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ ল’ব পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। সন্মানীয় অতিথি হিচাপে অংশ ল’ব ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ সঞ্চালক ড° নিৰদা দেৱী আৰু দক্ষিণ কামৰূপ ছোৱালী কলেজৰ অধ্যক্ষ ড° নৰকান্ত অধিকাৰীয়ে।

খেলখন উদ্বোধন কৰিব ৰাজ্যিক খেলুৱৈ তথা সহযোগী অধ্যাপক পুষ্পজ্যোতি ওজাই। সদৌ অসম ডায়েট বিষয়া সন্থাৰ সভাপতি কিশোৰ দাস আৰু সম্পাদক প্ৰদীপ কুমাৰ দাসো আমন্ত্ৰিত অতিথি হিচাপে এই তিনিদিনীয়া কাৰ্যসূচীত উপস্থিত থাকিব। ডায়েটখনৰ অধ্যক্ষা ড° পংকজা বৰুৱাই এক বিবৃতিযোগে জনোৱামতে পোন প্ৰথমবাৰৰ বাবে ডায়েট কামৰূপ মিৰ্জাত এই সদৌ অসম ফুটবল টুৰ্নামেণ্ট আয়োজন কৰা হৈছে। এক চৰকাৰী শিক্ষা প্ৰতিষ্ঠান হিচাপে টুৰ্নামেণ্টখনৰ লগত সংগতি ৰাখি ১৩ আৰু ১৪ তাৰিখে বিয়লি শৈক্ষিক আৰু সাংস্কৃতিক কাৰ্যসূচীৰো এক আয়োজন কৰা হৈছে। অনুক্ৰমে ক্ৰীড়া সমন্বিত শিক্ষণ-শিকন বিষয়ক এখনি আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে।

এই কাৰ্যসূচী উদ্বোধন কৰিব গুৱাহাটী বিশ্ববিদ্যালয় দুৰৱৰ্তী শিক্ষা প্ৰতিষ্ঠানৰ সঞ্চালক ড° দেৱহৰি তালুকদাৰে। আলোচনা আগবঢ়াব দক্ষিণ কামৰূপ কলেজৰ সহযোগী অধ্যাপক মানস প্ৰতীম বৰুৱাই। ১৪ তাৰিখে ‘গুৰুবাৰ্তা আলোচনী উন্মোচন কৰি শৈক্ষিক আলোচনাত অংশ ল’ব অৱসৰী আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰে। অসমৰ বিভিন্ন ডায়েটৰ অধ্যক্ষ, প্ৰবক্তা তথা প্ৰশিক্ষাৰ্থী উপস্থিত থাকিব লগা এই তিনিদিনীয়া কাৰ্যসূচীত উপস্থিত থাকিবলগীয়া বিশিষ্ট অতিথিসকল হ’ল কামৰূপৰ বিদ্যালয় পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া, বাণীকান্ত শিক্ষন কলেজৰ অধ্যক্ষা ড° মৌচুমী বৰদলৈ, পাণ্ডু কলেজৰ উপাধ্যক্ষা ড° চন্দনা সিনহা ৰয়, ছয়গাঁও শিক্ষন কলেজৰ অভিজিৎ দেৱ অধিকাৰী, এন ডি আৰ এফৰ কমাণ্ডেণ্ট বিষয়া আদি।

সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব সুখ্যাত শিল্পী ড° সংগীতা কাকতিয়ে। অতিথি শিল্পী অবিনাশ নেওগ, ৰিয়াজ তালুকদাৰ আৰু সুৰজিৎ ৰাভাই গীত পৰিৱেশন কৰিব। এই ক্ৰীড়া আৰু শৈক্ষিক অনুষ্ঠানত ডায়েট কামৰূপ পৰিয়ালে ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগ একান্তই কামনা কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...