এফালে শিক্ষয়িত্ৰী আনফালে ছাত্ৰ, জাগীৰোডত নিজকে শেষ কৰি পেলালে ছাত্ৰই

জাগীৰোডৰ কনাবৰীত শোকাৱহ ঘটনা। পিতৃ-মাতৃ ঘৰত নথকা অৱস্থাত জীৱনৰ চৰম সিদ্ধান্ত ললে ছাত্ৰই। চিপ লোৱা অৱস্থাত শোৱনি কোঠাত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ। মৃত যুৱকজন নান্টু মজুমদাৰৰ কনিষ্ঠ পুত্ৰ ৰাজদ্বীপ মজুমদাৰ। পৰিয়ালৰ লোকে জনোৱা অনুসৰি পুৱা বহু দেৰিলৈকে শোৱনি কোঠাৰ দুৱাৰ নোখোলাত পৰিয়ালৰ লোকৰ সন্দেহ ওপজে। কেইবাবাৰো মতাত কোনো সঁহাৰি নাপাই দুৱাৰ ভাঙি কোঠাত প্ৰৱেশ কৰাত চিপ লৈ ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ছাত্ৰজনক। পৰৱৰ্তী পৰ্যায়ত জাগীৰোড আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। কি কাৰণত ছাত্ৰজনে নিজকে শেষ কৰি পেলালে তাকে লৈ আচম্বিত হৈ পৰিছে চুবুৰীয়া।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...

নিজে লাভ কৰা নোবেল বঁটা ট্ৰাম্পক দিলে মাচাডোৱে, এই বঁটা হস্তান্তৰ কৰিব পাৰিনে?

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি...

চীন, ভাৰত আৰু ইউৰোপ… নতুন বিশ্ব ব্যৱস্থাৰ কথা কিয় চলিছে, কানাডা নেতা হ’ব নেকি?

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে বিশ্ব বাণিজ্যৰ দিশ নিৰ্ধাৰণৰ অভিযানত...